শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Hanuman Chalisa: আপুনিও হনুমান চলিছা পাঠ কৰে নেকি? ইয়াৰ ধৰ্মীয় তাৎপৰ্য, উপযুক্ত সময়, সঠিক নিয়ম সম্পৰ্কে সবিশেষ জানক…

হনুমান চালিছা জপ কৰাক ভগৱান হনুমানক সন্তুষ্ট কৰাৰ আৰু তেওঁৰ আশীৰ্বাদ বিচৰাৰ অন্যতম সহজ উপায় বুলি বিশ্বাস কৰা হয়। এই ক্ষেত্ৰত হনুমানৰ আশীৰ্বাদ বিচৰা ভক্তসকলে কিছু নিয়ম আৰু শুদ্ধ নিৰ্দেশনা পালন কৰি নিতৌ হনুমান চালিছা পাঠ কৰিব লাগে।

Hanuman Chalisa: আপুনিও হনুমান চলিছা পাঠ কৰে নেকি? ইয়াৰ ধৰ্মীয় তাৎপৰ্য, উপযুক্ত সময়, সঠিক নিয়ম সম্পৰ্কে সবিশেষ জানক…
ভগৱান হনুমান
Trishna Kalita
Trishna Kalita | Updated On: 20 Feb 2025 13:46 PM

হনুমান চলিছা হৈছে অতি পবিত্ৰ স্তৱক বা প্ৰাৰ্থনা যিটো বৃহৎ সংখ্যক ভক্তই জপ কৰে। এই পবিত্ৰ স্তৱকটি ভগৱান হনুমানক সন্মান জনোৱাৰ বাবে উচৰ্গা কৰা হৈছে আৰু এই পবিত্ৰ প্ৰাৰ্থনা জপ কৰি মানুহে হনুমানৰ আশীৰ্বাদ বিচাৰে। এই পবিত্ৰ গীতটি ৰচনা কৰিছে তুলসীদাসে। হনুমান চালিছাত ৪০ টা শ্লোক আছে। ইয়াক আটাইতকৈ শক্তিশালী প্ৰাৰ্থনাৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়।

হনুমান চালিছা জপ কৰাক ভগৱান হনুমানক সন্তুষ্ট কৰাৰ আৰু তেওঁৰ আশীৰ্বাদ বিচৰাৰ অন্যতম সহজ উপায় বুলি বিশ্বাস কৰা হয়। এই ক্ষেত্ৰত হনুমানৰ আশীৰ্বাদ বিচৰা ভক্তসকলে কিছু নিয়ম আৰু শুদ্ধ নিৰ্দেশনা পালন কৰি নিতৌ হনুমান চালিছা পাঠ কৰিব লাগে। হনুমান চলিছাৰ বিশেষ ধৰ্মীয় তাৎপৰ্য আছে। যিয়ে  ভক্তক সুৰক্ষা দিয়াৰ পৰা সকলো ধৰণৰ সমস্যা আৰু বাধা দূৰ কৰে বুলি বিশ্বাস আছে।  সঠিকভাৱে আৰু সম্পূৰ্ণ ভক্তি ভাৱেৰে হনুমান চলিছা জপ কৰিলে গুৰুতৰ স্বাস্থ্যজনিত ৰোগৰো নিৰাময় হয়।

ভগৱান হনুমানৰ শক্তি, সাহস, শক্তিৰ প্ৰতীক। বিশ্বাস কৰা হয় যে যিসকল ভক্তই তেওঁক অপৰিসীম ভক্তি আৰু সমৰ্পণেৰে পূজা কৰি নিতৌ হনুমান চলিছা জপ কৰে, তেওঁলোকে সকলো ধৰণৰ দুখ-কষ্টৰ পৰা সকাহ পোৱাৰ লগতে সুখী আৰু সুস্থ জীৱন যাপন কৰে। তেওঁলোকক ভগৱান হনুমানে বিভিন্ন ধৰণে পথ প্ৰদৰ্শন কৰে যাতে তেওঁলোকে সুখী জীৱন যাপন কৰিব পাৰে।

 হনুমান চলিছা জপ কৰাৰ উপকাৰিতা

  1. দুঃস্বপ্ন: সঘনাই দুঃস্বপ্নৰ সন্মুখীন হোৱা ভক্তসকলক বেয়া সপোনৰ পৰা মুক্তি পাবলৈ নিয়মিতভাৱে হনুমান চলিছা জপ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
  2. বাধা আঁতৰ কৰে:  হনুমান চলিছা পাঠ কৰিলে আপোনাৰ বাটত অহা বাধাবোৰ দূৰ কৰাত সহায় কৰে।
  3. সুৰক্ষা: নিয়মীয়াকৈ হনুমান চলিছা পাঠ কৰিলে  হনুমানে ভক্তক সুৰক্ষা প্ৰদান কৰে।
  4. উদ্বেগ বা হতাশা: যিসকল লোকে উদ্বিগ্নতা আৰু হতাশাত ভুগি আছে, তেওঁলোকে প্ৰতিদিনে একে সময়তে হনুমান চলিছা জপ কৰিব লাগে।
  5.  লুকাই থকা শত্ৰু: হনুমান চলিছা জপ কৰিলে লুকাই থকা শত্ৰু আঁতৰোৱাত সহায় হয়।
  6.  ইতিবাচক শক্তি: নিয়মীয়াকৈ জপ কৰিলে চৌপাশ শুদ্ধ হয় আৰু ভক্তৰ চাৰিওফালে সমন্বয় আৰু ইতিবাচক শক্তিৰ জন্ম হয় ।
  7. মনোনিৱেশ বৃদ্ধি কৰা: সম্পূৰ্ণ ভক্তি আৰু মনোযোগেৰে জপ কৰা মানে শব্দ আৰু ইয়াৰ অৰ্থত মনোনিৱেশ কৰা।
  8. অশুভ শক্তি: যদি আপুনি অশুভ শক্তিj পৰা মুক্তি পাব বিচাৰে তেন্তে হনুমান চলিছাৰ পাঠ কৰাটো আপোনাৰ বাবে উপকাৰী। ভগৱান হনুমানে অশুভ শক্তিৰ পৰা মুক্তি পোৱাত সহায় কৰে।

হনুমান চলিছা পাঠৰ সময়ত পালন কৰিবলগীয়া নিয়ম

১) নিশাৰ সময়ত হনুমান চলিছা জপ কৰক, ৰাতিপুৱা নহয়। লক্ষ্য কৰা হৈছে যে ব্ৰহ্মমুহূৰ্তত (৩:৩০-৪:৩০ বজাত) হনুমান চলিছা জপ কৰাৰ পৰামৰ্শ দিয়া হয়। ইয়াৰ উপৰিও কোৱা হয় যে ভগৱান হনুমানে সূৰ্যাস্তলৈকে শ্ৰীৰামৰ তপস্যা কৰে। সেয়েহে ভক্তসকলে সন্ধিয়াও হনুমান চলিছা জপ কৰিব পাৰে।
২) হনুমান চলিছা পাঠ কৰাৰ আগতে সদায় ১০৮ বাৰ ৰাম নাম জপ কৰিব লাগে।
৩) হনুমান চলিছা পাঠ কৰি থাকোঁতে হনুমানৰ মূৰ্তি বা ফটো সন্মুখত ৰাখক।
৪) দেশী ঘিউৰে চাকি জ্বলাই তাৰ পিছত জপ কৰিবলৈ আৰম্ভ কৰক।
৫) হনুমান চলিছা খৰখেদাকৈ পাঠ প্ৰয়োজন নাই; প্ৰতিটো শব্দ উচ্চস্বৰে আৰু স্পষ্টকৈ উচ্চাৰণ কৰিব লাগে।
৬) মনত থাকিলেও সদায় কিতাপ এখনৰ পৰা পাঠ লাগে।
৭) সেই সময়ত এগিলাচ পানী ওচৰতে ৰাখক কাৰণ চালিছা জপ কৰিলে চৌপাশৰ অংশত কম্পন হয় বুলি কোৱা হয়। চালিছা পঢ়ি সম্পূৰ্ণ কৰি সেই পানী গ্ৰহণ কৰিব পাৰে কাৰণ তাত শোষক তত্ব আৰু স্মৃতিশক্তি থাকে।