New Year 2025: যদি নৱবৰ্ষৰ প্ৰথম দিনটোত এই বস্তুসমূহ দেখে, তেন্তে উজলি উঠিব আপোনাৰ ভাগ্য!
নতুন বছৰৰ প্ৰথম দিনটোত কিছুমান বস্তু দেখিলেই মানুহৰ ভাগ্য উজ্জ্বল হ’ব পাৰে। বছৰৰ প্ৰথম দিনটোত কোনবোৰ বস্তু দেখা পোৱাটো শুভ হয় জানো আহক।
![New Year 2025: যদি নৱবৰ্ষৰ প্ৰথম দিনটোত এই বস্তুসমূহ দেখে, তেন্তে উজলি উঠিব আপোনাৰ ভাগ্য! New Year 2025: যদি নৱবৰ্ষৰ প্ৰথম দিনটোত এই বস্তুসমূহ দেখে, তেন্তে উজলি উঠিব আপোনাৰ ভাগ্য!](https://images.assamtv9.com/uploads/2024/12/New-year-2025.jpg?w=1280)
Neem Karoli Baba Lucky Signs: নিম কৰোলি বাবাৰ নাম মহান সাধুৰ ভিতৰত অন্তৰ্ভুক্ত। শক্তি আৰু জ্ঞানৰ বাবেই তেওঁ সমগ্ৰ দেশতে বিখ্যাত। নিম কৰোলি বাবাক টিকোনিয়া বাবা আৰু তলাইয়া বাবা বুলিও জনা যায়। কেইঘণ্টামানৰ পিছত নতুন বছৰ আৰম্ভ হ’ব। নিম কৰোলি বাবাৰ মতে নৱবৰ্ষৰ প্ৰথম দিনটোত কিছুমান বিশেষ বস্তু দেখিলে মানুহৰ জীৱনলৈ এক ডাঙৰ পৰিৱৰ্তন আনে আৰু লগতে ভাগ্যও সলনি হ’ব পাৰে। নৱবৰ্ষৰ প্ৰথম দিনটোত দেখা কোনবোৰ বস্তু সৌভাগ্যৰ চিন স্বৰূপ জানি লওঁক।
সাধুৰ আবিৰ্ভাৱ
নিম কৰোলি বাবাৰ মতে, নতুন বছৰৰ প্ৰথম দিনটোত সাধু-সন্তক দেখা পোৱাটো অতি শুভ লক্ষণ বুলি গণ্য কৰা হয়। ৰাতিপুৱাই সাধুৰ দৰ্শন কৰিলে মানুহৰ ভাল সময় আৰম্ভ হয় আৰু ইয়াৰ দ্বাৰা দেৱ-দেৱীৰ আশীৰ্বাদ পোৱা যায়।
চকুত চকুলো
নিম কৰোলি বাবাৰ মতে, যদি কোনো ব্যক্তিয়ে নিজৰ জীৱনত সদায় ঈশ্বৰৰ ধ্যান কৰে আৰু এই সময়ছোৱাত চকুৰ পৰা চকুলো সৰিবলৈ ধৰে, তেন্তে ই এক শুভ লক্ষণ দিয়ে। নতুন বছৰৰ প্ৰথম দিনাই পূজাৰ সময়ত চকুৰ পৰা চকুলো পৰিলে জীৱনৰ দুখৰ পৰা সকাহ পোৱাৰ লগতে সুখ আৰু সমৃদ্ধি বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়।
ঘৰলৈ জীৱ-জন্তু আৰু চৰাই অহা
নিম কৰোলি বাবাৰ মতে, নৱবৰ্ষৰ দিনা যদি কোনো জন্তু বা চৰাই আপোনাৰ ঘৰলৈ আহে, তেন্তে ই জীৱনত বহুতো শুভ কাম আগমণ হ’ব। ঘৰত জীৱ-জন্তু আৰু চৰাইৰ আগমনৰ লগে লগে এজন ব্যক্তিয়ে দেৱ-দেৱীৰ আশীৰ্বাদ লাভ কৰে আৰু ঘৰলৈ সুখ আহে।
নতুন বছৰৰ প্ৰথম দিনাই এইবোৰ ব্যৱস্থা কৰক
নৱবৰ্ষৰ প্ৰথম দিনা ৰাতিপুৱা সাৰ পোৱাৰ পিছত কিছু সময় মনে মনে থাকক। নিম কৰোলি বাবাৰ মতে, ৰাতিপুৱা সাৰ পোৱাৰ পিছত কিছু সময় নিমাত থাকিলে শৰীৰত ধনাত্মক শক্তি সংগ্ৰহ হয়, যাৰ ফলত মানুহ বুদ্ধিমান হয়।
![উমৰাংছুৰ কয়লা খনিত কেনে চলিছে উদ্ধাৰ অভিযান ? নিহত পৰিয়ালক প্ৰদান কৰা হ’ল আৰ্থিক সাহাৰ্যৰ চেক… উমৰাংছুৰ কয়লা খনিত কেনে চলিছে উদ্ধাৰ অভিযান ? নিহত পৰিয়ালক প্ৰদান কৰা হ’ল আৰ্থিক সাহাৰ্যৰ চেক…...](https://images.assamtv9.com/uploads/2025/01/Umrangso-1.jpg?w=400)
![iPhone 16 ৰ পৰা OnePlus 12 লৈকে, এই স্মাৰ্টফোনত ১২ হাজাৰ পৰ্যন্ত আকৰ্ষণীয় ৰেহাই, সবিশেষ চাওক iPhone 16 ৰ পৰা OnePlus 12 লৈকে, এই স্মাৰ্টফোনত ১২ হাজাৰ পৰ্যন্ত আকৰ্ষণীয় ৰেহাই, সবিশেষ চাওক...](https://images.assamtv9.com/uploads/2025/01/iPhone-7.jpg?w=400)
![মৃত্যু নে যাৱজ্জীৱন কাৰাদণ্ড? কি শাস্তি পাব আৰজি কৰ কাণ্ডত দোষী সাব্যস্ত সঞ্জয় ৰয়ে? মৃত্যু নে যাৱজ্জীৱন কাৰাদণ্ড? কি শাস্তি পাব আৰজি কৰ কাণ্ডত দোষী সাব্যস্ত সঞ্জয় ৰয়ে?...](https://images.assamtv9.com/uploads/2025/01/rg-kar-rape-case-verdict.webp?w=400)
![অত্যাধিক কল খালে কি কি সমস্যা সৃষ্টি হ’ব পাৰে ? জানক অত্যাধিক কল খালে কি কি সমস্যা সৃষ্টি হ’ব পাৰে ? জানক...](https://images.assamtv9.com/uploads/2025/01/banana-5.jpg?w=400)