শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Lunar eclipse 2025 date: ছেপ্টেম্বৰত বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ, ভাল প্ৰভাৱ পৰিব এই ৪ ৰাশিৰ ওপৰত…

Lunar eclipse 2025 date: হিন্দু ধৰ্মত সূৰ্যগ্ৰহণ বা চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। বছৰৰ দ্বিতীয়টো চন্দ্ৰ গ্ৰহণ ৭ ছেপ্টেম্বৰত হ'ব। এই সময়চোৱাত কিছু ৰাশিৰ লোকৰ ওপৰত ভাল প্ৰভাৱ পৰিব।

Lunar eclipse 2025 date: ছেপ্টেম্বৰত বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ, ভাল প্ৰভাৱ পৰিব এই ৪ ৰাশিৰ ওপৰত…
চন্দ্ৰগ্ৰহণImage Credit source: Unsplash
barasha-sarma
Barasha Sarma | Published: 22 Aug 2025 09:52 AM

হিন্দু ধৰ্মত চন্দ্ৰগ্ৰহণৰ গুৰুত্ব অধিক। জ্যোতিষ শাস্ত্ৰ মতে, চন্দ্ৰগ্ৰহণে কিছু ৰাশিৰ জীৱনত ভাল প্ৰভাৱ পেলোৱাৰ বিপৰীতে কিছুমানৰ জীৱনত সমস্যাৰ সৃষ্টি কৰে। ২০২৫ চনৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ ৭ ছেপ্টেম্বৰ দেওবাৰে হ’ব। জ্যোতিষ শাস্ত্ৰ মতে, এই গ্ৰহণ কুম্ভ ৰাশিত হ’ব। ভাৰতীয় সময় অনুসৰি নিশা ৯:৫৮ বজাৰ পৰা এই গ্ৰহণ আৰম্ভ হৈ ১:২৬ বজাত শেষ হ’ব। ইয়াৰ মুঠ সময়সীমা হ’ব প্ৰায় ৩ ঘণ্টা ২৮ মিনিট। জ্যোতিষ শাস্ত্ৰৰ মতে এই গ্ৰহণৰ প্ৰভাৱ কিছুমান ৰাশিৰ ওপৰত শুভ হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ ৪ ৰাশিৰ লোকে সফলতা লাভ কৰিব।

জ্য়োতিষ শাস্ত্ৰৰ মতে, যেতিয়া চন্দ্ৰ, পৃথিৱী আৰু সূৰ্য সৰলৰেখাত আহে তেতিয়া চন্দ্ৰগ্ৰহণ হয়। জ্য়োতিষ শাস্ত্ৰৰ মতে এই গ্ৰহণৰ প্ৰভাৱ ভাল বা বেয়া দুয়োটা হ’ব পাৰে। কিন্তু কুম্ভ ৰাশিত এই গ্ৰহণ হোৱা বাবে ৪ টা ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পৰিব।

মেষ ৰাশি

এইবাৰৰ চন্দ্ৰগ্ৰহণ মেঘ ৰাশিৰ লোকৰ বাবে শুভ হ’ব। এই ৰাশিৰ লোকৰ কেৰিয়াৰত উন্নতি হোৱাৰ লগতে হাতলৈ ধন আহিব। হঠাতে আৰ্থিক উন্নতি আহিব। ব্যৱসায়ৰ ক্ষেত্ৰত ভাল। ডাঙৰ ডিল লাভ কৰিব পাৰে, চাকৰিত পদোন্নতিৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব আৰু পৰিশ্ৰমৰ ফলত সফলতা লাভ কৰিব। সামাজিক আৰু পেছাদাৰী জীৱনত সুনাম বৃদ্ধিৰ যোগ আছে।

মিথুন ৰাশি

এই ৰাশিৰ লোকৰ বাবেও এইবাৰৰ চন্দ্ৰগ্ৰহণ অতি ভাল। ভ্ৰমণৰ সম্ভাৱনা আছে। ইয়াৰোপৰি শিক্ষাৰ ক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব। বিদেশ যাত্ৰা কৰিব বিচৰাসকলৰ বাবে ভাল সময়। পৰিশ্ৰমৰ ফলত সফলতা আহিব। ধৰ্মীয় কামত মনোযোগ বাঢ়িব। মানসিক শান্তি থাকিব। আৰ্থিক লাভৰ সম্ভাৱনা আছে।

তুলা ৰাশি

চন্দ্ৰগ্ৰহণে তুলা ৰাশিৰ লোকৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব। প্ৰেম, সৃষ্টিশীলতা আৰু শিশুৰ সৈতে জড়িত বিষয়ত সফলতা লাভ কৰিব। প্ৰেমত শুভ। অবিবাহিতসকলে সংগী লাভ কৰিব পাৰে। শিল্পৰ সৈতে জড়িতসকলৰ প্ৰতিভাই স্বীকৃতি লাভ কৰিব। দাম্পত্য  জীৱন শুভ। ধন বিনিয়োগৰ পৰা লাভ পাব পাৰে।

ধনু ৰাশি

ধনু ৰাশিৰ লোকৰ বাবেও এইবাৰৰ চন্দ্ৰগ্ৰহণ ভাল। আপোনাৰ জীৱনলৈ সফলতা আহিব। সাহস বৃদ্ধি হ’ব। ভাই-ভগ্নীৰ সৈতে সম্পৰ্ক ভাল হ’ব। তেওঁলোকৰ সমৰ্থন প্ৰাপ্ত হব। ভ্ৰমণৰ সম্ভাৱনা আছে।  এই ভ্ৰমণৰ পৰা লাভ হোৱাৰ সম্ভাৱনা আছে। সংবাদ মাধ্যম, লেখা আৰু যোগাযোগৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলে বিশেষ সফলতা লাভ কৰিব। সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা ভাল হ’ব। যিয়ে আপোনাক সঠিক পথ দেখুৱাব।

কি কৰিব আৰু কি নকৰিব

  • ৰন্ধা-বঢ়াৰ পৰা বিৰত থাকক।
  • খাদ্য খোৱাৰ পৰা বিৰত থাকক।
  • মন্ত্ৰ জপ কৰিব পাৰে।
  • দান কৰিব পাৰে।
  • গ্ৰহণৰ পাছত গা ধুব লাগে।

 

(অস্বীকাৰঃ ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ লগত টিভি৯ অসমৰ সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ বছৰৰ দ্বিতীয়টো সূৰ্য গ্ৰহণ অশুভ এই ৰাশিৰ লোকৰ বাবে!