শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পথত পৰি থকা পূজাৰ সামগ্ৰী গচকিলে কি হয়? বাস্তুশাস্ত্ৰই কৈছে এইদৰে…

পূজাৰ সামগ্ৰীয়ে এক প্ৰকাৰৰ শক্তি কঢ়িয়াই লৈ ফুৰে। ফলত যদি এনে সামগ্ৰী পথত পৰি থাকে আৰু ভুলতে আপুনি গচকি যায়, তেতিয়া সেই ঋণাত্মক শক্তি শৰীৰত বা ঘৰত প্ৰৱেশ কৰিব পাৰে।

পথত পৰি থকা পূজাৰ সামগ্ৰী গচকিলে কি হয়? বাস্তুশাস্ত্ৰই কৈছে এইদৰে…
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 03 Aug 2025 16:03 PM

নিজৰ জীৱনত সুখসমৃদ্ধিৰ বাবে ইশ্বৰ বিশ্বাসী লোকসকলে দেৱদেৱতাৰ পূজা কৰে পূজাৰ সময়ত দেৱদেৱীৰ আগত নৈবেদ্য আগবঢ়ায় সাধাৰণতে পূজাৰ সময়ত বহুখিনি সামগ্ৰীৰ ব্যৱহাৰ হয় পূজাৰ সামগ্ৰী বুলিলেই সকলোৰে মনত এক ভক্তিবোধৰ সৃষ্টি হয়। সেয়ে যিকোনো পূজাৰ সামগ্ৰী অত্যন্ত ভক্তিভাৱেৰে সংগ্ৰহ কৰে ভক্তসকলে। পূজা শেষ নোহোৱালৈকে এই সামগ্ৰীসমূহৰ যথেষ্ট গুৰুত্ব থাকে কিন্তু পূজা সম্পন্ন হোৱাৰ পিছত প্ৰায়ে এই সামগ্ৰীসমূহৰ গুৰুত্ব হ্ৰাস পোৱা পৰিলক্ষিত হয়।

পূজাত ব্যৱহৃত বিভিন্ন সামগ্ৰী বহু সময়ত পথত পৰি থকা দেখা যায়। এই সামগ্ৰীসমূহৰ ওপৰেৰেই বহুসম্যত মানুহে খোজ কাঢ়ি পাৰ হৈ যায় কেতিয়াবা এই সামগ্ৰীসমূহত মানুহৰ গচকো পৰে বহুলোকৰ মতে, পথত পৰি থকা যিকোনো পূজাৰ সামগ্ৰীত ভৰি দিয়াটো একেবাৰেই শুভ নহয়। পিছে বাস্তু শাস্ত্ৰই এই বিষয়ে কি কয়?

বাস্তু শাস্ত্ৰ মতে ৰাস্তাত পৰি থকা পূজাৰ সামগ্ৰীত ভৰি দিয়াটো অশুভ হিচাপে গণ্য কৰা হয়। এয়া বাস্তুৰ মৌলিক নীতিৰ প্ৰত্যক্ষ অংশ নহয় যদিও মূলতঃ ধৰ্মীয় বিশ্বাসৰ লগত জড়িত। বাস্তু শাস্ত্ৰৰ দৃষ্টিকোণৰ পৰা চালে কোৱা হয় যে পথত পৰি থকা পূজাৰ সামগ্ৰীত ভৰি দিব নালাগে, অন্যথা ঋণাত্মক শক্তি আকৰ্ষিত হয়।

পূজাৰ সামগ্ৰীয়ে এক প্ৰকাৰৰ শক্তি কঢ়িয়াই লৈ ফুৰে। ফলত যদি এনে সামগ্ৰী পথত পৰি থাকে আৰু ভুলতে আপুনি গচকি যায়, তেতিয়া সেই ঋণাত্মক শক্তি শৰীৰত বা ঘৰত প্ৰৱেশ কৰিব পাৰে। বহু সময়ত ৰাস্তাত পৰি থকা পূজাৰ সামগ্ৰীত ভৰি দিলে মানসিক অস্থিৰতা বা উদ্বিগ্নতা বৃদ্ধি পায়।

যদি আপুনি নিজেই ভাবে যে আপুনি কোনো পবিত্ৰ বস্তুত ভৰি দিছে, তেতিয়া ই আপোনাৰ মনত অপৰাধবোধৰ সৃষ্টি কৰিব পাৰে। এনে কাম কৰিলে ঘৰৰ ধনাত্মক শক্তি ধ্বংস হয় বুলিও বিশ্বাস কৰা হয়। বা বাস্তু ভাৰসাম্য ধ্বংস হ’ব পাৰে। গতিকে পথত পৰি থকা পূজাৰ সামগ্ৰীত কেতিয়াও ভৰি নিদিয়াই উচিত

বিশেষ দ্ৰষ্টব্যঃ এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ বাস্তু শাস্ত্ৰৰ ওপৰত আধাৰিত এই ক্ষেত্ৰত TV9 Assam- কোনো নিজা মত প্ৰকাশ কৰা নাই।