শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বিবাহৰ পিছত অবৈধ সম্পৰ্ক ৰখা লোকে ভুগিব এনে শাস্তি, গৰুড় পুৰাণত কৰিছে বাখ্যা

সাম্প্ৰতিক সময়ত বিবাহ বহিৰ্ভূত সম্পৰ্ক এক সামাজিক সমস্যাৰ দৰে হৈ পৰিছে। কিন্তু গৰুড় পুৰাণত স্পষ্টভাৱে এনে কাৰ্যক এটা ডাঙৰ পাপ হিচাপে বৰ্ণনা কৰা হৈছে। লগতে এনে পাপৰ বাবে শাস্তিৰ কথাও কোৱা হৈছে। জানো আহক এই বিষয়ে।

বিবাহৰ পিছত অবৈধ সম্পৰ্ক ৰখা লোকে ভুগিব এনে শাস্তি, গৰুড় পুৰাণত কৰিছে বাখ্যা
গৰুড় পুৰাণ
monjit-dutta
Monjit Dutta | Published: 23 Nov 2025 15:21 PM

হিন্দু ধৰ্মত বিবাহক এক পবিত্ৰ সম্পৰ্ক হিচাপে গণ্য কৰা হয়। কেৱল সামাজিক সম্পৰ্ক হিচাপেই নহয়, বিবাহ দুই ব্যক্তিৰ মাজত সাত জীৱনৰ পবিত্ৰ বান্ধোন হিচাপেও আখ্যা দিয়া হয়। এই সম্পৰ্কত স্বামী-স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি প্ৰেম আৰু বিশ্বাস বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু যেতিয়া কোনো এজনে এই বান্ধোন ভাঙি বিশ্বাসঘাতকতা কৰে, তেতিয়া ধর্ম অনুযায়ী এনে কাৰ্যক এক গুৰুতৰ পাপ বুলি গণ্য কৰা হৈছে। গৰুড় পুৰাণত এনে লোকে মৃত্যুৰ পিছত আৰু পৰৱৰ্তী জীৱনত কেনে দুখ-কষ্টৰ সন্মুখীন হয়, সেই বিষয়ে স্পষ্টকৈ বৰ্ণনা কৰা হৈছে।

বিবাহ বহিৰ্ভূত সম্পৰ্ক

সাম্প্ৰতিক সময়ত বিবাহ বহিৰ্ভূত সম্পৰ্ক এক সামাজিক সমস্যাৰ দৰে হৈ পৰিছে। কিন্তু গৰুড় পুৰাণত স্পষ্টভাৱে এনে কাৰ্যক এটা ডাঙৰ পাপ হিচাপে বৰ্ণনা কৰা হৈছে। গৰুড় পুৰাণৰ মতে নিজৰ পত্নী জীয়াই থকাৰ সময়ত আন এগৰাকী নাৰীৰ সৈতে সম্পৰ্ক স্থাপন কৰা বা স্বামী জীয়াই থকাৰ সময়ত আন পুৰুষৰ সৈতে সম্পৰ্ক স্থাপন কৰাটো এক ডাঙৰ পাপ।

বিবাহ বহিৰ্ভূত প্ৰেমৰ শাস্তি

গৰুড় পুৰাণৰ মতে নিজ পত্নী বা স্বামীক প্ৰতাৰণা কৰিলে তপ্তসুৰ্মি, কৃমিভোজ্য, অন্ধতামিশ্ৰ, ৰৌৰৱ আদি নৰকলৈ যায়। এই নৰকত আত্মাক পোক-পৰুৱাই খায়, কাঁইটৰ ওপৰত খোজ কাঢ়ি্বলৈ দিয়া হয়, ভয়ংকৰ জীৱৰ দ্বাৰা অত্যাচাৰ কৰাই শাস্তি দিয়া হয়। সম্পৰ্কত প্ৰতাৰণাৰ ক্ষেত্ৰত পৰৱৰ্তী জীৱনত জন্তু হিচাপে জন্ম লয় বুলিও কোৱা হৈছে।

এনে সম্পৰ্কত দিয়া শাস্তি

তপ্তসুৰ্মি নৰকঃ গৰম লোহাৰ বেজীৰে বিন্ধি দিয়া।

কৃমিভোজ্য নৰকঃ ভোকাতুৰ পোক-পৰুৱাৰ দ্বাৰা কামুৰিবলৈ দিয়া হয়।

অন্ধতামিশ্ৰ নৰকঃ দীৰ্ঘদূৰত্বলৈ কাঁইটৰ ওপৰত খোজ কাঢ়িবলৈ দিয়া হয়।

বজ্ৰদংশ নৰকঃ লোৰ দৰে দাঁত থকা জীৱই মাংস চোবাই খায়।

ৰৌৰৱ নৰকঃ ৰুৰু নামৰ এটা ভয়ংকৰ জীৱই আত্মাক চেপি ধৰে।

বন্ধুৰ পত্নী বা পতিৰ সৈতে কৰা অবৈধ প্ৰেম

গৰুড় পুৰাণৰ মতে বন্ধুৰ পত্নীৰ লগত বা বন্ধুৰ লগত প্ৰেমৰ সম্পৰ্ক ৰাখি প্ৰতাৰণা কৰা পুৰুষ বা মহিলাক যমৰ দূত অন্ধতমন্ত্ৰীয়ে নৰকলৈ লৈ যায়। ইয়াৰ পিছত ভয়ংকৰ যন্ত্ৰণা ভোগ কৰিবলগা হয়, যন্ত্ৰণাৰ ফলত শৰীৰটো ছিন্ন-বিচ্ছিন্ন হৈ পৰাৰ দৰে হয়।

বিশেষ দ্ৰষ্টব্যঃ এই লেখাত উল্লেখ কৰা তথ্যসমূহ ধৰ্মীয় বিশ্বাসৰ ওপৰত আধাৰিত। TV9 Assam-এ এই সন্দৰ্ভত নিজা কোনো মন্তব্য প্ৰকাশ কৰা নাই।