শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Today’s Rashifal: দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটো কিছুমান ৰাশিৰ বাবে ভাল। আৰ্থিক দিশত উন্নতি হোৱাৰ সম্ভাৱনা আছে। ইফালে কিছুমান সাৱধান হোৱা দৰকাৰ।

Today’s Rashifal: দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 24 Oct 2025 06:00 AM

আজি ২৪ অক্টোবৰ, ২০২৫। আজিৰ দিনটোৰ ৰাশিফল তলত উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটোত আপোনাৰ মান-সন্মান বৃদ্ধি হ’ব পাৰে। কোনো কামৰ পৰা ভাল ফল লাভ কৰিব পাৰে। কোনো সম্পদ ক্ৰয় কৰিব পাৰে। খৰচ বৃদ্ধি হ’ব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ বাধা দূৰ হ’ব পাৰে। স্বাস্থ্য ভাল যাব। সিদ্ধান্ত লওতে সাৱধান।

বৃষ ৰাশিঃ আজি আপুনি ব্যৱসায় ক্ষেত্ৰখনত সাৱধান হোৱা ভাল। মান-সন্মান বৃদ্ধি পাব পাৰে। অচিনাক্ত লোকক বিশ্বাস নকৰিব। মনৰ কোনো ইচ্ছা পূৰণ হ’ব। স্বাস্থ্যজনিত কোনো সমস্যাই দেখা দিব পাৰে। আৰ্থিক দিশত সাৱধান হোৱা ভাল।

মিথুন ৰাশিঃ আজি আপোনাৰ দিনতো সমস্যাৰে ভাৰত্ৰান্ত হ’ব পাৰে। কথা কওতে সাৱধান হোৱা ভাল। সামাজিক কামত অংশগ্ৰহণ কৰিব পাৰে। সম্পদক লৈ চলি থকা বিবাদ দূৰ হ’ব পাৰে। চাকৰি কৰাসকলৰ বাবে দিনটো ভাল। পৰিয়ালত কোনো সমস্যাই দেখা দিব পাৰে।

কৰ্কট ৰাশিঃ আজি আপোনাৰ দিনটো ভাল হ’ব। বিশিষ্ট লোকৰ সহায় লাভ কৰিব। আয়ৰ নতুন বাট মুকলি হ’ব পাৰে। আইনৰ কামত সমস্যা আহিব পাৰে। কোনো কাম সম্পূৰ্ণ নোহোৱাৰ বাবে চিন্তাত থাকিব পাৰে। খৰচৰ ওপৰত গুৰুত্ব দিব। স্বাস্থ্য ভাল। প্ৰেমত শুভ।

সিংহ ৰাশিঃ আজি হাতলৈ ধন আহিব পাৰে। নিজৰ কামত সম্পূৰ্ণ সফলতা লাভ কৰিব। ভ্ৰমণৰ সম্ভাৱনা আছে। সন্তানৰ কোনো কথাক লৈ চিন্তা হ’ব পাৰে। নতুন কাপোৰ বা মোবাইল আদি ক্ৰয় কৰিব পাৰে। সতীৰ্থই সহায় কৰিব কামত।

কন্যা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে সুখময় হ’ব। কোনো আলহী আহিব পাৰে। ব্যৱসায়ত গুৰুত্ব দিয়া দৰকাৰ। পিতৃৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। আনৰ পৰা ধন ধাৰলৈ নোলোৱা ভাল। আনৰ কথাত বিশ্বাস নকৰিব। নতুন সুযোগ পাব পাৰে।

তুলা ৰাশিঃ বিনিয়োগৰ ক্ষেত্ৰখনত আজি আপোনাৰ দিনটো ভাল। সুখ-সুবিধা বৃদ্ধি পাব। ঘৰৰ বাবে কোনো বস্তু ক্ৰয় কৰিব পাৰে। মনৰ কোনো ইচ্ছা পূৰণ হ’ব পাৰে। ভ্ৰমণৰ কোনো পৰিকল্পনা তৈয়াৰ কৰিব পাৰে। নিজৰ গোপন কথা আনক শ্বেয়াৰ নকৰিব। প্ৰেমত ভাল।

বৃশ্চিক ৰাশিঃ আজিৰ দিনটোৱে আপোনাৰ বাবে ইতিবাচক পৰিণাম আনিব পাৰে। কোনো কামত লৈ মাতৃৰ পৰামৰ্শ ল’ব লাগিব পাৰে। ভ্ৰমণৰ যোগ আছে। পৰিয়ালত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। শিক্ষাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিয়া ভাল। আৰ্থিক দিশত ভাল।

ধনু ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। আনন্দৰে পাৰ হ’ব। আনৰ কথাত বেছি হস্তক্ষেপ নকৰিব। ব্যৱসায়ত সফলতা লাভ কৰিব পাৰে। চাকৰিৰ কামৰ বাবে বাহিৰলৈ যাব লাগিব পাৰে। স্বাস্থ্য ভাল। পৰিয়ালৰ সৈতে ভাল সময় কটাব।

মকৰ ৰাশিঃ আজি আপোনাৰ পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। দিনটো কামৰ বাবে ব্যস্ত থাকিব। ব্যক্তিগত আৰু কেৰিয়াৰত সফলতা লাভ কৰিব পাৰে। ভাগ্যই লগ দিব। নতুন কিবা কৰাৰ চেষ্টা কৰিব পাৰে। ভাল পৰিণাম আহিব। পাবলগীয়া ধন ঘূৰাই পাব। যাৰ বাবে সুখী হ’ব। ব্যৱসায়ত লাভ হ’ব।

কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। আয় বৃদ্ধি পাব। হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। উন্নতিৰ নতুন নতুন পথ মুকলি হ’ব। আনৰ কথাত বেছি মাত নামাতিব। বাহন ক্ৰয়কৰাৰ সম্ভাৱনা আছে। প্ৰেমত শুভ। স্বাস্থ্য ভালে যাব।

মীন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক হ’ব। পৰিশ্ৰমৰ ভাল ফল লাভ কৰিব। কাৰোবাৰ পৰা উপহাৰ লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত ভাল ফল লাভ কৰিব। যাৰ বাবে আপুনি সুখী হ’ব। প্ৰেমত শুভ। আজি কিবা নতুন বস্তু ক্ৰয় কৰিব পাৰে।