শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Mahashivratri 2025: মহাশিৱৰাত্ৰিৰ দিনা কেনেকৈ ভগৱান শিৱৰ জলাভিষেক কৰিব? শিৱলিংগত পানী ঢলাৰ শুদ্ধ নিয়ম জানক…

হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিৰ উৎসৱক অতি বিশেষ। মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগৰ জলাভিষেক আৰু ৰুদ্ৰাভিষেক কৰাৰ নিয়ম আছে। মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগৰ জলাভিষেকৰ শুদ্ধ নিয়ম সম্পৰ্কে সবিশেষ জানো আহক..

Mahashivratri 2025: মহাশিৱৰাত্ৰিৰ দিনা কেনেকৈ ভগৱান শিৱৰ জলাভিষেক কৰিব? শিৱলিংগত পানী ঢলাৰ শুদ্ধ নিয়ম জানক…
ঘৰতে মহাশিৱৰাত্ৰি পূজা কেনেকৈ কৰিব?
Trishna Kalita
Trishna Kalita | Updated On: 21 Feb 2025 23:33 PM

হিন্দু ধৰ্মত মহাশিৱৰাত্ৰিৰ উৎসৱক বিশেষ প্ৰাধান্য দিয়া হয়।  প্ৰতি বছৰে ফাগুন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত পালন কৰা হয় মহাশিৱৰাত্ৰি । এইবাৰ ২০২৫ চনৰ ২৬ ফেব্ৰুৱাৰীত পৰিছে মহাশিৱৰাত্ৰি। সমগ্ৰ দেশতে মহাশিৱৰাত্ৰি উৎসৱ অতি আড়ম্বৰেৰে পালন কৰা হয়।

ধৰ্মীয় বিশ্বাস অনুসৰি মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ বিবাহ সম্পন্ন হৈছিল। সেয়েহে যদি এই দিনটোত মহাদেৱৰ সৈতে দেৱী পাৰ্বতীকো পূজা কৰা হয়, তেন্তে বৈবাহিক জীৱন সুখময় হৈ পৰে। একে সময়তে অবিবাহিত ছোৱালীয়ে নিজৰ পছন্দৰ জীৱন সংগী লাভ কৰে। মহাশিৱৰাত্ৰিৰ দিনা ব্ৰহ্ম মুহূৰ্তৰ পৰা নিশালৈকে ভগৱান শিৱক পূজা কৰা হয়।

মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগৰ জলাভিষেক আৰু ৰুদ্ৰাভিষেক কৰাৰ নিয়ম আছে। মহাশিৱৰাত্ৰিৰ দিনা জলাভিষেক বা ৰুদ্ৰাভিষেক কৰিলে নিজৰ আকাংক্ষিত কামনা পূৰণ হয়। মহাশিৱৰাত্ৰিৰ দিনা শিৱৰ জলাভিষেক কৰি থাকোঁতে কি নিয়ম মানি চলিব লাগে এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক।

শিৱলিংগক পানী আগবঢ়োৱাৰ নিয়ম কি?

  • মহাশিৱৰাত্ৰিৰ দিনা শিৱলিংগত পানী ঢালিবলৈ সোণ, ৰূপ, পিতল বা তামৰ পাত্ৰ ব্যৱহাৰ কৰিব লাগে। ষ্টীলৰ পাত্ৰ লৈ কেতিয়াও শিৱলিংগৰ জলাভিষেক কৰা উচিত নহয়।
  • ধৰ্মীয় বিশ্বাস অনুসৰি শিৱলিংগত তুলসী আৰু হালধি আগবঢ়োৱা নিষিদ্ধ বুলি বিবেচিত হৈছে। এনে পৰিস্থিতিত মহাশিৱৰাত্ৰিৰ দিনা ভুলতেও এইবোৰ বস্তু শিৱলিংগত আগবঢ়োৱা উচিত নহয়।
  • শিৱলিংগৰ জলাভিষেক কৰি থাকোঁতে পূব দিশত থিয় হ’ব নালাগে। ইয়াৰ লগতে পশ্চিম দিশত থিয় হৈ শিৱলিংগত পানী আগবঢ়াব নালাগে।
  • শিৱলিংগৰ জলাভিষেক কৰি থাকোঁতে দক্ষিণ দিশত থিয় হ’ব লাগে, যাতে আপোনাৰ মুখখন উত্তৰ দিশত থাকে। বিশ্বাস মতে উত্তৰ দিশটো হৈছে দেৱ-দেৱীৰ দিশ।
  • কেতিয়াও শিৱলিংগৰ সম্পূৰ্ণৰূপে প্ৰদক্ষিণ কৰা নহয়। শিৱলিংগক আগবঢ়োৱা পানী অতি পবিত্ৰ, সেয়েহে ইয়াৰ ওপৰেৰে পাৰ হৈ যোৱাটো অশুভ বুলি গণ্য কৰা হয়।
  • মহাশিৱৰাত্ৰিৰ দিনা সদায় বহি বা প্ৰণাম কৰি শিৱলিংগত পানী আগবঢ়াব লাগে। থিয় হৈ কেতিয়াও শিৱলিংগক পানী আগবঢ়াব নালাগে। তেনে কৰাটো অশুভ বুলি কোৱা হয়।