শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মানুহ বিহু আৰু পৰম্পৰা, জানক পহিলা ব’হাগৰ দিনটো কিদৰে উৎযাপন কৰা হয়…

পহিলা ব’হাগৰ পৰাই অসমীয়া নতুন বছৰ আৰম্ভ হয়। প্ৰকৃতিয়ে লয় নতুন ৰূপ। নতুন বছৰটো সুকলমে শান্তিৰে কটাব পাৰি তাৰ বাবে বছৰটোৰ প্ৰথম দিনাই মানুহে মন্দিৰ-নামঘৰত নৈবাদ্য আগবঢ়াই সেৱা লয়। বিহু কেইদিনত ইজনে সিজনক সেৱা-সৎকাৰ কৰা, মৰম চেনেহৰ আদান প্ৰদান কৰা, বন্ধু- বান্ধৱ আলহী-অতিথি আহিলে সোধ-পোচ কৰা, চিৰা-পিঠা, দৈ আদিৰে আপ্যায়ন কৰা অসমীয়া সমাজত পৰম্পৰাগত নিয়ম।

মানুহ বিহু আৰু পৰম্পৰা, জানক পহিলা ব’হাগৰ দিনটো কিদৰে উৎযাপন কৰা হয়…
ব’হাগ বিহু
trishna-kalita
Trishna Kalita | Updated On: 12 Apr 2025 13:20 PM

অসমীয়াৰ হেঁপাহৰ তিনিটি বিহুৰ ভিতৰত ৰঙালী বিহু অন্যতম । ৰঙালী বিহুৰ প্ৰথম দিনা গৰু বিহু আৰু দ্বিতীয় দিনা অথবা এক ব’হাগৰ দিনা উদযাপন কৰা হয় মানুহ বিহু । গৰু বিহুৰ পাছদিনা অৰ্থাৎ ব’হাগৰ ১ তাৰিখে মানুহ বিহু। নামনি অসমত মানুহ বিহুৰ দিনাক “বৰ দোমাহী” বোলে। মানুহ বিহুৰ দিনা সকলোৱে গা-পা ধুই পৰিয়ালৰ সকলো একেলগ হয় আৰু সৰুৱে ডাঙৰক সেৱা কৰে আৰু ডাঙৰে সেইদৰে সৰুক আশীৰ্বাদ দিয়ে। বোৱাৰীয়ে শহুৰ-শাহুক বটাত গামোচা, চেলেং চাদৰ আৰু তামোল-পাণ দি মানধৰি সেৱা কৰে আৰু বিহুৰ জলপান আগবঢ়ায়। তেওঁলোকে আশীৰ্বাদ দিয়াৰ উপৰিও উপহাৰ হিচাপে “বিহুৱান” আগবঢ়ায়।

বিহুত আত্মীয়-স্বজন, বন্ধু-বান্ধৱৰ মাজত আদান-প্ৰদান কৰা প্ৰতিটো উপহাৰকে “বিহুৱান” বোলা হয় যদিও বিহুৱান বুলিলে ঘাইকৈ গামোচাখনকে বুজায়। আমাৰ অসমীয়া সমাজত গামোচাখনৰ আদৰ আটাইতকৈ বেছি আৰু ইয়াৰ এক সুকীয়া মান-মৰ্য্যাদা আছে। “অতিকৈ চেনেহৰ ব’হাগৰ বিহুটি” অহাৰ আগতেই অৰ্থাৎ  চ’তৰ পৰাই অসমীয়া জীয়ৰী-বোৱাৰীৰ “মৰমৰ দীঘেদি চেনেহৰ বাণীৰে” চেনেহৰ বিহুৱানখনি বৈ কাটি উলিয়াবলৈ গাত তৎ নাইকিয়া হয়। চেনাইক নিজে হাতে বোৱা গোমোচা উপহাৰ দিবলৈ আকুল হৈ পৰে জীয়ৰী-বোৱাৰীৰ মন।

পহিলা ব’হাগৰ পৰাই অসমীয়া নতুন বছৰ আৰম্ভ হয়। প্ৰকৃতিয়ে লয় নতুন ৰূপ। নতুন বছৰটো সুকলমে শান্তিৰে কটাব পাৰি তাৰ বাবে বছৰটোৰ প্ৰথম দিনাই  মানুহে মন্দিৰ-নামঘৰত নৈবাদ্য আগবঢ়াই সেৱা লয়। বিহু কেইদিনত ইজনে সিজনক সেৱা-সৎকাৰ কৰা, মৰম চেনেহৰ আদান প্ৰদান কৰা, বন্ধু- বান্ধৱ আলহী-অতিথি আহিলে সোধ-পোচ কৰা, চিৰা-পিঠা, দৈ আদিৰে আপ্যায়ন কৰা অসমীয়া সমাজত পৰম্পৰাগত নিয়ম। মানুহ বিহু দিনা দুপৰীয়া গৰম ভাত বনোৱা নহয়। জলপানেৰে চলাই দিয়া হয় নাইবা আগ দিনাৰ পঁইতা ভাত বা ৰোৱা ভাত খোৱা হয়।এইদৰে পঁইতা ভাত খাওঁতে বিচনীৰ বা ল’লে বছৰটোলৈ দেহা জুৰ পৰি থাকে বুলি জনবিশ্বাস আছে।

অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ মাকো,
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নেপাতি কেনেকৈ থাকো…

মানুহ বিহুৰ দিনাৰ পৰাই আৰম্ভ হয় ৰঙালী বিহুৰ উৎসৱ। ৰঙালী বিহুৰ এইবিলাক ৰীতি-নীতি, পৰম্পৰাৰ উপৰিও এটি উল্লেখযোগ্য অনুষ্ঠান হ’ল হুঁচৰি। ইয়াৰ উপৰিও বিহুৰ নিশা ঘৰে ঘৰে ৰাতি বিহু পৰিৱেশন কৰা হয়। মহিলাসকলেও আৰম্ভ কৰে জেং বিহু। হুঁচৰি হ’ল আনন্দৰ গীত আৰু নাচৰ অনুষ্ঠান। ইয়াত গাভৰু বা মহিলাৰ স্থান নাই। বছৰেকৰ মূৰত হুঁচৰিযোৰা আহিলে গৃহস্থই তামোল-পাণৰ শৰাই দি পদূলিৰ পৰাই আগবঢ়াই নিয়াৰ নিয়ম। ৰাইজৰ পদধূলা চোতালত পৰিলে গৃহস্থই ধন্য মানে। হুঁচৰি গোৱা ৰাইজে গ্বহস্থৰ চোতালত প্ৰবেশ কৰি এইদৰে গ্বহস্থৰ কুশল কামনা কৰি গায়-

“গোহালিত গৰু- হৈছে

পুখুৰীত মাছ- হৈছে

বাৰীত তামোল-পাণ- হৈছে

গৃহস্থৰ কুশলৰ অৰ্থে- হৰিবোল”

লগতে পঢ়ক: কেনেদৰে পালন কৰা হয় সাত বিহু? ইয়াৰ আঁৰৰ পৰম্পৰাৰ বিষয়ে জানক…