ৰাজপথৰ কুকুৰ চুৰি কৰি বিক্ৰী কৰে বহিঃৰাজ্যত! গুৱাহাটীত গ্ৰেপ্তাৰ ৪ জন…
শেহতীয়াকৈ মহানগৰীত আৰক্ষীৰ জালত পৰিছে কুকুৰ চোৰৰ এটা গেং। জানিব পৰা মতে, এই গেঙটোৱে দীৰ্ঘদিন ধৰি মহানগৰীৰ বিভিন্ন স্থানৰ পৰা কুকুৰ চুৰি কৰি বহিঃৰাজ্যলৈ সৰবৰাহ কৰি আছিল।

গুৱাহাটী মহানগৰীত পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা। শেহতীয়াকৈ জালুকবাৰী আৰক্ষীৰ জালত পৰিছে এটা কুকুৰ চোৰৰ গেং। মহানগৰীৰ বিভিন্ন প্ৰান্তত অভিযান চলাই এই গেঙটোক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে, এই গেঙটোৱে দীৰ্ঘদিন ধৰি কুকুৰৰ অবৈধ সৰবৰাহ কৰি আছিল। মহানগৰীৰ বিভিন্ন স্থানৰ পৰা কুকুৰ ধৰি সেইবোৰ বহিঃৰাজ্যত বিক্ৰী কৰে। বিগত সময়চোৱাত উত্থাপন হৈ অহা অভিযোগৰ অন্তত এই গেঙটোত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
শেহতীয়াকৈ এই সন্দৰ্ভত সবিশেষ জনাইছে জালুকবাৰী আৰক্ষীয়ে। বৃহস্পতিবাৰে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে কয় যে, আমি নিজাববীয়াকৈ গোচৰ ৰুজু কৰিম। তেওঁলোকক আদালতত হাজিৰ কৰোৱাৰ পাছতে জিম্মাত লোৱা হ’ব। তেওঁলোকক সোধা-পোছা কৰাৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব। তেওঁলোকৰ লগত কোন কোন জড়িত আছে সেই তথ্য উলিয়াবৰ চেষ্টা কৰা হ’ব বুলিও কয় আৰক্ষী বিষয়া গৰাকীয়ে। এই অভিযুক্ত কেইজন ধৃত জেকেষ্টন চাংমা, বেনাৰ চাংমা, বিনাৰছন টেৰং আৰু স্মল চাংমা বুলি চিনাক্ত হৈছে।
অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি এই কুকুৰ চোৰৰ গেঙটোৱে গুৱাহাটীত সন্ত্ৰাস চলাই আহিছিল। নিশা হ’লেই এনে একাংশ লোকে কুকুৰ চুৰি কৰি বহিঃৰাজ্যলৈ সৰবৰাহ কৰে। শেহতীয়াকৈ পাণ্ডু-মালিগাঁৱতো সংঘটিত হৈছিল এক অনুৰূপ ঘটনা। যাৰ সমগ্ৰ দৃশ্য চিচিটিভিত বন্দী হৈ পৰিছিল।
কেৱল এয়াই নহয়, গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বিগত সময়চোৱাত কুকুৰ চুৰিৰ দৰে ঘটনা সংঘটিত হৈ আহিছে। কেইবাটাও পশুপ্ৰেমী সংগঠনৰ এজাহাৰ দাখিলৰ পাছতে তৎপৰ হৈ পৰে আৰক্ষী আৰু গ্ৰেপ্তাৰ কৰে ৪ জনীয়া এই গেঙটোক। চাৰিওকে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ইফালে একাংশ পশুপ্ৰেমী সংগঠনে এনে সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। অৱশ্যে কেৱল এই ৪জনেই নহয়, গুৱাহাটীত আৰু কেইবাটাও কুকুৰ চোৰৰ গেং আছে বুলি একাংশই দাবী কৰে।
উল্লেখ্য যে, বিভিন্ন সময়ত বহু লোকে অভিযোগ উত্থাপন কৰি আহিছে যে গুৱাহাটীৰ একাংশ স্থানৰ পৰা কুকুৰ নোহোৱা হৈছে। বহুতে গাড়ীত ভৰাই কুকুৰবোৰ লৈ যায়। তাৰ পাছতে পোহৰলৈ আহিছিল যে, এই কুকুৰসমূহৰ ৰাজপথৰ পৰা চুৰি কৰি বাহিৰৰ ৰাজ্যত বিক্ৰী কৰা হয়। কিয়নো বহিঃৰাজ্যত কুকুৰৰ মাংসৰ এখন বিশাল বজাৰ আছে। গতিকে গুৱাহাটীত চলি আছে এনে ঘটনাসমূহ আৰক্ষী তথা প্ৰশাসনে ৰোধ কৰিব পাৰে নে নাই সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ চীনৰ ওপৰত দৰদ! ফেচবুক, ইনষ্টা, হোৱাটছএপকে ধৰি ২৬ টা এপ নিষিদ্ধ, উপলব্ধ থাকিব টিকটক…