শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Today’s horoscope: কেনে যাব দিন? চাওক শুকুৰবাৰৰ দিনটোৰ ৰাশিফল…

Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। প্ৰতিটো ৰাশিৰ প্ৰতিদিনে বেলেগ বেলেগ যোগ থাকে। আজিৰ দিনটো কিছুমানৰ বাবে ভাল আৰু কিছুমানৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব পাৰে।

Today’s horoscope: কেনে যাব দিন? চাওক শুকুৰবাৰৰ দিনটোৰ ৰাশিফল…
ৰাশিফলImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 17 Oct 2025 06:00 AM

আজি ১৭ অক্টোবৰ, শুকুৰবাৰ। আজিৰ দিনটোৰ ৰাশিফল তলত আগবঢ়োৱা হ’ল-

মেঘ ৰাশিঃ আজি আপোনাৰ জীৱনত কোনো সমস্যা আহিব পাৰে। মন অশান্ত হৈ থাকিব। কথা কওতে সাৱধান হ’ব। ধৈৰ্য ধৰি কাম কৰিব। আনৰ কথাত বেছি হস্তক্ষেপ নকৰিব। সম্পত্তিৰ ক্ষেত্ৰত সমস্যা আহিব পাৰে। ভ্ৰমণৰ যোগ আছে।

বৃষ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল-বেয়াৰ মাজেৰে পাৰ হ’ব। ব্যৱসায়ত উন্নতি হ’ব। কিন্তু সাৱধান হোৱা দৰকাৰ। আত্মীয়ৰ কোনো ভাল খবৰ লাভ কৰিব পাৰে। ঘৰলৈ আলহী আহিব পাৰে। স্বাস্থ্য ভালে যাব।

মিথুন ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। আইনী কামত সফলতা লাভ কৰিব। পৰিশ্ৰমৰ পৰা ভাল ফল লাভ কৰিব। পৰিয়ালৰ সৈতে কাজিয়া লাগিব পাৰে। মন শান্ত কৰাৰ চেষ্টা কৰিব। দুৰ্ঘটনাৰ সম্ভাৱনা আছে। হেৰোৱা বস্তু ঘূৰাই পাব পাৰে।

কৰ্কট ৰাশিঃ সম্পত্তিৰ দিশৰ পৰা আজি আপোনাৰ দিনটো ভাল। পাবলগীয়া ধন ঘূৰাই পাব। মন ভাল থাকিব। ৰাজনীতিৰ লগত জড়িতসকলে সাৱধান হোৱা ভাল। ঘৰ বা সম্পত্তি ক্ৰয় কৰিব পাৰে। সংগীক সন্মান কৰিব। স্বাস্থ্য ভাল যাব।

সিংহ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন হ’ব পাৰে। শত্ৰুৰ পৰা সাৱধান থাকিব। সম্পৰ্কত কোনো সমস্যা আহিব পাৰে। স্বাস্থ্যজনিত সমস্যাই দেখা দিয়াৰ সম্ভাৱনা আছে।

কন্যা ৰাশিঃ আজিৰ দিনটোত আপোনাৰ অধিক পৰিশ্ৰম হ’ব। নতুন মানুহক লগ পাব। শত্ৰুই সমস্যা দিব পাৰে। অচিনাকী লোকৰ পৰা আঁতৰত থাকক। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্য বেয়া হ’ব পাৰে। মন অশান্ত থাকিব।

তুলা ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে আনন্দময় হ’ব। বন্ধুৰ সমৰ্থন লাভ কৰিব। সা-সুবিধা বৃদ্ধি পাব। ধন সম্পৰ্কীয় সমস্যা দূৰ হ’ব। হাতলৈ ধন আহিব পাৰে। কোনো কামত সফলতা লাভ কৰিব পাৰে। সংগীৰ সৈতে মতানৈক্য হোৱাৰ সম্ভাৱনা।

বৃশ্চিক ৰাশিঃ আজি আপুনি ধৈৰ্য ধৰি কাম কৰা দৰকাৰ। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল। ব্যৱসায়ত সফলতা লাভ কৰিব পাৰে। সন্তানৰ পৰা কোনো ভাল খবৰ লাভ কৰিব পাৰে।

ধনু ৰাশিঃ আজিৰ দিনটোত আপোনাৰ অধিক ধন খৰচ হ’ব পাৰে। পিতৃৰ কোনো কথাই সমস্যাত পেলাব পাৰে। চাকৰিত সমস্যা আহিব পাৰে। জ্যেষ্ঠজনৰ সৈতে কাজিয়া লাগিব পাৰে। আনৰ কথাত বেছি হস্তক্ষেপ নকৰিব। স্বাস্থ্যত গুৰুত্ব দিব।

মকৰ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে বিশেষ হ’ব। কামত সফলতা লাভ কৰিব। ধন লাভৰ যোগ আছে। ব্যৱসায়ত উন্নতিৰ যোগ আছে। সামাজিক দিশত সন্মান লাভ কৰিব পাৰে। সংগীৰ সৈতে মতানৈক্য হ’ব পাৰে। স্বাস্থ্য ভালে যাব।

কুম্ভ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে ভাল। কোনো কাম সহজে হৈ উঠিব। চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। পুৰষ্কাৰ লাভৰ সম্ভাৱনা আছে। ভাই-ভগ্নীৰ সমৰ্থন লাভ কৰিব। ভ্ৰমণৰ যোগ আছে। স্বাস্থ্য ভালে যাব।

মীন ৰাশিঃ আজি আপোনাৰ দিনটো ভাল-বেয়াৰ মাজেৰে যাব। আনৰ সকলো কথাত বেছি বিশ্বাস নকৰিব। স্বাস্থ্যত গুৰুত্ব দিয়া দৰকাৰ। ওখ ঠাইলৈ যোৱাৰ পৰা  বিৰত থাকক।  আনৰ কথাত বেছি হস্তক্ষেপ নকৰিব।