শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Chhath Puja 2025: ষট পূজাত কপাল ফুলিব ৫ ৰাশিৰ লোকৰ! জীৱনলৈ আহিব ভাল দিন…

Chhath Puja 2025: হিন্দু ধৰ্মত ষট পূজাৰ বিশেষ গুৰুত্ব আছে। বিশেষকৈ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ আদিত এই পূজা কৰা দেখা যায়। কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত এই পূজা অনুষ্ঠিত কৰা হয়।

Chhath Puja 2025: ষট পূজাত কপাল ফুলিব ৫ ৰাশিৰ লোকৰ! জীৱনলৈ আহিব ভাল দিন…
ষট পূজাImage Credit source: Unsplash
barasha-sarma
Barasha Sarma | Published: 22 Oct 2025 23:02 PM

হিন্দু ধৰ্মত ষট পূজাৰ বিশেষ মহত্ব আছে। চাৰিদিনীয়া এই উৎসৱ দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হয়। ইয়াৰ ৰীতি-নীতিসমূহৰ ভিতৰত পৱিত্ৰ স্নান, নিৰ্জলা ব্ৰত, বহু সময় পানীত সোমাই থকা, সূৰ্যক প্ৰাৰ্থনা আৰু উদিত আৰু ডুব যোৱা সূৰ্যক অৰ্ঘ প্ৰদান কৰা। এই পূজাত উদিত আৰু ডুবিত সূৰ্যক পূজা কৰা হয়।

এইবাৰ ২৫ অক্টোবৰ, ২০২৫ ৰ পৰা ২৮ অক্টোবৰ ২০২৫ লৈ চলিব ষট পূজা। জ্যোতিষীসকলৰ মতে এই পূজাৰ প্ৰভাৱ কিছুমান ৰাশিৰ ওপৰত অতি বিশেষ হ’ব।

তলত সেই ৰাশিসমূহৰ বিষয়ে উল্লেখ কৰা হ’ল-

মেষ ৰাশিঃ এই ৰাশিৰ বাবে ষট পূজাৰ সময়খিনি ভাল হ’ব পাৰে। সূৰ্য দেৱতাৰ আশীৰ্বাদত ব্যৱসায়ত লাভ পাব পাৰে। বাকী থকা কাম সম্পূৰ্ণ হ’ব পাৰে। লগতে আত্মবিশ্বাস বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

সিংহ ৰাশিঃ সিংহ ৰাশিক সূৰ্যৰ ৰাশি বুলি কোৱা হয়। যাৰ বাবে এই  ৰাশিৰ লোকৰ বাবে ষট পূজা অতি শুভ হ’ব। এই সমচোৱাত এই ৰাশিৰ লোকে সন্মান লাভ কৰিব পাৰে। ইয়াৰোপৰি নেতৃত্বৰ সুবিধা লাভ কৰিব পাৰে। পদোন্নতিৰ সম্ভাৱনা আছে। স্বাস্থ্য ভাল থাকিব।

মকৰ ৰাশিঃ এই ৰাশিৰ লোকৰ বাবেও এই সময়খিনি ভাল। বাকী থকা কাম সম্পূৰ্ণ হ’ব। কেৰিয়াৰত উন্নতি হ’ব। চাকৰিৰ সুযোগ লাভ কৰিব পাৰে। সূৰ্য দেৱতাৰ আশীৰ্বাদত আৰ্থিক উন্নতি হ’ব পাৰে। ভাগ্যই লগ দিব।

বৃষ ৰাশিঃ ষষ্ঠী মাৰ আশীৰ্বাদ লাভ কৰিব এই ৰাশিৰ লোকে। এওঁলোকৰ আৰ্থিক অৱস্থাত উন্নত হ’ব। হাতলৈ ধন আহিব পাৰে। আয়ৰ নতুন বাট মুকলি হ;ব। চাকৰি কৰাসকলৰ পদোন্নতি হব পাৰে।

বৃশ্চিক ৰাশিঃ এই ৰাশিৰ বাবে ষট পূজাৰ সময়খিনি ভাল হ’ব। ব্যৱসায়ত উন্নতি হোৱাৰ সম্ভাৱনা আছে। বিনিয়োগ কৰিল লাভ পাব পাৰে। ছঠি মাৰ আশীৰ্বাদত পৰিয়াললৈ ভাল দিন আহিব পাৰে। মানসিক শান্তি লাভৰ সম্ভাৱনা।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)।

 

অন্য খবৰ পঢ়কঃ Guava Benefits: বগা নে ৰঙা? কোনবিধ মধুৰিআম সবাতোকৈ বেছি উপকাৰী, জানক সকলো…