Paush Purnima 2026: পুহ পূৰ্ণিমাত কি কৰিব আৰু কি নকৰিব! এনে ভুলৰ পৰা যিকোনো প্ৰকাৰে বিৰত থাকক, অন্যথা পৰিব সমস্যাত
বিশ্বাস কৰা হয় যে এই দিনটোত শুদ্ধ চিত্তেৰে পূজা আৰু ব্ৰত পালন কৰিলে পাপৰ পৰা মুক্তি পোৱাৰ লগতে অনন্য পুণ্য লাভ হয়। ২০২৬ বৰ্ষৰ পুহ পূৰ্ণিমাৰ শুভ মুহূৰ্ত আৰু পালনীয় নীতিসমূহ তলত আগবঢ়োৱা হ’ল।

প্ৰতিনিধিত্বমূলক ছবি
হিন্দু ধৰ্মত পূৰ্ণিমা আৰু অমাৱস্যাৰ বিশেষ মহত্ব আছে। এই দিনকেইটাত কিছুমান বিশেষ ধৰ্মীয় নীতি-নিয়ম পালন কৰা হয়। আন পূৰ্ণিমা তিথিসমূহৰ দৰে পুহ পূৰ্ণিমাৰো এক বিশেষ ধৰ্মীয় আৰু আধ্যাত্মিক গুৰুত্ব আছে। এই দিনটো দান-দক্ষিণা, স্নান আৰু জপ-তপৰ বাবে অতি শুভ বুলি হিচাপে কৰা হয়। বিশ্বাস কৰা হয় যে এই দিনটোত শুদ্ধ চিত্তেৰে পূজা আৰু ব্ৰত পালন কৰিলে পাপৰ পৰা মুক্তি পোৱাৰ লগতে অনন্য পুণ্য লাভ হয়। ২০২৬ বৰ্ষৰ পুহ পূৰ্ণিমাৰ শুভ মুহূৰ্ত আৰু পালনীয় নীতিসমূহ তলত আগবঢ়োৱা হ’ল:
পুহ পূৰ্ণিমা ২০২৬ৰ শুভ মুহূৰ্ত আৰু তিথি
পূৰ্ণিমা তিথি আৰম্ভঃ ২ জানুৱাৰী, ২০২৬ (শুক্ৰবাৰ), সন্ধিয়া ০৬:৫৩ বজাৰ পৰা।
পূৰ্ণিমা তিথি সমাপ্তঃ ৩ জানুৱাৰী, ২০২৬ (শনিবাৰ), বিয়লি ০৩:৩২ বজাত।
স্নান আৰু ব্ৰতৰ তাৰিখঃ উদয়া তিথি অনুসৰি ৩ জানুৱাৰী, ২০২৬ শনিবাৰে পুহ পূৰ্ণিমা পালন কৰা হ’ব।
ব্ৰহ্ম মুহূৰ্ত (স্নানৰ বাবে): পুৱা ০৫:২৫ বজাৰ পৰা ০৬:২০ বজালৈ।
অভিজিৎ মুহূৰ্ত (পূজাৰ বাবে): দুপৰীয়া ১২:০৫ বজাৰ পৰা ১২:৪৬ বজালৈ।
পুণ্য লাভৰ বাবে কি কৰিব
পুহ পূৰ্ণিমাৰ দিনা কিছুমান বিশেষ কাৰ্য কৰিলে মানসিক শান্তি পোৱাৰ লগতে আৰ্থিক দিশটো উন্নতি হয়ঃ
পবিত্ৰ স্নানঃ এই দিনা গংগা, যমুনা বা যিকোনো পবিত্ৰ নদীত স্নান কৰিলে মোক্ষ লাভ হয় বুলি বিশ্বাস কৰা হয়। যদি নদীলৈ যোৱা সম্ভৱ নহয়, তেন্তে ঘৰতে গা ধোৱা পানীত অলপ গংগাজল মিহলাই স্নান কৰক।
সূৰ্য দেৱতাক অৰ্ঘ্যঃ স্নানৰ পিছত তামৰ পাত্ৰত পানী, ৰঙা ফুল আৰু চাউল লৈ উদীয়মান সূৰ্যলৈ অৰ্ঘ্য অৰ্পণ কৰক।
সত্যনাৰায়ণ কথাঃ এই দিনা ভগৱান বিষ্ণুৰ সত্যনাৰায়ণ ৰূপৰ কথা শুনা আৰু শ্ৰীসূক্ত পাঠ কৰাটো অত্যন্ত ফলদায়ক।
বগা বস্তু দানঃ চন্দ্ৰ দেৱতাক সন্তুষ্ট কৰিবলৈ গাখীৰ, চাউল, চেনী বা বগা চন্দন দান কৰক। যিহেতু এয়া শীতকাল, সেয়েহে কম্বল বা গৰম কাপোৰ দান কৰাটো ‘মহাদান’ বুলি গণ্য কৰা হয়।
আঁহত গছৰ পূজাঃ পূৰ্ণিমাৰ দিনা আঁহত গছত লক্ষ্মী দেৱীৰ বাস থাকে বুলি বিশ্বাস কৰা হয়। পুৱা গছজোপাত পানী দিয়ক আৰু সন্ধিয়া ঘিঁউৰ চাকি জ্বলাওক।
এই ভুলবোৰৰ পৰা আঁতৰি থাকক
ধৰ্মীয় বিশ্বাস অনুসৰি, এই দিনটোত তলত দিয়া ভুলবোৰে আপোনাক সমস্যাত পেলাব পাৰেঃ
দেৰিলৈকে নুশুবঃ পূৰ্ণিমাৰ দিনা সূৰ্যোদয়ৰ পিছলৈকে শুই থাকিলে শৰীৰত নেতিবাচক শক্তি প্ৰৱেশ কৰে আৰু ভাগ্য দুৰ্বল হয়।
আমিষ আহাৰ পৰিত্যাগঃ এই দিনা মাংস, মদ, নহৰু আৰু পিয়াঁজ ভক্ষণ নকৰিব। কেৱল সাত্বিক আহাৰহে গ্ৰহণ কৰিব।
তুলসী পাত নিচিঙিবঃ পূৰ্ণিমা তিথিত তুলসী পাত ছিঙিব নালাগে। পূজাৰ বাবে প্ৰয়োজন হ’লে এদিন আগতেই ছিঙি ৰাখক।
বাদ-বিবাদ আৰু ক্ৰোধঃ ঘৰত কাজিয়া-পেচাল নকৰিব আৰু কোনো বৃদ্ধ বা অসহায় ব্যক্তিক অপমান নকৰিব।
টকাৰ লেনদেনঃ জ্যোতিষশাস্ত্ৰ অনুসৰি, পূৰ্ণিমাৰ দিনা কাৰোবাক ধাৰ নিদিব বা ধাৰ নল’ব। ইয়াৰ ফলত আৰ্থিক অৱস্থাত বেয়া প্ৰভাৱ পৰিব পাৰে।