শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Chandra Grahan: ৭ছেপ্টেম্বৰত চন্দ্ৰ হৈ পৰিব অধিক ৰঙা! জানক চন্দ্ৰগ্ৰহণৰ সময়, কেতিয়া দেখা পাব আদি সকলো…

Chandra grahan 2025: হিন্দু ধৰ্মত চন্দ্ৰগ্ৰহণৰ বিশেষ মহত্ব আছে। বছৰৰ শেষৰটো চন্দ্ৰগ্ৰণ ৭ ছেপ্টেম্বৰত হ'ব। এইবাৰ ভাৰতৰ পৰা দৃশ্যমান হ'ব এই গ্ৰহণ। এই সময়ত চন্দ্ৰক ৰঙা দেখা যাব।

Chandra Grahan: ৭ছেপ্টেম্বৰত চন্দ্ৰ হৈ পৰিব অধিক ৰঙা! জানক চন্দ্ৰগ্ৰহণৰ সময়, কেতিয়া দেখা পাব আদি সকলো…
চন্দ্ৰগ্ৰহণImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 05 Sep 2025 09:35 AM

হিন্দু ধৰ্মত চন্দ্ৰগ্ৰহণৰ বিশেষ মহত্ব আছে। বছৰৰ দ্বিতীয় তথা শেষৰটো চন্দ্ৰগ্ৰহণ ৭ ছেপ্টেম্বৰত হ’ব। এইবাৰ চন্দ্ৰটো ৰঙা দেখা যাব, যাক ব্লাড মুন বুলি কোৱা হয়। ভাৰতত অতি স্পষ্টকৈ এই চন্দ্ৰগ্ৰহণ দেখা পোৱা যাব। জ্যোতিষ শাস্ত্ৰ মতে, যেতিয়া চন্দ্ৰগ্ৰহণ দেখা পোৱা যায় তেতিয়া সূতক কাল পালন কৰা হয়। এই সময়খিনি ধৰ্মীয় দৃষ্টিকোনৰ পৰা অতি গুৰুত্বপূৰ্ণ। গতিকে চন্দ্ৰগ্ৰহণ কেতিয়া আৰম্ভ হ’ব, কেতিয়া শেষ হ’ব আদিকে ধৰি বিভিন্ন দিশসমূহ তলত উল্লেখ কৰা হ’ল।

  • চন্দ্ৰগ্ৰহণ আৰম্ভঃ নিশা ৯.৫৮ বজা, ৭ ছেপ্টেম্বৰ।
  • চন্দ্ৰগ্ৰহণ সমাপ্তঃ পুৱতি নিশা ১.২৬ বজা, ৮ ছেপ্টেম্বৰ।
  • সূতক কাল আৰম্ভঃ দিনৰ ১২.৫৭  বজা, ৭ ছেপ্টেম্বৰ
  • গ্ৰহণৰ শিখৰ – ১১:৪২ বজাত, ৭ ছেপ্টেম্বৰ

গ্ৰহণ কেতিয়াৰ পৰা কেতিয়ালৈ থাকিব

পঞ্জিকা আৰু জ্যোতিৰ্বিজ্ঞানৰ হিচাপ অনুসৰি ৭ ছেপ্টেম্বৰৰ নিশা ৯:৫৮ বজাৰ পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব। ইয়াৰ শীৰ্ষ সময় হ’ব ১১:৪২ বজা। তাৰ পাছত লাহে লাহে চন্দ্ৰ ছাঁৰ পৰা ওলাই আহিব আৰু ৮ ছেপ্টেম্বৰৰ পুৱতি নিশা ১:২৬ বজাত এই গ্ৰহণৰ অন্ত পৰিব।অৰ্থাৎ মুঠতে এই গ্ৰহণ প্ৰায় ৩ ঘন্টা ২৮ মিনিট সময় ধৰি চলিব।

সূতক কালত কি কৰিব লাগে

ধৰ্মীয় মান্যতা অনুসৰি সূতক কালৰ সময়ত বিভিন্ন প্ৰকাৰৰ নিয়ম পালন কৰা হয়। এই সময়ত মন্ত্ৰ জপ, ধ্যান, ভগৱানৰ নাম স্মৰণ কৰিলে বিশেষ ফল পোৱা যায় বুলি কোৱা হয়। গ্ৰহণ শেষ হোৱাৰ পাছত স্নান, দান কৰিলে সুফল পোৱা যায় বুলি কোৱা হয়।

কি কৰিব নালাগে

ধাৰ্মিক মান্যতা অনুসৰি এই গ্ৰহণৰ সময়ত মন্দিৰৰ দুৱাৰ বন্ধ ৰাখিব লাগে। খাদ্য ৰন্ধা বা খাব নালাগে। নতুন কোনো কামৰ আৰম্ভণি কৰিব নালাগে। বিশেষকৈ গৰ্ভৱতী মহিলাসকলে সতৰ্কতা অৱলম্বন কৰিব লাগে।

পিতৃ পক্ষ

এইবাৰ চন্দ্ৰগ্ৰহণ অতি বিশেষ। কিয়নো এইবাৰ পিতৃ পক্ষৰ আৰম্ভণি এই দিনটোতেই হ’ব। ধাৰ্মিকত মান্যতা অনুসৰি যেতিয়া গ্ৰহণ পিতৃ পক্ষত পৰে তেতিয়া পূৰ্বপুৰুষৰ আত্মাক সন্তুষ্ট কৰি তেওঁলোকৰ আশীৰ্বাদ লাভ কৰাৰ সুযোগ পোৱা যায়। যাৰ বাবে গ্ৰহণৰ মহত্ব আৰু অধিক বৃদ্ধি পায়।

বৈজ্ঞানিক দৃষ্টিভংগী

বিজ্ঞানটো চন্দ্ৰগ্ৰহণৰ বিশেষ মহত্ব আছে। বিজ্ঞানীসকলৰ মতে, পৃথিৱী সূৰ্য আৰু চন্দ্ৰৰ মাজত আহে তেতিয়া তাৰ ছাঁ চন্দ্ৰৰ ওপৰত পৰিলে চন্দ্ৰগ্ৰহণ হয়। এইবাৰ চন্দ্ৰক অধিক ৰঙা দেখা যাব। ইয়াক ব্লাড মুন বুলি কোৱা হয়। ভাৰতৰ মানুহে এই চন্দ্ৰগ্ৰহণ স্পষ্টকৈ দেখা পাব।

 

অন্য খবৰ পঢ়কঃ ৰাজপথৰ কুকুৰ চুৰি কৰি বিক্ৰী কৰে বহিঃৰাজ্যত! গুৱাহাটীত গ্ৰেপ্তাৰ ৪ জন…