বুধৰ স্থান পৰিবৰ্তন! চাকৰিৰ পৰা ধন লাভলৈ, এইসমূহ ৰাশিৰ লোকৰ খোল খাব ভাগ্যৰ দুৱাৰ…
শীঘ্ৰেই ভাল দিন আহিব পাৰে কিছু ৰাশিৰ লোকৰ জীৱনলৈ। কিয়নো ৰাশি পৰিবৰ্তন কৰিব বুধে। যাৰ প্ৰভাৱ কিছু ৰাশিৰ ওপৰত পৰিব। এই সময়চোৱাত ধন, সম্পত্তি লাভৰ যোগ আছে।

জ্যোতিষ শাস্ত্ৰত গ্ৰহ-নক্ষত্ৰৰ বিশেষ গুৰুত্ব আছে। যেতিয়া এইবোৰৰ স্থান সলনি বা অন্য কিবা সংযোগ হয় তেতিয়া কিছুমান ৰাশিৰ ওপৰত প্ৰভাৱ পৰে। ১৫ ছেপ্টেম্বৰত পুনৰ এক পৰিবৰ্তন হ’বলৈ গৈ আছে। ব্যৱসায়, প্ৰযুক্তি, বুদ্ধিমত্তা, যোগাযোগ, জ্ঞান আৰু ছালৰ প্ৰতীকী বুধ গ্ৰহই ১৫ ছেপ্টেম্বৰত নিজৰ ৰাশি সলনি কৰিব। এটা নিৰ্ধাৰিত সময়ত বুধে ৰাশি পৰিবৰ্তন কৰে।
জ্যোতিষ শাস্ত্ৰ অনুসৰি, ১৫ ছেপ্টেম্বৰ, ২০২৫ ৰ পুৱা ১০:৫৮ বজাত বুধে কন্যা ৰাশিত প্ৰৱেশ কৰিব। এনে অৱস্থাত বিভিন্ন দিশত ইয়াৰ প্ৰভাৱ দেখা যাব। এই সময়খিনি কাৰ বাবে ভাল, কোন ৰাশিৰ উপকাৰ হ’ব এই সকলো তথ্য তলত উল্লেখ কৰা হ’ল-
বৃষ ৰাশি– বুধৰ স্থান পৰিবৰ্তন এই ৰাশিৰ লোকৰ বাবে শুভ হ’ব। এই সময়খিনিত এই ৰাশিৰ লোকৰ অধিক ধন উপাৰ্জন কৰাৰ সম্ভাৱনা আছে। কেৰিয়াৰত সফলতা লাভ কৰিব। ব্যৱসায়ত উন্নতি হ’ব। কোনো নতুন সুযোগ লাভ কৰিব। নিজৰ ওপৰত বিশ্বাস ৰাখি আগুৱাই যাওক। ভাগ্যই লগ দিব।
মিথুন ৰাশি– এই যোগে এই ৰাশিৰ লোকৰ বাবে সুখ কঢ়িয়াই আনিব। লাভ হ’ব। আপোনাৰ প্ৰচেষ্টাই ফল দিব। ব্যৱসায়ৰ পৰা অধিক লাভ পাব। নতুন চাকৰি লাভৰ যোগ আছে। চাকৰি কৰি থকাসকলে পদোন্নতি লাভ কৰিব।
সিংহ ৰাশি- এই ৰাশিৰ বাবে বুধৰ স্থান পৰিবৰ্তন শুভ হ’ব। হাতলৈ অধিক ধন আহিব। ধন জমা কৰাৰ সুযোগ পাব। ব্যৱসায়ৰ পৰা অধিক লাভ পাব। বিনিয়োগৰ পৰা লাভান্বিত হ’ব।
কন্যা ৰাশি- এই ৰাশিৰ বাবে এই সময়চোৱা অত্যন্ত ভাল। নিজৰ লক্ষ্য়ত উপনীত হ’ব। ভ্ৰমণৰ সুযোগ লাভ কৰিব। প্ৰচেষ্টাৰ ফলত ভাল ফল লাভ কৰিব। নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ ব্যৱসায়ীসকলৰ বাবে এই সময়খিনি ভাল।
বৃশ্চিক ৰাশি – বন্ধু-বান্ধৱী, শুবাকাংক্ষীৰ পৰা সমৰ্থন লাভ কৰিব। সম্পত্তি লাভৰ সম্ভাৱনা আছে। কেৰিয়াৰৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। নতুন সুযোগ লাভৰ সম্ভাৱনা আছে। বিদেশলৈ যোৱাৰ সুযোগ পাব। শিক্ষাৰ্থীসকলৰ বাবে শুভ।
মকৰ ৰাশি – এই ৰাশিৰ লোকৰ বাবে বুধৰ স্থান পৰিবৰ্তন শুভ হ’বলৈ গৈ আছে। ঋণৰ পৰা মুক্তি লাভ কৰিব। কামৰ পৰা অধিক সন্তুষ্টি লাভ কৰিব। হাতলৈ ধন অহাৰ সম্ভাৱনা বেছি। কেৰিয়াৰত উন্নতি হ’ব। বিদেশলৈ যোৱাৰ সুযোগ পাব পাৰে। আয় বৃদ্ধিৰ সম্ভাৱনা আছে।
(ওপৰৰ লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ লগত টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)
অন্য খবৰ পঢ়কঃ Surya grahan 2025: ২১ ছেপ্টেম্বৰত বছৰৰ অন্তিম সূৰ্যগ্ৰহণ, অত্যন্ত ভাল প্ৰভাৱ পৰিব এই ৪ ৰাশিৰ লোকৰ জীৱনত…