শাওনৰ সোমবাৰত ভুলতো নকৰিব এই কাম

14 July 2025

TV9 ASSAM

আজিৰ পৰা আৰম্ভ হৈছে ব'লব'ম যাত্ৰা। হিন্দু পঞ্জিকা অনুসৰি ১১ জুলাইৰ পৰা শাওণৰ আৰম্ভণি। কিন্তু অসমীয়া কেলেণ্ডাৰ মতে, ১৮ জুলাইৰ পৰা আৰম্ভ হ'ব শাওন। এই মাহটো শিৱৰ মাহ।

শাওন মাহ

শাওনৰ প্ৰথম সোমবাৰ ১৪ জুলাই, দ্বিতীয় ২১ জুলাই, তৃতীয় ২৮ জুলাই আৰু চতুৰ্থ ৪ আগষ্ট। মান্যতা অনুসৰি, প্ৰতি সোমবাৰে ভগৱান শিৱৰ পূজা কৰিলে শিৱ সন্তুষ্ট হয় আৰু মনৰ কামনা পূৰণ হয়।

সোমবাৰ

জ্যোতিষীৰ মতে, এই শাওনৰ মাহটোত কিছুমান ভুল কৰিব নালাগে। যদি এনে ভুল কৰে তেন্তে জীৱনলৈ বিপদ আহিব পাৰে। ইয়াৰ ফলত শিৱ অসন্তুষ্ট হ'ব পাৰে।

ভুল

শাওনৰ সোমবাৰত আমিষ খাদ্য খোৱাৰ পৰা বিৰত থাকক। এই দিনটোত পিঁয়াজ, নহৰু আদিও খাব নালাগে। এই দিনটোত নিৰামিষ খাদ্য গ্ৰহণ কৰক। ব্ৰত ৰাখিব পাৰিলে আৰু ভাল।

আমিষ খাদ্য

শাওনৰ সোমবাৰে ক'লা ৰঙৰ কাপোৰ পৰিধান কৰিব নালাগে। কিয়নো ক'লা ৰঙে নকৰাত্মকতা বিয়পায়। এইদিনটোত আপুনি ভালদৰে গা ধুই শুদ্ধ মনেৰে শিৱক পূজা কৰিব পাৰে।

ক'লা ৰং

শাওনৰ সোমবাৰত শিৱজীক তামৰ পাত্ৰত ৰখা গংগাজল অৰ্পন কৰক। ভুলতো প্লাষ্টিকৰ বটলত থকা পানী অৰ্পন নকৰিব। ইয়াৰোপৰি আপুনি শিৱক গাখীৰ অৰ্পন কৰিব পাৰে।

তাম

যদি আপুনি শাওণৰ সোমবাৰে ব্ৰত ৰাখিছে তেন্তে ভুলতো দিনত নুশুব। এই দিনটোত আপুনি শিৱৰ মন্ত্ৰ জপ কৰিব। ১০৮ বাৰ ওমঃ নমঃ শিৱায় জপ কৰিলে ভাল ফল পোৱা যায়। এই দিনটোত আপুনি দান কৰিব পাৰে।

ব্ৰত

পঢ়িবলৈ ক্লিক কৰক 

১৪ জুলাইৰ পৰা ভাল দিন আৰম্ভ হ'ব এই ৰাশিৰ