শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সাৱধান! ছেপ্টেম্বৰত গঠন হ’ব গ্ৰহণ যোগ, প্ৰভাৱ পৰিব এইসমূহ ৰাশিৰ ওপৰত…

কিছুদিনৰ পাছতে গঠন হ'ব গ্ৰহণ যোগ। এই সময়চোৱাত কিছু ৰাশিৰ লোক সাৱধান হোৱা ভাল। কিয়নো এই সময়খিনিত কিছু ৰাশিৰ লোকৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে।

সাৱধান! ছেপ্টেম্বৰত গঠন হ’ব গ্ৰহণ যোগ, প্ৰভাৱ পৰিব এইসমূহ ৰাশিৰ ওপৰত…
ৰাশিফলImage Credit source: GettyImage
barasha-sarma
Barasha Sarma | Published: 03 Sep 2025 18:39 PM

জ্যোতিষ শাস্ত্ৰত গ্ৰহ, নক্ষত্ৰ আৰু সংযোগৰ বিশেষ মহত্ব আছে। কুণ্ডলীতো এনে কিছুমান যোগ গঠন হয় যাৰ বেয়া প্ৰভাৱ মানুহৰ ওপৰত পৰে। বহু সময়ত কষ্ট বা ত্যাগ কৰিও মানুহে সফলতা লাভ নকৰে। ফাল ফল পাবলৈ মানুহে বহু সময় অপেক্ষা কৰিবলগীয়া হয়।

জ্যোতিষ শাস্ত্ৰত গ্ৰহণ যোগক অশুভ বুলি কোৱা হয়। ইয়াৰ বাবে মানুহে বহু কষ্ট বা সমস্যাৰ সন্মুখীন হ’ব পাৰে। এই সময়চোৱাত ধন-সম্পত্তিৰ সমস্যা আহিব পাৰে। গতিকে ইয়াৰ বিষয়ে জানি মানুহে সাৱধান হ’ব পাৰে বা প্ৰতিকাৰ গ্ৰহণ কৰিব পাৰে।

কেনেকৈ গঠন হয় এই যোগ

গ্ৰহন যোগ হৈছে এক অশুভ যোগ যিয়ে কুণ্ডলীত বিশেষ পৰিস্থিতিৰ বাবে গঢ় লৈ উঠে। যেতিয় সূৰ্য আৰু চন্দ্ৰৰ সৈতে ৰাহু আৰু কেতু বিৰাজমান হয়, তেতিয়া গ্ৰহন যোগৰ সৃষ্টি হয়। যিটো ৰাশিফলৰ ঘৰত গ্ৰহন যোগ গঠন হয়, সেই ঘৰটোৰ লগত জড়িত ফলাফলত অশুভ প্ৰভাৱ পৰিব পাৰে।

কেতিয়া গঠন হ’ব গ্ৰহন যোগ?

বছৰৰ দ্বিতীয় তথা শেষৰটো চন্দ্ৰগ্ৰহণ ২০২৫ চনৰ ৭ ছেপ্টেম্বৰ, দেওবাৰে হ’ব। ইয়াৰ এদিন আগতে ৬ ছেপ্টেম্বৰ, শনিবাৰে গ্ৰহন যোগ গঠন হ’ব। ছেপ্টেম্বৰত ৰাহু কুম্ভ ৰাশিত চন্দ্ৰৰ সৈতে অৱস্থিত হ’ব। ৰাহু আৰু চন্দ্ৰ একেলগে থকাৰ বাবে কুম্ভ ৰাশিত গ্ৰহন যোগৰ সৃষ্টি হ’ব। ১১.২৩ মিনিটত এই যোগ গঠন হ’ব।

বিপদ হ’ব এই ৰাশিৰ!

মিথুন ৰাশি – কুম্ভ ৰাশিত ৰাহু আৰু চন্দ্ৰ একেলগে থকাৰ বাবে এই ৰাশিৰ লোকে কিছু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। কোনো সমস্যা বা ধনৰ অভাৱ হ’ব পাৰে।

কন্যা ৰাশি- এই ৰাশিৰ লোকৰ ওপৰতো গ্ৰহণ যোগৰ প্ৰভাৱ পৰিব পাৰে। এনে অৱস্থাত সম্পৰ্কৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে আৰু খৰচ অধিক হ’ব পাৰে। গতিকে খৰচৰ ওপৰত গুৰুত্ব দিয়ক। যিকোনো ডাঙৰ সিদ্ধান্ত লওতে জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰিব।

ধনু ৰাশিঃ  ধনু ৰাশিৰ লোকে গ্ৰহণ যোগৰ গঠনৰ বাবে সমস্যাৰ সন্মুখীন হ’ব পাৰে। এই সময়ছোৱাত কোনো ডাঙৰ চুক্তিত স্বাক্ষৰ নকৰিব। যিকোনো বিবাদৰ পৰা নিজক আঁতৰাই ৰাখক। কাজিয়া নকৰিব।

 

(ওপৰৰ লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ ওপৰত টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়কঃ ৰাহুৰ ভাল প্ৰভাৱ পৰিব এইসমূহ ৰাশিৰ ওপৰত