শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জীৱনলৈ আহিব দুৰ্দশা! মন্দিৰত নাৰাখিব এইসমূহ সামগ্ৰী, জানক প্ৰেমানন্দ মহাৰাজৰ পৰা…

প্ৰেমানন্দ মহাৰাজে মানুহক জীৱনৰ বিভিন্ন সমস্যাৰ সমাধান দিয়ে। মহাৰাজৰ মতে, মন্দিৰত কিছুমান ভুল নকৰিব নালাগে। ইয়াৰ দ্বাৰা ভগৱান অসন্তুষ্ট হয় আৰু জীৱনত সমস্যা আহিব পাৰে।

জীৱনলৈ আহিব দুৰ্দশা! মন্দিৰত নাৰাখিব এইসমূহ সামগ্ৰী, জানক প্ৰেমানন্দ মহাৰাজৰ পৰা…
প্ৰেমানন্দ মহাৰাজ
Barasha Sarma
Barasha Sarma | Published: 14 Oct 2025 12:06 PM

ঘৰত থকা পূজাস্থলীক পবিত্ৰ বুলি গণ্য কৰা হয়। এই ঠাইৰ পৰা ইতিবাচক শক্তি প্ৰবাহিত হয়। কিন্তু বহু সময়ত মানুহে পূজাস্থলীত কিছুমান এনে বস্তু থৈ দিয়ে যাৰ ফলত ঘৰত নেতিবাচক শক্তিৰ প্ৰভাৱ আহিব পাৰে। ধৰ্মীয় দৃষ্টিকোনৰ পৰা এই বস্তুবোৰ অশুভ বুলি গণ্য কৰা হয়। ইয়াৰ প্ৰভাৱ মানুহৰ জীৱনত পৰে। যাৰ ফলত দৰিদ্ৰতা আহিব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে প্ৰেমানন্দ মহাৰাজে।

ভঙা মূৰ্তিঃ মহাৰাজে কয় যে ভঙা মূৰ্তি কেতিয়াও মন্দিৰত ৰাখিব নালাগে। মূৰ্তিৰ আঙুলি, মকুট, হাত বা সামান্য অংশ ভাঙিলেও দেখা মন্দিৰত ৰাখিব নালাগে। এয়া অশুভ। এনে মূৰ্তি বিসৰ্জন দিব লাগে বা আহতৰ তলত, পবিত্ৰ স্থানত থৈ দিব লাগে।

পুৰণি ফটোঃ মন্দিৰত কেতিয়াও ফাটি যোৱা বা পুৰণি ভগৱানৰ ছবি ৰাখিব নালাগে। এনে ছবিয়ে পূজাৰ প্ৰভাৱ কমায়। ই মানসিক চাপ বৃদ্ধি কৰিব পাৰে। তাৰ ঠাইত নতুন, ভাল ছবি স্থাপন কৰিব লাগে।

পূৰ্বপুৰুষৰ ছবিঃ বহুতে  মন্দিৰত পূৰ্বপুৰুষৰ ফটো থৈ দিয়া দেখা যায়। কিন্তু শাস্ত্ৰৰ মতে এয়া ভুল। পূৰ্বপুৰুষৰ ফটো কেতিয়াও মন্দিৰত ৰাখিব নালাগে। মন্দিৰত কেৱল ভগৱানৰ মূৰ্তি ৰাখিব লাগে।

মৰহি যোৱা ভুল বা পাতঃ মন্দিৰত কেতিয়াও মৰহি যোৱা ফুল বা পাত ৰাখিব নালাগে। ই নেতিবাচক শক্তিৰ লক্ষণ। প্ৰতিদিনে ভগৱানক নতুন ফুল আগবঢ়াব লাগে।

খালী চাকিঃ বহু সময়ত মানুহে মন্দিৰত খালী চাকি থৈ দিয়ে আৰু নিয়মিতভাৱে চাফা নকৰে। ইয়াৰ ফলত মন্দিৰৰ পবিত্ৰতা নষ্ট হ’ব পাৰে। এনে ক্ষেত্ৰত সদায় চাকিটো ভালদৰে চাফা কৰিব জ্বলাব লাগে।

লোহা বা প্লাষ্টিকৰ বাচন-বৰ্তনঃ মন্দিৰত পূজাৰ বাবে তাম, পিতল বা ৰূপৰ সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। প্লাষ্টিক বা লোহাৰ সামগ্ৰী ব্যৱহাৰ কৰিলে নেতিবাচক শক্তিৰ প্ৰভাৱ বাঢ়িব পাৰে।

 

 

অন্য খবৰ পঢ়কঃ ভাৰতৰ ৭০% মহিলা আক্ৰান্ত এই ৰোগত! জানক ইয়াৰ লক্ষণ, কাৰণ আদি সকলো…