শাওন মাহত শিৱক অৰ্পন কৰক এই বস্তু...

14 July 2025

TV9 ASSAM

আজিৰ পৰা আৰম্ভ হৈছে ব'লব'ম যাত্ৰা। হিন্দু পঞ্জিকা অনুসৰি ১১ জুলাইৰ পৰা শাওনৰ আৰম্ভণি। কিন্তু অসমীয়া কেলেণ্ডাৰ মতে, ১৮ জুলাইৰ পৰা আৰম্ভ হ'ব শাওন। এই মাহটো শিৱৰ মাহ।

শাওন মাহ

শাওনৰ প্ৰথম সোমবাৰ ১৪ জুলাই, দ্বিতীয় ২১ জুলাই, তৃতীয় ২৮ জুলাই আৰু চতুৰ্থ ৪ আগষ্ট। মান্যতা অনুসৰি, প্ৰতি সোমবাৰে ভগৱান শিৱৰ পূজা কৰিলে শিৱ সন্তুষ্ট হয় আৰু মনৰ কামনা পূৰণ হয়।

সোমবাৰ

শাওনৰ সোমবাৰে পুৱা উঠি স্নান কৰি চাফা কাপোৰ পৰিধান কৰিব লাগে। তাৰ পাছত শিৱৰ মন্দিৰত গৈ জলাভিষেক কৰিব লাগে। আপুনি শিৱক পানী, গংগাজল, ঘিউ, মৌ, গাখীৰেৰে অভিষেক কৰিব পাৰে।

জলাভিষেক

ইয়াৰোপৰি আপুনি ৰুদ্ৰাভিষেক কৰিব পাৰে। এই সময়চোৱাত আপুনি ওমঃ নমঃ শিৱায় মন্ত্ৰ জপ কৰিব পাৰে। এনে কৰিলে শিৱ প্ৰসন্ন হয় আৰু মনৰ কামনা পূৰণ হয়।

ৰুদ্ৰাভিষেক

ধৰ্মীয় মান্যতা অনুসৰি শিৱৰ প্ৰিয় বস্তু বেলপাত, ধতুৰা, ভাং আদি। গতিকে এই দিনটোত এই বস্তুবোৰ অৰ্পন কৰিলে শিৱৰ বিশেষ কৃপা লাভ কৰা যায়। লগতে আপুনি ওমঃ নমঃ শিৱায় জপ কৰিব পাৰে।

অৰ্পন কৰক

মান্যতা অনুসৰি, শিৱলিংগত বগা চন্দন অৰ্পন কৰিব পাৰে। ইয়াৰোপৰি শিৱলিংগত ভষ্ম লগালে জীৱনৰ পৰা সকলো নকৰাত্মক শক্তি দূৰ হয়। ইয়াৰ  ফলত জীৱনলৈ সুখ-সমৃদ্ধি আহে।

চন্দন

শাওন মাহত দানৰ বিশেষ মহত্ব আছে। এই দিনটোত আপুনি আৰ্তজনক খাদ্য, বস্ত্ৰ বা ধন দান কৰিব পাৰে। এনে কৰিলে শিৱ সন্তুষ্ট হয় আৰু জাতকৰ মনৰ সকলো কামনা পূৰণ হয় বুলি মান্যতা আছে।

দান

পঢ়িবলৈ ক্লিক কৰক 

১৪ জুলাইৰ পৰা ভাল দিন আৰম্ভ এই ৰাশিৰ