শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Diwali 2025: দেৱালীৰ পূৰ্বে ডাঙৰ সংযোগ! ভাগ্যৰ দুৱাৰ খোল খাব এই ৩ ৰাশিৰ লোকৰ…

হিন্দু ধৰ্মত গ্ৰহ-নক্ষত্ৰৰ স্থান পৰিবৰ্তনৰ বিশেষ মহত্ব আছে। যেতিয়া কোনো গ্ৰহই স্থান সলনি কৰে তেতিয়া কিছুমান ৰাশিৰ ওপৰত প্ৰভাৱ পৰে। দেৱালীৰ সময়চোৱাও কিছু ৰাশিৰ বাবে ভাল।

Diwali 2025: দেৱালীৰ পূৰ্বে ডাঙৰ সংযোগ! ভাগ্যৰ দুৱাৰ খোল খাব এই ৩ ৰাশিৰ লোকৰ…
গ্ৰহImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 09 Sep 2025 10:27 AM

জ্যোতিষ শাস্ত্ৰত গ্ৰহ-নক্ষত্ৰৰ বিশেষ মহত্ব আছে। ইয়াৰ মাজতে অক্টোবৰত এক ডাঙৰ পৰিবৰ্তন হ’বলৈ গৈ আছে। যিয়ে কিছুমান ৰাশিৰ ওপৰত ডাঙৰ প্ৰভাৱ পেলাব পাৰে। জ্যোতিষ শাস্ত্ৰ অনুসৰি, শুক্ৰ গ্ৰহই ১০ অক্টোবৰত কন্যা ৰাশিত প্ৰৱেশ কৰিব, যাৰ গুৰু বুধ। শুক্ৰ আৰু বুধৰ সংযোগে কিছুমান ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পেলাব। শুক্ৰক ধন, সমৃদ্ধি আৰু সুখৰ গ্ৰহ বুলি গণ্য কৰা হয়। গতিকে কিছুমান ৰাশিৰ লোকৰ ধন, সুখ-সমৃদ্ধি বৃদ্ধি পাব পাৰে।

ইয়াৰোপৰি জ্যোতিষ শাস্ত্ৰত শুক্ৰক বস্তুগত সুখ, বৈবাহিক জীৱন আৰু শিল্পৰ কাৰক হিচাপে গণ্য কৰা হয়। একে সময়তে বুধ গ্ৰহক বুদ্ধিমত্তা, ব্যৱসায় আৰু যোগাযোগৰ কাৰক হিচাপে গণ্য কৰা হয়। এনে পৰিস্থিতিত এই দুটা গ্ৰহৰ একত্ৰিত হোৱাটো কিছুমান ৰাশিৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ’ব। কিছুমান ৰাশিৰ ভাগ্য উদয় হ’ব। সেই ভাগ্যবান ৰাশিবোৰ কি কি তলত উল্লেখ কৰা হ’ল।

বৃশ্চিক ৰাশি

শুক্ৰ আৰু বুধ একত্ৰিত হোৱাতো বুধ ৰাশিৰ বাবে অত্যন্ত শুভ বুলি ধৰা হৈছে। ইয়াৰ ফলত এই ৰাশিৰ লোকৰ আয়ৰ পথ মুকলি হ’ব আৰু আৰ্থিক অৱস্থা অধিক শক্তিশালী হ’ব। যদি দীৰ্ঘদিন ধৰি কোনো কামত বাধা আহি আছিল সেই বাধা দূৰ হ’ব। চাকৰিত পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত ভাল। ব্যৱসায়ীসকলে নিজৰ কামত যথেষ্ঠ সফলতা লাভ কৰিব। এই সময়চোৱাত এই ৰাশিৰ লোকে কঠোৰ পৰিশ্ৰমৰ সহায়ত ধন আৰু সন্মান লাভ কৰিবলৈ সক্ষম হ’ব।

সিংহ ৰাশি

এই সংযোগ সিংহ ৰাশিৰ লোকৰ বাবে আশীৰ্বাদ স্বৰূপ। শুক্ৰৰ প্ৰভাৱৰ বাবে হঠাতে হাতলৈ অধিক ধন আহিব। কাৰোবাৰ পৰা পাবলগীয়া ধন লাভ কৰিব। আৰ্থিক অৱস্থা পূৰ্বতকৈ উন্নত হ’ব। কৰ্মক্ষেত্ৰত উন্নতি লাভ কৰিব। আপোনাৰ কামৰ প্ৰশংসা লাভ কৰিব। পদোন্নতিৰ যোগ আছে। সমাজত সন্মান বাঢ়িব। কোনো কাম হাতত ল’লে সফলতা লাভ কৰিব।

ধনু ৰাশি

ধনু ৰাশিৰ লোকৰ ভাগ্যৰ দুৱাৰ খোল খাব। চাকৰি আৰু ব্যৱসায় দুয়োটা ক্ষেত্ৰতে ডাঙৰ সফলতা লাভ কৰিব। পদোন্নতিৰ সম্ভাৱনা আছে। যদি কোনো কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেন্তে এই সময় আপোনাৰ বাবে ভাল। আপোনাৰ প্ৰচেষ্টাই ভাল ফল দেখুৱাব। কষ্টৰে টকা উপাৰ্জন কৰিব। পৰিয়ালত সুখ আহিব। দাম্পত্য জীৱন শুভ।

 

 

অন্য খবৰ পঢ়ক- ৯-৯-৯ মহাসংযোগ! এনেদৰে সন্তুষ্ট কৰক হনুমানক, জীৱনলৈ আহিব সফলতা…