শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অহা সপ্তাহতে হ’ব সূৰ্য-মংগলৰ শক্তিশালী সংযোগ, মঙ্গলাদিত্য যোগে ভাগ্য মুকলি কৰিব এই ৩ ৰাশিৰ

সূৰ্য আৰু মংগলৰ শক্তিশালী সংযোগক জ্যোতিষ শাস্ত্ৰত মঙ্গলাদিত্য যোগ বুলি কোৱা হয়। এই মঙ্গলাদিত্য যোগ মানুহৰ বাবে যথেষ্ট শুভ বিবেচিত হয়। ২০২৬ৰ এই প্ৰথমটো মঙ্গলাদিত্য যোগে বিশেষকৈ ৩ টা ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি কৰাৰ সম্ভাৱনা আছে।

অহা সপ্তাহতে হ’ব সূৰ্য-মংগলৰ শক্তিশালী সংযোগ, মঙ্গলাদিত্য যোগে ভাগ্য মুকলি কৰিব এই ৩ ৰাশিৰ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 05 Jan 2026 17:13 PM

নতুন বৰ্ষ ২০২৬ৰ প্ৰথমটো সপ্তাহ এতিয়াও শেষ হোৱা নাই। সেয়ে নতুন বছৰটোক লৈ আনন্দ-উদযাপন এতিয়াও অব্যাহত আছে। সাধাৰণতেই নতুন বৰ্ষ বুলিলে মনত থাকে কিছু বিশেষ আশা। একেদৰে থাকে কিছু চিন্তাও। বছৰটি কিদৰে পাৰ হ’ব, কোনো সমস্যা হ’ব নেকি ইত্যাদি চিন্তায়ো মনত ক্ৰিয়া কৰে। সেয়ে জ্যোতিষে দিয়া আগজাননীত জ্যোতিষ বিশ্বাসীসকলে চকু ফুৰায়। জ্যোতিষীসকলে কৰা আগজাননী অনুসৰি এই বছৰৰ আৰম্ভণিতে গ্ৰহৰ স্থিতিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ইংগিত দিছে।

জ্যোতিষ মতে জানুৱাৰী মাহৰ আৰম্ভণিতে সূৰ্য আৰু মংগলৰ এক শক্তিশালী মিলন ঘটিবলৈ গৈ আছে। এই বিশেষ সংযোগক জ্যোতিষ শাস্ত্ৰত মঙ্গলাদিত্য যোগ বুলি কোৱা হয়। এই মঙ্গলাদিত্য যোগ মানুহৰ বাবে যথেষ্ট শুভ বিবেচিত হয়। ২০২৬ৰ এই প্ৰথমটো মঙ্গলাদিত্য যোগে বিশেষকৈ ৩ টা ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি কৰাৰ সম্ভাৱনা আছে।

কেতিয়া গঠন হ’ব এই যোগ?

অহা ৯ জানুৱাৰী, শুক্ৰবাৰে সূৰ্য আৰু মংগল একেটা ৰাশিতে অৱস্থান কৰিব। জ্যোতিষ বিশ্বাস অনুসৰি সূৰ্য হ’ল আত্মবল আৰু প্ৰতিষ্ঠাৰ প্ৰতীক, আনহাতে মংগল হ’ল শক্তি আৰু পৰাক্ৰমৰ কাৰক। এই দুই গ্ৰহৰ মিলনে সকলো ৰাশিৰ ওপৰতে প্ৰভাৱ পেলাব যদিও ৩ টা ৰাশিৰ বাবে এই সময়ছোৱা হ’ব অত্যন্ত ফলদায়ক। জানো আহক এইবিষয়ে।

মেষ ৰাশি

মঙ্গলাদিত্য যোগে মেষ ৰাশিৰ জাতকসকলৰ বাবে উন্নতি আৰু সফলতাৰ সংকেত কঢ়িয়াই আনিছে। আৰ্থিক অৱস্থাৰ ক্ৰমান্বয়ে উন্নতি ঘটিব আৰু আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। চাকৰিয়ালসকলে নতুন সুযোগ লাভ কৰাৰ লগতে ব্যৱসায়ীসকলো লাভান্বিত হ’ব। দীৰ্ঘদিন ধৰি আধৰুৱা হৈ থকা কামবোৰ সম্পূৰ্ণ হ’বলৈ ধৰিব।

সিংহ ৰাশি

সিংহ ৰাশিৰ লোকসকলৰ জীৱনলৈ এই যোগে ইতিবাচক পৰিৱৰ্তন আনিব। উপাৰ্জনৰ নতুন উৎস সৃষ্টি হোৱাৰ ফলত আৰ্থিক স্থিতি মজবুত হ’ব। সমাজত মান-সন্মান বৃদ্ধি পোৱাৰ লগতে পাৰিবাৰিক পৰিৱেশো সুখদায়ক হ’ব। কৰ্মক্ষেত্ৰত আপোনাৰ পৰিশ্ৰমে সঠিক স্বীকৃতি লাভ কৰিব আৰু উৰ্ধতম বিষয়াৰ সহযোগিতা লাভ কৰিব।

ধনু ৰাশি

ধনু ৰাশিৰ জাতকসকলৰ বাবে এই যোগ প্ৰগতি আৰু সুখৰ বতৰা স্বৰূপ হৈ পৰিব। ধনক লৈ চলি থকা চিন্তাসমূহ দূৰ হ’ব আৰু ঘৰত সুখ-শান্তি বিৰাজ কৰিব। কামত দেখা দিয়া যিকোনো ধৰণৰ বাধা দূৰ হ’ব। চাকৰি আৰু ব্যৱসায়ত আগুৱাই যোৱাৰ ভাল সুযোগ লাভ কৰিব।