Happy Durga Puja: আজি মহাষ্টমী, আত্মীয়ৰ লগতে বন্ধু-বান্ধৱীক দিয়ক অষ্টমীৰ শুভেচ্ছা
নৱৰাত্ৰিৰ অষ্টম দিনটোক দুৰ্গাষ্টমী বুলি কোৱা হয়। এই দিনটোতে ভাৰতৰ বেছিভাগ ঠাইতে কন্যা পূজাৰ জৰিয়তে দেৱী দুৰ্গাক সন্তুষ্ট কৰাৰ প্ৰয়াস কৰা হয়। দুৰ্গা পূজা উপলক্ষে মানুহে আনকি আপোনজনক বিশেষ বাৰ্তা, কবিতা বা ভক্তিমূলক শ্লোক প্ৰেৰণ কৰে।

আজি শাৰদীয় দুৰ্গোৎসৱৰ নৱৰাত্ৰিৰ অষ্টম দিন। মহা অষ্টমীৰ এই দিনটোত দুৰ্গা দেৱীৰ অষ্টম ৰূপ মহাগৌৰীক পূজা কৰা হয়। পৌৰাণিক কথা অনুসৰি, কঠোৰ তপস্যা কৰি দেৱী দুৰ্গাই গৌৰ বৰ্ণ প্ৰাপ্ত কৰিছিল বাবে তেওঁৰ নাম মহাগৌৰী পৰে। শাস্ত্ৰ অনুসৰি দেৱী মহাগৌৰীৰ পূজা কৰিলে ভক্তসকলে ধন, ঐশ্বৰ্য আৰু সুখ সাধনৰ বৃদ্ধি হয়।
নৱৰাত্ৰিৰ অষ্টম দিনটোক দুৰ্গাষ্টমী বুলি কোৱা হয়। এই দিনটোতে ভাৰতৰ বেছিভাগ ঠাইতে কন্যা পূজাৰ জৰিয়তে দেৱী দুৰ্গাক সন্তুষ্ট কৰাৰ প্ৰয়াস কৰা হয়। দুৰ্গা পূজা উপলক্ষে মানুহে আনকি আপোনজনক বিশেষ বাৰ্তা, কবিতা বা ভক্তিমূলক শ্লোক প্ৰেৰণ কৰে।
আপুনিও বিশেষ WhatsApp status বা quotes বা মেছেজ প্ৰেৰণ কৰিব বিচাৰে নেকি। আমি আপোনালোকৰ বাবে কিছুমান উত্তম উক্তি আৰু বাৰ্তা লৈ আহিছোঁ। এইবোৰ পঠিয়াই আপুনি আপোনাৰ আপোনজনক বেলেগ ধৰণেৰে Happy Durga Puja বা Happy Durga Ashtami ক’ব পাৰে।
- দুৰ্গতি নাসিনী মহামায়া মা দূর্গাৰ আশীৰ্বাদত আপোনাৰ লগতে পৰিয়ালৰ সকলোৰে জীৱনৰ পৰা সকলো অপাই-অমঙ্গল দূৰ হওঁক আৰু জীৱনত সুখ- শান্তিয়ে বিৰাজ কৰক।
- মা দুৰ্গাৰ চৰণত সেৱা জনাইছোঁ, আশাৰে ভৰা হওক। দুৰ্গা অষ্টমীৰ বাবে শুভেচ্ছা
- দুৰ্গা পূজা হৈছে সুখৰ দিন, আপোনাৰ জীৱন সুখেৰে ভৰি থাকক আৰু প্ৰতিটো ইচ্ছা পূৰণ হওঁক। শুভ দুৰ্গা অষ্টমী!
- মাৰ আশীৰ্বাদে আপোনাৰ প্ৰতিটো খোজ সফল কৰক, মাৰ আশীৰ্বাদ সদায় আপোনাৰ জীৱনত ৰৈ যাওক, অষ্টমীৰ শুভেচ্ছা থাকিল
- মাৰ আশীৰ্বাদ সদায় আপোনাৰ পৰিয়ালৰ লগত থাকক। মা দুৰ্গাই আপোনাৰ জীৱনত সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক, জয় মা দুৰ্গা
- দেৱীৰ কৃপাত জীৱন আলোকিত হওক, নৱৰাত্ৰিৰ উৎসৱে সকলোৰে জীৱনত সুখ কঢ়িয়াই আনক, অষ্টমীৰ শুভেচ্ছা।