Mahashivratri 2025 Date: মহাশিৱৰাত্ৰি কেতিয়া? জানক পূজাৰ দিন, শুভ সময়, কি কি অৰ্পন কৰিব লাগে…
Mahashivratri 2025 Date: হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিৰ বিশেষ গুৰুত্ব আছে। ধৰ্মীয় মান্যতা অনুসৰি, এই দিনটোত ভগৱান শিৱক পূজা কৰিলে মনৰ সকলো কামনা পূৰণ হয়।

হিন্দু ধৰ্মত ভগৱান শিৱৰ বহুত মহত্ব আছে। কোৱা হয়, শিৱক পূজা কৰিলে ভক্তৰ সকলো মনৰ কামনা পূৰণ হয়। যদি বিধি অনুসৰি পূজা কৰা হয় তেন্তে মহাদেৱ সন্তুষ্ট হয় আৰু ভক্তক আশীৰ্বাদেৰে উপচাই পেলায়। শিৱক আৰাধনা কৰাৰ বাবে কোনো বিশেষ দিন নাথাকে। কিন্তু প্ৰতিবছৰে ভক্তসকলে শিৱৰ প্ৰতি উচৰ্গা কৰি মহাশিৱৰাত্ৰি পালন কৰে। এই দিনটোতে ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিয়া হৈছিল। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীক পূজা কৰিলে মানুহৰ সকলো দুখৰ অন্ত পৰে। ইয়াৰ লগতে জীৱনত সুখ আৰু সমৃদ্ধি আহে।
মহা শিৱৰাত্ৰি কেতিয়া
হিন্দু পঞ্জিকা অনুসৰি ফাগুন মাহৰ কৃষ্ণ পক্ষ চতুৰ্থী তিথিৰ আৰম্ভণি ২৬ ফেব্ৰুৱাৰী, বুধবাৰে পুৱা ১১ বাজি ৮ মিনিটৰ পৰা হ’ব। লগতে এই তিথিৰ সমাপ্তি ২৭ ফেব্ৰুৱাৰীৰ পুৱা ৮ বাজি ৫৪ মিনিটত হ’ব। মহাশিৱৰাত্ৰিৰ পূজা ৰাতি কৰা হয়। যাৰ বাবে চলিত বৰ্ষত শিৱৰাত্ৰি ২৬ ফেব্ৰুৱাৰীত হ’ব।
শুভ সময়
মহাশিৱৰাত্ৰিৰ দিনা নিশিত কালত পূজা কৰাৰ বিশেষ মহত্ব আছে। এই নিশিত কাল ২৬ ফেব্ৰুৱাৰীৰ নিশা ১২:০৯ বজাৰ পৰা ১২:৫৯ বজালৈ থাকিব। এই সময়খিনিয়ে শিৱক পূজা কৰাৰ শুভ সময়। এক কথাক, ভক্তসকলে শিৱক পূজা কৰিবলৈ প্ৰায় ৫০ মিনিট সময় পাব।
প্ৰহৰ
- ৰাতি প্ৰথম প্ৰহৰ পূজাৰ সময় – সন্ধিয়া ০৬:১৯ বজাৰ পৰা নিশা ০৯:২৬ বজালৈ।
- ৰাতি দ্বিতীয় প্ৰহৰ পূজাৰ সময় – ৯ বাজি ২৬ মিনিটৰ পৰা ২৭ ফেব্ৰুৱাৰীৰ নিশা ১২ বাজি ৩৪ মিনিটলৈ।
- ৰাতি তৃতীয় প্ৰহৰ পূজাৰ সময় – ২৭ ফেব্ৰুৱাৰী পুৱা ১২:৩৪ বজাৰ পৰা ০৩:৪১ বজালৈ হ’ব।
- ৰাতি চতুৰ্থ প্ৰহৰ পূজাৰ সময় – ২৭ ফেব্ৰুৱাৰী পুৱা ০৩:৪১ বজাৰ পৰা ০৬:৪৮ বজালৈ হ’ব।
কি কি অৰ্পন কৰিব লাগে
- শিৱলিংগত জলাভিষেক কৰিলে ভাল ফল পোৱা যায় বুলি কোৱা হয়। ধৰ্মীয় মান্যতা অনুসৰি মহাশিৱৰাত্ৰিৰ দিনা শিৱক জলাভিষেক কৰিলে ভক্তই আশীৰ্বাদ লাভ কৰে। এই দিনটোত ভগৱান শিৱৰ প্ৰিয় বস্তু অৰ্পন কৰিলে ভগৱান সন্তুষ্ট হয় বুলি কোৱা হয়।
- ৰুদ্ৰাক্ষ ভগৱান শিৱৰ মহান প্ৰসাদ বুলি গণ্য কৰা হয়। কোৱা হয়, শিৱৰ চকুলোৰ পৰা ইয়াৰ উৎপত্তি হৈছিল।মহাশিৱৰাত্ৰিৰ দিনা ৰুদ্ৰাক্ষ অৰ্পন কৰিলে মানুহে সকলো প্ৰকাৰৰ সুখ লাভ কৰে।
- বেল পাত শিৱৰ অত্যন্ত প্ৰিয়। মান্যতা অনুসৰি শিৱক বেলপাত অৰ্পন কৰিলে ভক্তৰ মনোবাঞ্চা শীঘ্ৰেই পূৰণ হয়।সনাতন ধৰ্মত তিনিটা পাতৰ ভিতৰত এটাক ৰজ,দ্বিতীয়টো সত্ত্ব আৰু তৃতীয়টোক তামোগুণ বুলি গণ্য কৰা হয়।
- ভগৱান শিৱৰ পূজা ভষ্মৰ বিশেষ মহত্ব আছে। মহাশিৱৰাত্ৰিৰ দিনা ভষ্ম অৰ্পণ কৰিলে মানুহৰ সকলো পাপ নাশ হয় বুলি বিশ্বাস কৰা হয়।
- ভগৱান শিৱক গাখীৰ অৰ্পন কৰাও শুভ বুলি কোৱা হয়।
(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা আৰু বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি-৯ অসমৰ কোনো সম্পৰ্ক নাই।)
অন্য খবৰ পঢ়কঃ Holi 2025 date: হোলী কেতিয়া? ৰঙৰ উৎসৱ ফাকুৱাৰ সৈতে ৰাধা-কৃষ্ণৰ কি সম্পৰ্ক জানেনে? সবিশেষ