শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Today’s horoscope: মঙলবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…

Today's horoscope: জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। আজিৰ দিনটো কিছু ৰাশিৰ লোকৰ আৰ্থিক উন্নতিৰ সম্ভাৱনা আছে। বিপৰীতে কিছুমানে কিছু সমস্যাত পৰিব পাৰে।

Today’s horoscope: মঙলবাৰৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…
ৰাশিফলImage Credit source: GettyImage
barasha-sarma
Barasha Sarma | Published: 15 Jul 2025 06:00 AM

আজি ১৫ জুলাই মঙলবাৰ। ৰাশিফল অনুসৰি আজিৰ দিনটো আপোনাৰ কেনে যাব? তলত আজিৰ ৰাশিফল আগবঢ়োৱা হ’ল-

মেঘ ৰাশিঃ কেৰিয়াৰৰ ক্ষেত্ৰত আজি কোনো ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায় আৰম্ভ কৰিব বিচৰাসকলে জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱা উচিত। আৰ্থিক দিশটো উন্নতি হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলে সফলতা লাভ কৰিব। ভ্ৰমণৰ সম্ভাৱনা আছে। প্ৰেমত শুভ। সংগীৰ প্ৰতি দায়িত্ব বাঢ়িব। স্বাস্থ্য ভালে যাব।

বৃষ ৰাশিঃ আজি আপোনাৰ দাম্পত্য জীৱন শুভ। মন ভালে থাৰিব। চাকৰিৰ স্থিতি সাধাৰণ হ’ব। ধৈৰ্য ধৰি চলিব। ব্যৱসায়ত কিছু সমস্যা আহিব পাৰে। যিকোনো পৰিস্থিতিত ধৈৰ্য ধৰি চলিব। কোনো নতুন বয়-বস্তু ক্ৰয় কৰিব। খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। সন্তানৰ শিক্ষাৰ প্ৰতি সাৱধান হ’ব। প্ৰেমত শুভ। স্বাস্থ্য ভাল।

মিথুন ৰাশিঃ নতুন চাকৰিৰ যোগ আছে। দীৰ্ঘদিনীয়া সমস্যাৰ পৰা সকাহ পাব। আৰ্থিক দিশটোৰ ওপৰত গুৰুত্ব দিব। অধ্যয়নত মন দিব। সম্পৰ্ক ভাল হ’ব। ব্যৱসায়ত মন দিয়া ভাল। কোনো সমস্যা আহিব পাৰে। পৰিয়ালৰ সৈতে সময় কটাব। স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব। দিনটো ভালে যাব।

কৰ্কট ৰাশিঃ দিনটো আপুনি ব্যস্ত থাকিব। কাম সময়মতে পূৰ কৰিব। ব্যৱসায়ত কাৰোবাৰ সৈতে ডীল হ’ব। ধনৰ সমস্যাত কোনো সমস্যা আহিব পাৰে। বিত্তীয় দিশটোত ভাবি-চিন্তি সিদ্ধান্ত গ্ৰহণ কৰিব। শিক্ষাৰ ক্ষেত্ৰত কোনো নতুন বিষয়ত মন বাঢ়িব। প্ৰেমত সমস্যা আহিব পাৰে। স্বাস্থ্য ভালে যাব।

সিংহ ৰাশিঃ কেৰিয়াৰৰ ক্ষেত্ৰখনত কোনো বিশিষ্টলোকৰ সহায় লাভ কৰিব। চাকৰিৰ ক্ষেত্ৰত কোনো নতুন দায়িত্ব লাভ কৰিব পাৰে। ব্যৱসায়ত কোনো ডাঙৰ চুক্তি লাভ কৰিব পাৰে। ৰাজনীতিৰ লগত জড়িতসকলৰ বাবে দিনটো ভাল। পাবলগীয়া ধন ঘূৰাই পাব। পৰিয়ালৰ কোনো সদস্যৰ সফলতাই সুখ দিব। স্বাস্থ্য ভাল।

কন্যা ৰাশিঃ চাকৰিৰ ক্ষেত্ৰত কামৰ হেঁচা অধিক থাকিব। সহযোগীৰ সৈতে মিলিজুলি কাম কৰিব। ব্যৱসায়ত সফলতা লাভ কৰিব। যিয়ে আপোনাৰ লগতে পিতৃ-মাতৃকো সুখ দিব। আৰ্থিক সমস্যা আহিব পাৰে। খৰচৰ ওপৰত গুৰুত্ব দিব। শিক্ষাৰ্থীসকলে অধ্যয়নত গুৰুত্ব দিয়া দৰকাৰ। প্ৰেমত সমস্যা আহিব পাৰে। স্বাস্থ্য ভাল।

তুলা ৰাশিঃ কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। পাবলগীয়া ধন ঘূৰাই পাব। আৰ্থিক দিশটো ভাল হ’ব। সুখ-সুবিধাৰ বাবে ঘৰত কোনো নতুন বস্তু ক্ৰয় কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত সন্তানক আপোনাৰ সহায়ৰ প্ৰয়োজন হ’ব। পৰিয়ালৰ সৈতে ভাল। স্বাস্থ্যত গুৰুত্ব দিব।

বৃশ্চিক ৰাশিঃ কেৰিয়াৰৰ ক্ষেত্ৰত দিনটো ভাল। আপোনাৰ কাম সময়মতে পূৰ হ’ব। সমাজত সন্মান লাভ কৰিব। ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীসকলে দিনটো ব্যস্ত থাকিব। পৰিয়ালৰ কোনো কামত অধিক ধন খৰচ হ’ব। প্ৰেমত শুভ। পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ হ’ব। স্বাস্থ্য ভাল।

ধনু ৰাশিঃ আজি আপোনাৰ দিনটো ভালে যাব। ভ্ৰমণৰ যোগ আছে। সংগীৰ সৈতে ফুৰিবলৈ যোৱাৰ সম্ভাৱনা। সমস্যাত পৰিলে কোনো ব্যক্তিয়ে আপোনাক সহায় কৰিব। ব্যৱসায়ত কোনো নতুন কাম আৰম্ভ কৰিব পাৰে। আৰ্থিক সমস্যাই দেখা দিব পাৰে। শিক্ষাৰ্থীসকলে কোনো ভাল খবৰ লাভ কৰিব। পৰিয়ালৰ সৈতে ভাল। স্বাস্থ্য ভাল যাব।

মকৰ ৰাশিঃ কেৰিয়াৰৰ ক্ষেত্ৰত পৰিস্থিতি আপোনাৰ পক্ষত থাকিব। ইতিবাচক চিন্তাই সফলতা আনিব। ব্যৱসায়ৰ ক্ষেত্ৰখনত ভাল খবৰ লাভ কৰিব। ধনৰ লগত জড়িত কথাত সজাগ হ’ব। শিক্ষাৰ্থীসকলে অধ্যয়নত মন দিয়া দৰকাৰ। প্ৰেমত শুভ। ঘৰলৈ আলহীৰ আগমনৰ সম্ভাৱনা আছে। স্বাস্থ্যত গুৰুত্ব দিব।

কুম্ভ ৰাশিঃ আজি আপোনাৰ দায়িত্ব বাঢ়িব। কাম সময়মতে পূৰ কৰিব। সমাজত সন্মান বাঢ়িব। ব্যৱসায়ত লাভ হোৱাৰ সম্ভাৱনা আছেয আৰ্থিকস্থিতি ভাল হ’ব। শিক্ষাৰ্থীসকলৰ পঢ়াত মন বাঢ়িব। বহু পুৰণি বন্ধুক লগ পোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ। স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ।

মীন ৰাশিঃ আজিৰ দিনটো ভাল বেয়াৰ মাজেৰে পাৰ হ’ব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। মাৰ্কেটিঙত সফলতা পাব। ব্যৱসায়ত সিদ্ধান্ত লোৱাত বিশেষজ্ঞৰ সহায় লোৱা দৰকাৰ। ধনৰ সমস্যা আহিব পাৰে। শিক্ষাৰ্থীসকলৰ বাবে দিনটো ভাল। প্ৰেমত শুভ। সংগীৰ সৈতে ভালদৰে চলিব। পৰিয়ালৰ সৈতে ভালদৰে থকাৰ চেষ্টা কৰিব। স্বাস্থ্য ভাল।