শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Janmashtami 2025: জন্মাষ্টমীত বিৰল সংযোগ, এই ৩ ৰাশিৰ লোকে লাভ কৰিব সফলতা!

সমগ্ৰ দেশতে উদযাপন কৰা হয় জন্মাষ্টমী উৎসৱ। ২০২৫ চনত কোনবোৰ শুভ যোগত এই উৎসৱ পালন কৰা হ’ব, জন্মাষ্টমী উদযাপনৰ সঠিক তাৰিখৰ লগতে কোন ৰাশি উপকৃত হ’ব জানক।

Janmashtami 2025: জন্মাষ্টমীত বিৰল সংযোগ, এই ৩ ৰাশিৰ লোকে লাভ কৰিব সফলতা!
কৃষ্ণ জন্মাষ্টমী
trishna-kalita
Trishna Kalita | Published: 11 Aug 2025 16:14 PM

ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তাৰিখে প্ৰতি বছৰে ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়। হিন্দু দেৱতাৰ ভিতৰত ভগৱান শ্ৰী কৃষ্ণ সৰ্বাধিক পূজিত দেৱতা। ভগৱান শ্ৰী কৃষ্ণক বিষ্ণু নৱম অৱতাৰ বুলি গণ্য কৰা হয়। তেখেতৰ জন্ম বাৰ্ষিকী শ্ৰীকৃষ্ণ জন্মাষ্টমী হিচাপে পালন কৰা হয়। এই দিনটোত মন্দিৰত বিশেষ ৰীতি-নীতি কৰা হয় আৰু ভক্তসকলে শ্ৰীকৃষ্ণক পূজা কৰে।

দ্বাপৰ যুগত ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিৰ ৰোহিনী নক্ষত্ৰত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল । ২০২৫ চনত ভগৱান শ্ৰীকৃষ্ণৰ ৫২৫২ তম জন্ম বাৰ্ষিকী পালন কৰা হ’ব।

জন্মাষ্টমী ২০২৫ শুভ যোগ

হিন্দু কেলেণ্ডাৰ মতে ২০২৫ চনত শ্ৰী কৃষ্ণ জন্মাষ্টমী ১৫ আৰু ১৬ আগষ্ট দুয়োটা দিনতে উদযাপন কৰা হ’ব।

১৫ আগষ্ট তাৰিখে বৃদ্ধি যোগ গঠন হৈছে। এই দিনটোতে থাকিব ভৰণী নক্ষত্ৰ। এই দিনটোত চন্দ্ৰ মেষ ৰাশিত থকাৰ বিপৰীতে সূৰ্য কৰ্কট ৰাশিত থাকিব।

১৬ আগষ্ট তাৰিখে বৃদ্ধি আৰু ঘ্ৰুব যোগৰ গঠন হৈছে। লগতে এই দিনটোতে থাকিব ভৰাণী নক্ষত্ৰ।

২০২৫ চনৰ ১৫ আগষ্ট তাৰিখে দেশৰ বিভিন্ন প্ৰান্তত জন্মাষ্টমী উৎসৱ পালন কৰা হ’ব। আনহাতে, নিশিত কালৰ সময়ত যিদিনা অষ্টমী তিথিৰ প্ৰাধান্য হয়, সেই দিনটোকে অগ্ৰাধিকাৰ দিয়া হয়। লগতে ১৫ আগষ্টত জন্মাষ্টমীৰ ব্ৰত ৰখা হ’ব। ১৬ আগষ্টত নিশিতা পূজাৰ সময় ১২.০৪ মিনিটৰ পৰা ১২.৪৭ মিনিটলৈ হ’ব।

২০২৫ চনৰ ১৬ আগষ্টত বৈষ্ণৱ পন্থাৰ লোকে জন্মাষ্টমী উৎসৱ পালন কৰিব। বৈষ্ণৱ সম্প্ৰদায়ত বিশ্বাসী লোকসকলে অষ্টমী তিথি আৰু ৰোহিনী নক্ষত্ৰক অগ্ৰাধিকাৰ দিয়ে আৰু তেওঁলোকে কেতিয়াও সপ্তমী তিথিত জন্মাষ্টমী পালন নকৰে। যিসকলে ১৬ আগষ্টত ব্ৰত ৰাখিব, তেওঁলোকৰ বাবে নিশিতা পূজাৰ সময় হ’ব ১৭ আগষ্ট দেওবাৰে নিশা ১২:০৪ বজাৰ পৰা ১২:৪৭ বজালৈ।

জন্মাষ্টমী ২০২৫ তিথি

১৫ আগষ্টৰ নিশা ১১.৪৮ বজাৰ পৰা আৰম্ভ হ’ব অষ্টমী তিথি।

১৬ আগষ্টৰ নিশা ৯.৩৪ বজাত অন্ত পৰিব অষ্টমী তিথি।

ৰোহিনী নক্ষত্ৰ

এই দিনটোত ১৭ আগষ্ট, ২০২৫ তাৰিখে পুৱা ৪.৩৮ বজাত আৰম্ভ হ’ব ৰোহিনী নক্ষত্ৰ।
অহা ১৮ আগষ্ট, ২০২৫ তাৰিখে পুৱা ৩.১৭ বজাত ৰোহিনী নক্ষত্ৰৰ অন্ত পৰিব।

এই ৰাশিৰ লোক উপকৃত হ’ব

কন্যা ৰাশি – কন্যা ৰাশি জাতক জাতিকাসকলে এই দিনটোত উপকাৰ লাভ কৰিব পাৰিব। এই দিনটোত দিয়া সাক্ষাৎকাৰত আপুনি সফলতা লাভ কৰিব। এই দিনটো আপোনাৰ বাবে ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব। প্ৰতিযোগীসকলে পৰীক্ষাত সফলতা লাভ কৰিব।

ধনু ৰাশি – ধনু ৰাশি জাতক জাতিকাসকলৰ এই দিনটোত এই শুভ যোগৰ গঠনৰ বাবে ভ্ৰমণৰ দ্বাৰা উপকৃত হোৱাৰ সম্ভাৱনা আছে। এই দিনটো আপোনাৰ কেৰিয়াৰৰ বাবে শুভ হ’ব। এই দিনটোত আপুনি পৰিকল্পনা সফল হ’ব।

কুম্ভ ৰাশি – কুম্ভ ৰাশি জাতক জাতিকাসকলে এই দিনটোত নতুন সংস্পৰ্শৰ দ্বাৰা উপকৃত হব আৰু পৰিকল্পনা সফল হ’ব। বন্ধু-বান্ধৱীৰ সহায়ত আপুনি উপকৃত হ’ব। এই যোগে আপোনাৰ জীৱনত সুখ কঢ়িয়াই আনিব। পৰিয়ালত সম্পৰ্ক উন্নত হ’ব।

লগতে পঢ়ক: জন্মাষ্টমী কেতিয়া? ভগৱান শ্ৰীকৃষ্ণৰ জন্ম ক’ত, কেনেকৈ হৈছিল জানেনে?

(অস্বীকাৰ: এই তথ্য ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। টিভি৯ অসমে এই কথা নিশ্চিত কৰা নাই।)