শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Diwali 2025: ৮৪ বছৰ পাছত দেৱালীত দুৰ্লভ সংযোগ! কপাল ফুলিব এইসমূহ ৰাশিৰ লোকৰ…

Diwali 2025: অহা ২০ অক্টোবৰত সমগ্ৰ দেশবাসীয়ে পালন কৰিব পোহৰৰ উৎসৱ দেৱালী। এই সময়চোৱা কিছুমান ৰাশিৰ বাবে অত্যন্ত ভাল বুলি ক'ব পাৰি। কিয়নো এই সময়চোৱাত গঠন হ'ব নৱপঞ্চম ৰাজযোগ।

Diwali 2025: ৮৪ বছৰ পাছত দেৱালীত দুৰ্লভ সংযোগ! কপাল ফুলিব এইসমূহ ৰাশিৰ লোকৰ…
দেৱালীImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 14 Oct 2025 14:42 PM

অহা ২০ অক্টোবৰত দেশবাসীয়ে পালন কৰিব দেৱালী। হিন্দু ধৰ্মত দেৱালীৰ মহত্ব অধিক। জ্যোতিষ শাস্ত্ৰ অনুসৰি, এই সময়চোৱাত গ্ৰহই এক ৰাজযোগৰ সৃষ্টি কৰিব যাৰ প্ৰভাৱ বিশেষকৈ ৩টা ৰাশিৰ ওপৰত পৰিব। দীপাৱলীৰ পূৰ্বে নৱপঞ্চম ৰাজযোগ গঠন হ’ব, কিয়নো ১৪ অক্টোবৰত শুক্ৰ আৰু ইউৰেনাছৰ মাজত ১২০ ডিগ্ৰী ব্যৱধান হ’ব। শুক্ৰই প্ৰায় ২৬ দিনৰ মূৰে মূৰে ৰাশি পৰিৱৰ্তন কৰে।

তথ্য অনুসৰি,  ১৪ অক্টোবৰৰ সন্ধিয়া ৭:৩৪ বজাত শুক্ৰ আৰু ইউৰেনাছৰ মাজত ১২০ ডিগ্ৰী ব্যৱধান থাকিব। যাৰ ফলত নৱপঞ্চম ৰাজযোগ গঠন হ’ব। আচৰিত কথা এয়াই যে, ৮৪ বছৰৰ পাছত দেৱালীৰ সময়ত এনে বিৰল সংযোগ হ’বলৈ গৈ আছে। যাৰ ভাল প্ৰভাৱ কিছুমান ৰাশিৰ ওপৰত পৰিব।

বৰ্তমান ইউৰেনাছ বৃষ ৰাশিত আছে আৰু শুক্ৰ আছে কন্যা ৰাশিত। এই ৰাজযোগে ১২ টা ৰাশিকে প্ৰভাৱিত কৰিব। কিন্তু ৩ টা ৰাশিৰ বাবে এই সময়চোৱা বহু ভাল বুলি ধৰা হৈছে। সেই ৰাশিকেইটাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।

সিংহ ৰাশিঃ এই ৰাজযোগ সিংহ ৰাশিৰ লোকসকলৰ বাবে অত্যন্ত শুভ বুলি গণ্য কৰা হৈছে। এই সময়চোৱাত এই ৰাশিৰ লোকৰ আৰ্থিক উন্নতি হ’ব। হঠাতে হাতলৈ ধন আহিব। লাভ হ’ব। কেৰিয়াৰত নতুন সুযোগ লাভ কৰিব পাৰে। চাকৰিত পদোন্নতিৰ যোগ আছে। ব্যৱসায়ীসকলৰ লাভ হ’ব পাৰে।

মিথুন ৰাশিঃ এই ৰাজযোগৰ বাবে এই ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ হ’ব পাৰে। কিয়নো শুক্ৰ মিথুন ৰাশিৰ চতুৰ্থ স্থানত থাকিব। এই সময়চোৱাত এই ৰাশিৰ লোকৰ সম্পদ বৃদ্ধি হ’ব পাৰে। চাকৰিত পদোন্নতি লাভ কৰিব পাৰে। সমাজত সন্মান বাঢ়িব।

কুম্ভ ৰাশিঃ এই ৰাশিৰ লোকৰ বাবে নৱপঞ্চম ৰাজযোগ অত্যন্ত শুভ বুলি ক’ব পাৰি। কিয়নো শুক্ৰ এই ৰাশিৰ অষ্টম স্থানত থাকিব। এই সময়চোৱাত ভাগ্যই লগ দিব। কোনো বাহন বা সম্পত্তি ক্ৰয় কৰিব পাৰে। দেশ-বিদেশ ভ্ৰমণ সম্ভাৱনা আছে।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়কঃ জীৱনলৈ আহিব দুৰ্দশা! মন্দিৰত নাৰাখিব এইসমূহ সামগ্ৰী, জানক প্ৰেমানন্দ মহাৰাজৰ পৰা…