Diwali 2025: দেৱালীৰ নিশা কৰক এই সহজ উপায়! ঘৰলৈ আহিব শান্তি, হ’ব আৰ্থিক উন্নতি…
Diwali 2025: হিন্দু ধৰ্মত দেৱালীৰ বিশেষ মহত্ব আছে। কোৱা হয়, এই দিনটোত কিছুমান উপায় কৰিলে মা লক্ষ্মী সন্তুষ্ট হয়, যাৰ ফলত ঘৰত আৰ্থিক উন্নতি হোৱা দেখা যায়।

হিন্দু ধৰ্মত পোহৰৰ উৎসৱ দেৱালীৰ বিশেষ মহত্ব আছে। প্ৰতিবছৰে কাতি মাহৰ অমাৱস্যাৰ দিনা এই উৎসৱ পালন কৰা হয়। এইবাৰ ২০ অক্টোবৰত দেৱালী পালন কৰা হ’ব। ধৰ্মীয় মান্যতা অনুসৰি,দেৱালীৰ নিশা পূজা কৰিলে দেৱী লক্ষ্মীৰ আশীৰ্বাদ পোৱা যায় আৰু ঘৰত সুখ-শান্তি বৃদ্ধি পায়।
ধৰ্মীয় মান্যতা অনুসৰি এনে কিছুমান উপায় আছে যি কৰিলে মা লক্ষ্মী সন্তুষ্ট হয়। দেৱালীৰ নিশা কৰিবলগীয়া কিছুমান উপায় তলত উল্লেখ কৰা হ’ল-
ন বা সাতমুখী চাকিঃ দেৱালীৰ নিশা ঘৰৰ মূল প্ৰৱেশদ্বাৰত বা মন্দিৰত সাত বা ন মুখৰ ঘিউৰ চাকি জ্বলাব পাৰে। এনে কৰিলে ঘৰত সুখ-শান্তি বৃদ্ধি পায়। ইয়াত আপুনি কপাহ ব্যৱহাৰ কৰিব পাৰে।
টোপোলাঃ দেৱালীৰ দিনা পাচটা কড়ি, ৫ টা পদুম আৰু হালধীয়া সৰিয়হ একেলগে বান্ধি লওক। পাছত সেয়া লক্ষ্মীৰ চৰণত অৰ্পন কৰক। ইয়াৰ পাছত ”ওমঃশ্ৰীম হ্ৰীম শ্ৰীম কমলে কমলায়ে প্ৰসিদ প্ৰসিদ শ্ৰীম হ্ৰীম হ্ৰীম মহালক্ষ্ম্যই নম” মন্ত্ৰ ১০৮ বাৰ জপ কৰক। এনে কৰিলে ধন নিৰাপদ হয়, লগতে ঘৰত সুখ-শান্তি বৃদ্ধি পাই বুলি কয়।
মখানাঃ দেৱালীৰ নিশা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ লক্ষ্মীক মখানা অৰ্পন কৰিব পাৰে। বিশ্বাস অনুসৰি, ইয়াৰ দ্বাৰা মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰা যায় লগতে আৰ্থিক সংকট দূৰ হয়।
শংখ বজোৱাঃ দেৱালীৰ নিশা শংখ বজোৱা ভাল বুলি কোৱা হয়। এনে কৰিলে ঘৰৰ পৰা ঋণাত্মক শক্তি দূৰ হয় আৰু ধনাত্মক শক্তি বৃদ্ধি পায়।
দানঃ দেৱালীৰ দিনা দান কৰাৰো বিশেষ মহত্ব আছে। এই দিনটোত খাদ্য, বস্ত্ৰ, বা মিঠাই দান কৰিব বাবে। ইয়াৰ ফলত ঘৰৰ পৰা দৰিদ্ৰতা নোহোৱা হয় বুলি কয়।
(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)
অন্য খবৰ পঢ়কঃ কেনে যাব দিন? চাওক শুকুৰবাৰৰ দিনটোৰ ৰাশিফল…