14 JULY 2025
TV9 ASSAM
Credits: Getty Images
হামি অহাটো এটা স্বাভাৱিক শাৰীৰিক প্ৰক্ৰিয়া। ক্লান্তি, টোপনি, অক্সিজেনৰ অভাৱ বা মগজুলৈ অক্সিজেন পঠিওৱাৰ বিৰক্তিৰ বাবে হামি আহে। বহু সময়ত দেখা যায় যে কোনো কোনো লোকে অকাৰণতে সঘনাই বা মাজে মাজে হামি মাৰি থাকে।
চিকিৎসা বিজ্ঞানৰ মতে অত্যধিক হামি অহাটো টোপনিৰ অভাৱ বা অনিদ্ৰাৰ লগতে তেজত অক্সিজেনৰ অভাৱ, অত্যধিক মানসিক চাপ, হৰম’নৰ ভাৰসাম্যহীনতাৰ লক্ষণ হ’ব পাৰে। কিছুমান ক্ষেত্ৰত ই মগজুৰ টিউমাৰ, হৃদযন্ত্ৰৰ সমস্যা বা স্নায়ুৰ সমস্যাৰ ইংগিটো হ’ব পাৰে।
যদি অস্বাভাৱিকভাৱে সঘনাই হামিয়াই থকাটো যদি নিয়মিত হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়। আকৌ জ্যোতিষ শাস্ত্ৰৰ মতে হামি অহাটো কেৱল শাৰীৰিক নহয়, আধ্যাত্মিক বা অতিপ্ৰাকৃতিক বুলিও গণ্য কৰা হয়।
জ্যোতিষশাস্ত্ৰত হামি অহাটো ভাল বা বেয়া লক্ষণ বুলি উল্লেখ কৰা হয়। যদি কোনোবাই দিনতো হঠাতে সঘনাই হামিয়াবলৈ আৰম্ভ কৰে, তেন্তে জ্যোতিষৰ মতে সেয়া ক্লান্তি নহয়, বৰঞ্চ একাগ্ৰতা আৰু শক্তি হ্ৰাস পোৱাৰ ইংগিতহে।
বিশ্বাস কৰা হয় যে ই কোনো দুষ্ট আত্মা বা কোপ দৃষ্টিৰ প্ৰভাৱৰ লক্ষণো হ’ব পাৰে। হামিয়াই থাকোতে দুষ্ট আত্মাই মুখৰ মাজেৰে আমাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে বুলি বিশ্বাস কৰা হয়।
বিশ্বাস কৰা হয় যে হামিয়ালে শৰীৰৰ নেতিবাচক বা ভাগৰুৱা শক্তি ওলাই আহে। সেয়ে হামি মাৰিলে মুখ ঢাকি ‘ওম নম শিৱায়’ বা ‘ওম’ জপ কৰাটো শুভ বুলি গণ্য কৰা হয়।
জ্যোতিষৰ মতে যিকোনো গ্ৰহৰ (বিশেষকৈ চন্দ্ৰ বা কেতুৰ) প্ৰভাৱ ভাৰসাম্যহীন হ’লে সঘনাই হামি অহাৰ প্ৰৱণতা দেখা যায়। গতিকে এই সময়ত মানসিক শান্তি বজাই ৰাখিবলৈ ধ্যান, প্ৰাৰ্থনা বা মন্ত্ৰ জপ উপকাৰী হ’ব পাৰে।
বি:দ্ৰ: - এই প্ৰতিবেদনত দিয়া তথ্যসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। টিভি৯ অসমে এই ক্ষেত্ৰত কোনো দায়িত্ব বহন নকৰে।
চাবলৈ ক্লিক কৰক