পুৱাৰ সময়ত মূৰৰ বিষ হোৱাৰ কাৰণ, জানক...

23  OCT 2025

TV9 ASSAM

বহু সময়ত মানুহৰ পুৱাৰ সময়ত মূৰৰ বিষ হয়। ইয়াৰ আঁৰৰ বহু কাৰণ থাকে। এনে কেইটামান কাৰণত উল্লেখ কৰা হ'ল। অৱশ্যে অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

মূৰৰ বিষ

যদি নিশা টোপনি সম্পূৰ্ণ নহয়, বাৰে বাৰে টোপনি ভাগি যায় বা অনিদ্ৰাৰ সমস্যা আছে তেনে লোকৰ পুৱা মূৰৰ বিষ হ'ব পাৰে। অক্সিজেন কম হোৱাৰ ফলত পুৱা মূৰৰ বিষ হয়।

টোপনিৰ অভাৱ

দিল্লীৰ বিশিষ্ট চিকিৎসক ডাঃ অজয় কুমাৰে কয় যে, যদি আপোনাৰ শৰীৰক পানীৰ অভাৱ হয় তেতিয়া ডিহাইড্ৰেশ্যন হ'ব পাৰে। ইয়াৰ ফলত তেজৰ চলাচলত প্ৰভাৱ পৰে, যাৰ ফলত পুৱা মূৰৰ বিষ হয়।

পানীৰ অভাৱ

যদি আপোনাৰ কোনো মানসিক চিন্তা থাকে বা অত্যধিক চাপ থাকে তেন্তে হৰম'ন বৃদ্ধি পায়। ইয়াৰ ফলত তেজৰ নলীবোৰ সংকুচিত হয়। যাৰ ফলত পুৱা মূৰৰ বিষ বা ওজন ওজন অনুভৱ হ'ব পাৰে।

মানসিক চাপ

যদি মূৰত কেতিয়াবা ডাঙৰ আঘাত লাগে তেন্তে ইয়াৰ ফলত মূৰৰ বিষ হ'ব পাৰে। বিশেষকৈ পুৱাৰ সময়ত এই মূৰৰ বিষ হ'ব পাৰে। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

আঘাত

নিশা শুৱাৰ সময়ত কিছুমানৰ ছাইনছ ব্লোকেজ হৈ যায়। যাৰ ফলত পুৱা সাৰ পোৱাৰ লগে লগে মূৰ আৰু চকুৰ আশে পাশে বিষ হ'ব পাৰে।

ছাইনাছ ব্লোকেজ

কিছুমান ক্ষেত্ৰত ব্ৰেইন টিউমাৰৰ ফলতো পুৱা সাৰ পোৱাৰ লগে লগে মূৰৰ বিষ হ'ব পাৰে। এই বিষ সাধাৰণে তীব্ৰ হয়। যদি দীৰ্ঘদিন মূৰৰ বিষৰ সমস্যাত ভুগি থাকে তেন্তে বিশেষজ্ঞৰ সহায় লোৱা ভাল।

ব্ৰেইন

পঢ়িবলৈ ক্লিক কৰক 

এঞ্জেল নম্বৰ