শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সন্ধিয়া ঘৰত ঝাড়ু দিয়ে নেকি? এই অভ্যাসৰ ফলত কি হ’ব পাৰে জানেনে!

নিজা ঘৰটো চাফ-চিকুণ কৰি ৰাখিবলৈ ঝাড়ু দিয়া হয়। পিছে ঝাড়ু দিয়াৰ ক্ষেত্ৰতো কিছুমান নিয়ম মানি চলিব লাগে। এই নিয়ম অনুসৰণ নকৰিলে আপোনাৰ জীৱনলৈ এক বৃহৎ দুৰ্যোগ আহিব পাৰে। বাস্তু শাস্ত্ৰৰ মতে সূৰ্যাস্তৰ পিছত ঘৰ ঝাড়ু দিয়াটো উচিত নহয়। সেই সময়ত ঘৰখন ঝাড়ু দিলে কি হয় জানেনে?

সন্ধিয়া ঘৰত ঝাড়ু দিয়ে নেকি? এই অভ্যাসৰ ফলত কি হ’ব পাৰে জানেনে!
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 14 Jul 2025 17:25 PM

নিজা ঘৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাটো প্ৰতিজন ব্যক্তিৰে দায়িত্ব এয়া আমি প্ৰতিজন লোকে দৈনন্দিন জীৱনত জানিবলগা এক সাধাৰণ কথা তদুপৰি ধৰ্মীয় বিশ্বাস মতে, ঘৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিলে দেৱ-দেৱীসকল সন্তুষ্ট হয়। বাস্তু শাস্ত্ৰতো এই কথা উল্লেখ আছে। সেয়ে ঘৰটো চাফচিকুণ কৰি ৰাখিবলৈ ঝাড়ু দিয়া হয় পিছে ঝাড়ু দিয়াৰ ক্ষেত্ৰতো কিছুমান নিয়ম মানি চলিব লাগে। এই নিয়ম অনুসৰণ নকৰিলে আপোনাৰ জীৱনলৈ এক বৃহৎ দুৰ্যোগ আহিব পাৰে। বাস্তু শাস্ত্ৰৰ মতে সূৰ্যাস্তৰ পিছত ঘৰ ঝাড়ু দিয়াটো উচিত নহয়। সেই সময়ত ঘৰখন ঝাড়ু দিলে কি হয় জানেনে?

বাস্তু শাস্ত্ৰৰ মতে সূৰ্য উদয়ৰ ঠিক পিছতেই ঘৰ ঝাড়ু দিয়াৰ উপযুক্ত সময়। কোৱা হয় যে সেই সময়ত ঝাড়ু দিলে ঘৰলৈ দেৱী লক্ষ্মীৰ আগমন ঘটে কিন্তু বাস্তু শাস্ত্ৰই সূৰ্যাস্তৰ পিছত ঘৰত ঝাড়ু দিয়া বা জাবৰ পেলোৱাটো অশুভ বুলি কয়। বহুতে ভাবিব পাৰে, ঝাড়ুৰে ঘৰ পৰিষ্কাৰ কৰাৰ কথা ভাবিলে কি সমস্যা হয়? সূৰ্যাস্তৰ পিছত ঝাড়ু দিলে লক্ষ্মী দেৱীৰ আগমনত বাধাৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়।

বহু সংস্কৃতি আৰু পৰম্পৰাত সূৰ্যাস্তৰ পিছত ঘৰ ঝাড়ু দিলে বা ঘৰৰ পৰা জাবৰ পেলাই দিলে দেৱী লক্ষ্মীৰ খং উঠে বুলি বিশ্বাস কৰা হয়। তেতিয়া সেই ঘৰলৈ দৰিদ্ৰতা আহে আৰু আৰ্থিক সমস্যাৰ সৃষ্টি হয়। ইয়াৰ লগতে ঘৰত ঋণাত্মক শক্তিও প্ৰৱেশ কৰে আৰু ধনাত্মক শক্তি ঘৰৰ পৰা আঁতৰি যায়।

যদি সূৰ্যাস্তৰ পিছত বা সন্ধিয়া ঘৰত ঝাড়ু দিব লগা হয়, তেতিয়া ধূলি-বালি ঘৰৰ নিৰ্দিষ্ট ঠাইত থৈ দিব লাগে আৰু পুৱা বাহিৰলৈ পেলাই দিব লাগে বুলি বহু লোকে কয়। তেতিয়া এই সমস্যাসমূহে দেখা নিদিয়ে বুলি বিশ্বাস কৰা হয়

বিশেষ দ্ৰষ্টব্যঃ এই প্ৰতিবেদনত উপস্থাপন কৰা দিশসমূহ বাস্তু শাস্ত্ৰৰ ওপৰত আধাৰিত এই ক্ষেত্ৰত TV9 Assam- নিজা কোনো মতামত প্ৰকাশ কৰা নাই।