শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যত স্থাপন হ’ব তিনিখন বিশেষ পেট কেয়াৰ হাস্পতাল, কোন কোন জিলাত নিৰ্মাণ হ’ব এই হাস্পতাল কেইখন ?

ৰাজ্য়বাসীয়ে লাভ কৰিব ৩ খন বিশেষ পেট কেয়াৰ হাস্পতাল আৰু পাঁচখন পশু চিকিৎসালয় । আজি সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰে অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

ৰাজ্যত স্থাপন হ’ব তিনিখন বিশেষ পেট কেয়াৰ হাস্পতাল, কোন কোন জিলাত নিৰ্মাণ হ’ব এই হাস্পতাল কেইখন ?
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 02 May 2025 15:26 PM

ৰাজ্যবাসীৰ বাবে ভাল খবৰ । ৰাজ্য়বাসীয়ে লাভ কৰিব ৩ খন বিশেষ পেট কেয়াৰ হাস্পতাল আৰু পাঁচখন পশু চিকিৎসালয় । আজি সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰে অসমৰ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । পিছে এই হাস্পতাল কেইখন ক’ত স্থাপন কৰা হ’ব জানক ।

মুখ্য়মন্ত্ৰী সামাজিক মাধ্যমৰ জৰিয়তে কয় যে, জীৱ-জন্তুৰ চিকিৎসাৰ বাবে অসম চৰকাৰে ৰাজ্যজুৰি তিনিখন পেট কেয়াৰ হাস্পতাল আৰু পাঁচখন পশু চিকিৎসাৰ সুবিধা স্থাপন কৰিব। তেওঁ কয়, “আমাৰ মৰমৰ বন্ধুসদৃশ জীৱকুলৰ বাবে বিশেষ যত্ন! অসম চৰকাৰে ২০২৫ চনৰ শেষৰ ফালে কাৰ্যক্ষম হোৱাকৈ ৩খন পেট কেয়াৰ হাস্পতাল বিকশিত কৰাৰ বাবে এক ব্যাপক পৰিকল্পনা হাতত লৈছে।” এক্সৰ এটা পোষ্টত এইদৰে কয় মুখ্যমন্ত্ৰী শৰ্মাই।

জীৱ-জন্তুৰ চিকিৎসাৰ সহায়ৰ বাবে ৰাজ্যজুৰি আন পাঁচখন পশু চিকিৎসালয়ো স্থাপন কৰা হৈছে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে । গুৱাহাটী, বোকাখাত আৰু ডিব্ৰুগড়ত পেট কেয়াৰ হাস্পতাল স্থাপন কৰাৰ বিপৰীতে কামৰূপ, গোলাঘাট, লখিমপুৰ, তিনিচুকীয়া আৰু শিৱসাগৰত আন পাঁচখন পশু চিকিৎসালয় স্থাপন কৰা হৈছে ।

উল্লেখ্য যে, আজি শুকুৰবাৰে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্য়ে ১৪ খন জিলাত চলি আছে । আন বাকী থকা জিলা কেইখনত অহা ৭ মে’ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । একে সময়তে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰো অব্যাহত ৰাখিছে ৰাজনৈতিক দলসমূহে । ইয়াৰ মাজতে বিশেষ তিনিখন পেট কেয়াৰ হাস্পতাল স্থাপনৰ পৰিকল্পনা কৰাৰ কথা সদৰী কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে ।