শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এই ৫ ৰাশিৰ বাবে বিশেষ হ’ব শাওন মাহ, লাভ কৰিব মহাদেৱৰ কৃপা!

১৮ জুলাইৰ পৰা আৰম্ভ হ'ব পবিত্ৰ শাওন মাহ। শাওন মাহটো বহু ৰাশিৰ বাবে বিশেষ হ'ব। কোন ৰাশিয়ে ভাগ্যৰ সমৰ্থন পাব, কোনে ধন লাভ কৰিব , এই প্ৰতিবেদনত পঢ়ক শাওন মাহৰ ৰাশিফল।

এই ৫ ৰাশিৰ বাবে বিশেষ হ’ব শাওন মাহ, লাভ কৰিব মহাদেৱৰ কৃপা!
মহাদেৱ
trishna-kalita
Trishna Kalita | Updated On: 06 Jul 2025 13:35 PM

অসমীয়া কেলেণ্ডাৰ অনুসৰি মহাদেৱৰ প্ৰিয় শাওন মাহ ১১ জুলাইৰ পৰা আৰম্ভ হ’ব। এই মাহত ভগৱান শিৱক পূজা কৰিলে শুভ ফল লাভ হয়। এই মাহত ভক্তসকলে  বিভিন্ন ধৰণে ভোলানাথক পূজা কৰে আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰে। শাওনৰ সোমবাৰৰ উপবাসৰ লগতে শিৱলিংগত পানী আগবঢ়োৱা, ব’ল ব’ম যাত্ৰা আদিক বিশেষ গুৰুত্ব দিয়া হয়। এইবাৰৰ পবিত্ৰ শাওন মাহটো বহু ৰাশিৰ বাবে শুভ হ’ব। এই প্ৰতিবেদনত পঢ়ক শাওন মাহৰ ভাগ্যবান জাত-জাতিকাৰ ৰাশিফল।

মেষ ৰাশি– শাওন মাহটো মেষ ৰাশিৰ লোকৰ বাবে শুভ হ’ব। আপোনাৰ নষ্ট হোৱা কাম এই মাহতেই কৰিব পাৰিব। অগ্ৰগতিৰ সম্ভাৱনা আছে। চাকৰিত দীৰ্ঘম্যাদী কঠোৰ পৰিশ্ৰমে আপোনাক ফলাফল দিব পাৰে।

কৰ্কট ৰাশি– কৰ্কট ৰাশিৰ লোকৰ বাবে শাওন মাহটো অতি শুভ হ’ব। এই মাহত আপোনাৰ বাবে নতুন পথ মুকলি হ’ব পাৰে। আপোনাৰ পৰিকল্পনা সফল হ’ব। আপোনাৰ সুখ আৰু সমৃদ্ধি বাঢ়িব। আপুনি নতুন সিদ্ধান্ত ল’ব আৰু নতুন পথত আগবাঢ়িব পাৰিব।

সিংহ ৰাশি– শাওন মাহে সিংহ ৰাশিৰ লোকৰ বাবে সন্মান কঢ়িয়াই আনিব। এই মাহত সমাজত আপোনাৰ প্ৰভাৱ বাঢ়িব। এই মাহত নতুন পৰিকল্পনাত আপুনি লাভৱান হ’ব। লগতে আপোনাৰ স্বাস্থ্যৰ উন্নতিও সম্ভৱ। প্ৰেমত জীৱন সংগীৰ সৈতে আৱেগিক সম্বন্ধ বাঢ়িব।

মকৰ ৰাশি– মকৰ ৰাশিৰ লোকে শাওন মাহত মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব। এই মাহত ব্যৱসায়ত অগ্ৰগতিৰ সুযোগ থাকিব আৰু ভগৱান শিৱৰ লগতে শনি দেৱৰ আশীৰ্বাদ লাভ কৰিব। এই মাহত নিজকে দান-বৰঙণিৰ কামত নিয়োজিত কৰি ৰাখক, আপোনাৰ সৌভাগ্য বাঢ়িব।

কুম্ভ ৰাশি– কুম্ভ ৰাশিৰ লোকেও ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব। কাৰো প্ৰতি ঈৰ্ষা নকৰিবা, নিজৰ কথাত মধুৰতা বজাই ৰাখক, কঠোৰ কথা নকব। আৰ্থিক অৱস্থা পূৰ্বতকৈ উন্নত হ’ব। জীৱনৰ সমস্যাৰ অন্ত পৰিব।

লগতে পঢ়ক: অধিক পূজা কৰিলে দুখ বৃদ্ধি হয় নেকি? প্ৰেমানন্দ মহাৰাজে ক’লে…

(অস্বীকাৰ: ইয়াত দিয়া তথ্য ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। টিভি৯ অসমে এই কথা নিশ্চিত কৰা নাই।)