শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কোনটো ৰঙৰ মানিবেগে ধন আকৰ্ষিত কৰে? জানক বাস্তু শাস্ত্ৰৰ পৰা…

ফেংছুইত বিভিন্ন দিশৰ বিষয়ে উল্লেখ আছে। ফেংছুই মতে, মানিবেগৰ ৰঙেও মানুহৰ হাতত থকা ধনত প্ৰভাৱ পেলায়। কিছুমান ৰঙৰ মানিবেগে ধন আকৰ্ষিত কৰে।

কোনটো ৰঙৰ মানিবেগে ধন আকৰ্ষিত কৰে? জানক বাস্তু শাস্ত্ৰৰ পৰা…
মানিবেগImage Credit source: chatgptimage
barasha-sarma
Barasha Sarma | Published: 09 Sep 2025 11:34 AM

ফেংছুই বা চীনা বাস্তু শাস্ত্ৰই মানুহৰ বিভিন্ন সমস্যাৰ সমাধান দিয়ে। ফেংচুই মতে প্ৰতিটো ৰং আৰু প্ৰতিটো বস্তুৰে নিজা নিজা গুৰুত্ব আছে। ঘৰৰ দিশ, পাকঘৰৰ দিশ, গছ-গছনি, বস্তু থোৱাৰ ঠাই আদিয়ে আমাৰ জীৱনত প্ৰভাৱ পেলায়। ফেংছুই মতে, আমাৰ মানিবেগটোও বিশেষ গুৰুত্বপূৰ্ণ। মানিবেগৰ ৰঙে আপোনাৰ ভাগ্য সলনি কৰিব পাৰে। ফেংছুইৰ মতে, মানিবেগৰ কিছুমান ৰঙে ধন-সম্পত্তি আকৰ্ষণ কৰে। লগতে কিছুমানে ধন সুৰক্ষিত কৰে আৰু সৌভাগ্য কঢ়িয়াই আনে। গতিকে কি ৰঙে কি প্ৰভাৱ পেলাই তলত উল্লেখ কৰা হ’ল।

ৰঙা ৰংঃ ৰঙা ৰং শক্তিৰ প্ৰতীক বুলি গণ্য কৰা হয়। ফেংছুইৰ মতে ৰঙা মানিবেগে হঠাৎ ধন আনিব পাৰে। অৱশ্যে এনে ধনৰ স্থিৰতা নাথাকে। যাৰ বাবে ইয়াক দৈনন্দিন ব্যৱহাৰ কৰাতো শুভ নহয় বুলি ফেংছুই কয়।

সেউজীয়াঃ ফেংছুইৰ মতে সেউজীয়া ৰঙটো কাঠৰ উপাদানৰ সৈতে জড়িত। ই উন্নতি তথা প্ৰগতি আৰু নতুন সম্ভাৱনাৰ প্ৰতীক। যদি আপুনি আপোনাৰ কেৰিয়াৰত আগবাঢ়িব বিচাৰিছে তেন্তে এই ৰঙৰ মানিবেগ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰোপৰি ই ধন বৃদ্ধি কৰে। ই ধনক স্থিৰতা প্ৰদান কৰে। গতিকে কেৰিয়াৰ আৰু ধনৰ উন্নতিৰ বাবে সেউজীয়া মানিবেগ ব্যৱহাৰ কৰিব পাৰে।

হালধীয়া আৰু গোল্ডেন ৰংঃ ফেংছুই মতে, হালধীয়া আৰু সোণালী ৰং পৃথিৱী আৰু ধাতুৰ মৌলৰ সৈতে জড়িত। গতিকে এই ৰঙে ধন-সম্পত্তি বৃদ্ধি কৰে। বিশেষকৈ সোণালী ৰঙৰ মানিবেগে বিলাসীতা আৰু অবিৰত সম্পদ বৃদ্ধি কৰে বুলি মান্যতা আছে।

নীলা ৰংঃ নীলা ৰঙটো পানীৰ উপাদানৰ সৈতে জড়িত। কিন্তু ফাংছুইত ইয়াক অশুভ বুলি গণ্য কৰা হৈছে। বিশ্বাস অনুসৰি, নীলা মানিবেগত টকা নৰয়, ই পানীৰ দৰে বৈ যায়।

ক’লা ৰংঃ ক’লা ৰঙটোকো ফাংছুইত পানীৰ মৌলৰ প্ৰতীক বুলি গণ্য কৰা হৈছে। কোৱা হয় এই ৰঙৰ মানিবেগে ধন আকৰ্ষণ কৰাৰ লগতে সুৰক্ষিত কৰি ৰাখে। যদি আপোনাৰ হাতলৈ টকা অহাৰ লগে লগে শেষ হয় তেন্তে এই ৰঙৰ মানিবেগ ব্যৱহাৰ কৰিব পাৰে।

কি কৰিব

  • মানিবেগটো সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে।
  • পুৰণি ৰচিদ, ফটা কাৰ্ড, বেয়া বস্তু নাৰাখিব।
  • শুভ চিহ্ন থকা কোনো মুদ্ৰা ৰাখিব পাৰে।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা আৰু বিশ্বাসৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। ইয়াৰ সত্যসত্যৰ লগত টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়কঃ Diwali 2025: দেৱালীৰ পূৰ্বে ডাঙৰ সংযোগ! ভাগ্যৰ দুৱাৰ খোল খাব এই ৩ ৰাশিৰ লোকৰ…