শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আৰ্থিক সমস্যাই দেখা দিছে নেকি? তেন্তে বৃহস্পতিবাৰে কৰক এই সহজ উপায়…

প্ৰায় সকলোৰে ধনৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। কিন্তু কোনে নিবিচাৰে আৰ্থিক উন্নতি। তেনেস্থলত বৃহস্পতিবাৰে কিছুমান উপায়ৰ দ্বাৰা আপোনাৰ আৰ্থিক উন্নতি হ'ব পাৰে।

আৰ্থিক সমস্যাই দেখা দিছে নেকি? তেন্তে বৃহস্পতিবাৰে কৰক এই সহজ উপায়…
প্ৰতীকী ফটোImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 18 Sep 2025 10:49 AM

কোনো নিবিচাৰে আৰ্থিক উন্নতি! কিন্তু তাৰ পাছতো বহু মানুহৰ আৰ্থিক সমস্যাই দেখা দিয়ে। কিন্তু জ্যোতিষ শাস্ত্ৰই বিভিন্ন প্ৰতিকাৰৰ বিষয়ে কৈছে যাৰ সহায়ত ধন লাভ হ’ব পাৰে। ধৰ্মীয় মান্যতা অনুসৰি বৃহস্পতিবাৰে ভগৱান বিষ্ণু আৰু গুৰুদেৱৰ আশীৰ্বাদ লাভ কৰা উচিত দিন বুলি গণ্য কৰা হয়। এই দিনটোত কৰা কিছুমান উপায়ে সৌভাগ্য আৰু ধন আকৰ্ষণ কৰাৰ লগতে, স্বাস্থ্য, মানসিক শান্তি আৰু সম্পৰ্ক উন্নত কৰে।

যুগ যুগ ধৰি ভাৰতীয় ধৰ্মীয় আৰু আয়ুৰ্বেদিক পৰম্পৰাৰ অংগ হৈ আহিছে হালধি। এই হালধি ব্যৱহাৰৰ দ্বাৰা আপুনি ধন লাভৰ বাট মুকলি কৰিব পাৰে। অৱশ্যে এই উপায় কৰিব লাগিব বৃহস্পতিবাৰে। হালধিৰ লগত জড়িত কিছুমান সাধাৰণ উপায়ে ঋণাত্মক শক্তি আঁতৰ কৰাৰ লগতে ইতিবাচক শক্তি আৰু সমৃদ্ধিৰ পথ মুকলি কৰে।

বৃহস্পতিবাৰে হালধি ব্যৱহাৰ কৰাতো অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ই ঘৰলৈ ইতিবাচক শক্তি আনে আৰু ধন-সম্পত্তি, স্বাস্থ্য, সম্পৰ্কত উন্নতি কৰে। বৃহস্পতিবাৰে কৰা বিশেষ উপায়ৰ বাবে আপোনাৰ লাভ দুগুণ হ’ব পাৰে। তলত ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল-

হালধিৰ তিলকঃ বৃহস্পতিবাৰে কপালত হালধিৰ তিলক লগোৱা উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ইতিবাচক আৰু মানসিক শান্তি লাভ হয়। এই প্ৰতিকাৰ ব্যৱসায়ী আৰু পেছাদাৰীসকলৰ বাবে বিশেষকৈ উপকাৰী।

হালধি আৰু গুড়ঃ এই দিনটোত আপুনি হালধি আৰু গুড় দান কৰিব পাৰে। এনে কৰিলে ঘৰলৈ শান্তি আহে বুলি কোৱা হয়। লগতে নেতিবাচক শক্তি দূৰ হয়। নতুন ব্যৱসায় আৰম্ভ কৰাৰ সময়ত হালধি আৰু গুড় ঘৰৰ প্ৰৱেশদ্বাৰত ৰাখিব লাগে। এনে কৰিলে ধনৰ আগমন হয়।

হালধি দানঃ বৃহস্পতিবাৰে হালধি দান কৰিব পাৰে। এনে কৰিলে ঘৰলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে। দান কৰাৰ ফলতো মনো শান্ত হয়। দানে জীৱনলৈ সুখ আনিব পাৰে।

মূল দুৱাৰত হালধিঃ বৃহস্পতিবাৰে পুৱা ঘৰৰ মূল দুৱাৰত হালধিৰ টুকুৰা ৰাখিলে নেতিবাচক শক্তি দূৰ হয় বুলি মান্যতা আছে। এনে ফলত আপোনাৰ ঘৰলৈ লক্ষ্মীৰ আগমন ঘটিব পাৰে।

পূজাত হালধিঃ বৃহস্পতিবাৰে হালধি পাত বা চাকিত হালধিৰ টুকুৰা দি পূজা কৰিব লাগে। এনে কৰিলে সমৃদ্ধি হয় আৰু ধন লাভৰ নতুন বাট মুকলি হয়।

হালধীয়া কাপোৰঃ ইয়াৰোপৰি বৃহস্পতিবাৰে হালধীয়া কাপোৰ পৰিধান কৰা শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত ইতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি হয়।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়কঃ বুধৰ স্থান পৰিবৰ্তন! চাকৰিৰ পৰা ধন লাভলৈ, এইসমূহ ৰাশিৰ লোকৰ খোল খাব ভাগ্যৰ দুৱাৰ…