ভগৱানৰ নাম ল'লে মনৰ কামনা পূৰণ হয় নেকি?

15 July 2025

TV9 ASSAM

বৃন্দাবনৰ বাবা প্ৰেমানন্দ মহাৰাজৰ ওচৰত প্ৰতিদিনে বহু ভক্ত যায়। ভক্তই তেওঁ বহু প্ৰশ্ন কৰে আৰু ভক্তক তেওঁ মাগদৰ্শন কৰে। জীৱনৰ লগত জড়িত বিভিন্ন সমস্যাৰ সমাধান দিয়ে তেওঁ।

প্ৰেমানন্দ মহাৰাজ

প্ৰায় প্ৰতিগৰাকী মানুহে ভগৱানৰ ওপৰত বিশ্বাস বা আস্থা ৰাখে। প্ৰতিগৰাকী ব্যক্তিক পূজা কৰাৰ ধাৰণা বেলেগ বেলেগ। এজন ভক্তই প্ৰেমানন্দ মহাৰাজক সোধে যে-ভগৱানৰ নাম ল'লে মন কামনা পূৰণ হয় নেকি?

ভগৱান

তেতিয়া প্ৰেমানন্দ মহাৰাজে কয় যে, পৃথিৱীৰ সকলো ইশ্বৰৰ। গতিকে আপুনি যদি সঁচা অন্তৰেৰে ভগৱানৰ ভক্তি কৰে, প্ৰাৰ্থনা কৰে তেন্তে ভগৱানে আমাৰ সুখৰ ব্যৱস্থা কৰে।

উত্তৰ

তেওঁ আৰু কয় যে,  ইশ্বৰ যদি আমাৰ লগত নাথাকে তেন্তে সকলো কাম নষ্ট হ'ব। শিশু হওক বা বৃদ্ধ, সকলোৱে ধৰ্মত চলিব লাগে তেতিয়া সকলো প্ৰাপ্তি হয়।

আৰু কয়

মহাৰাজে লগতে কয় যে, কোনো ব্যক্তিৰ আগতে ভগৱানৰ নাম লৈ সহায় বিচাৰিব নালাগে। ভগৱানে আমাক যি দিছে আমি তাতেই সন্তুষ্ট হোৱা উচিত।

ভিক্ষা

মহাৰাজে লগতে কয় যে, ভগৱানক বিশ্বাস ৰাখি চলিব লাগে।  ভগৱানৰ নাম জপ কৰিলে মানুহৰ সকলো সমস্যা সমাধান হয়। গতিকে ভগৱানৰ প্ৰতি আস্থা ৰাখি আগবাঢ়িব লাগে।

ভগৱান

ভগৱানৰ আশীৰ্বাদ পাবলৈ ভজন কীৰ্তন আৰু ভগৱানৰ নাম জপ কৰিব লাগিব। তেতিয়াহে ভগৱানৰ কৃপা লাভ কৰা যায়। তেওঁ কয় যে, ৰাধা ৰাধা নাম জপ কৰিলে ভগৱানৰ আশীৰ্বাদ লাভ কৰা যায়।

আৰু কয়

পঢ়িবলৈ ক্লিক কৰক 

শাওন মাহত কি কৰিব