শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি আতংকৰ ছাঁঃ কি হ’ব পাৰে আগষ্ট মাহত!

বাবা ভাংগাৰ এই ভৱিষ্যদ্বাণীয়ে এতিয়া বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিছে। এতিয়া সকলোৰে মনত এক চিন্তাৰ উদ্ৰেক হৈছে, আগষ্ট মাহত সঁচাকৈয়ে কোনো বেয়া ঘটনা সংঘটিত হ’ব নেকি?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি আতংকৰ ছাঁঃ কি হ’ব পাৰে আগষ্ট মাহত!
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীক লৈ আতংকImage Credit source: Unsplash/Wikipedia
monjit-dutta
Monjit Dutta | Published: 05 Aug 2025 13:40 PM

বাবা ভাংগা, সমগ্ৰ বিশ্বতে এয়া এক পৰিচিত নাম। বুলগেৰিয়াৰ এই বিখ্যাত ভাববাদী ব্যক্তিগৰাকীয়ে ২০২৫ চনৰ বিষয়ে এক ভয়ংকৰ ভৱিষ্যদ্বাণী কৰিছিল। বাবা ভাংগাৰ এই ভৱিষ্যদ্বাণীয়ে এতিয়া বিশ্বজুৰি আতংকৰ সৃষ্টি কৰিছে। তেওঁৰ ‘ডাবল ফায়াৰ’ৰ ভৱিষ্যদ্বাণীয়ে এতিয়া সকলোকে চিন্তিত কৰি তুলিছে। এতিয়া সকলোৰে মনত এক চিন্তাৰ উদ্ৰেক হৈছে, আগষ্ট মাহত সঁচাকৈয়ে কোনো বেয়া ঘটনা সংঘটিত হ’ব নেকি?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীবোৰ প্ৰায়ে অস্পষ্ট যদিও এই ভৱিষ্যদ্বাণীসমূহে সকলোকে শিহৰিত কৰি তোলে। এই প্ৰখ্যাত ব্যক্তিজনেই কৰি গৈছিল এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী। তেওঁৰ এই ভৱিষ্যদ্বাণী মতে, আকাশ আৰু ভূখণ্ডৰ পৰা পৰা একেলগে জুই উলাব। এতিয়া মানুহে এই ৰহস্যময় ভৱিষ্যদ্বাণীৰ বিভিন্ন অৰ্থ উলিয়াইছে।

কিছুমান মানুহৰ মতে ‘ভূখণ্ডৰ জুই’ মানে অৰণ্যৰ ভয়াৱহ জুই। একে সময়তে মানুহে আকাশৰ পৰা ওলোৱা জুইক উল্কাপিণ্ড বা শক্তিশালী সৌৰ শিখাৰ সৈতে সংযোগ কৰিছে। বাবা ভাংগাৰ ভৱিষ্যদ্বাণীক লৈ বিশ্ববাসী অধিক আতংকিত হৈ পৰাৰ আঁৰত আছে বিশেষ কাৰণ।

চলিত বৰ্ষত আমেৰিকা, কানাডা আৰু ইউৰোপৰ অৰণ্যত ভয়ানক অগ্নিকাণ্ড সংঘটিত হৈছে। ইয়াৰ উপৰিও মহাকাশ সংস্থাসমূহেও উল্কাপিণ্ডৰ বিষয়ে বহু চাঞ্চল্যকৰ দাবী উত্থাপন কৰিছে। ইফালে আন একাংশ লোকে বাবা ভাংগাৰ এই ভৱিষ্যদ্বাণীক প্ৰতীকী হিচাপেও গণ্য কৰিছে।

তেওঁলোকৰ মতে আকাশৰ পৰা ওলোৱা জুই এক ঐশ্বৰিক বাৰ্তাৰ প্ৰতীক হ’ব পাৰে, আনহাতে ভূখণ্ডৰ পৰা ওলোৱা জুয়ে যুদ্ধ, পৰিৱেশৰ ক্ষতি আৰু নৈতিক অৱক্ষয়ৰ দৰে মানুহৰ ভুলসমূহ প্ৰতিফলিত কৰে বুলি তেওঁলোকে ক’ব খোজে।

উল্লেখ্য যে বাবা ভাংগাৰ প্ৰকৃত নাম আছিল ভেংগেলিয়া পাণ্ডেভা গুষ্টেৰ’ভা। ১৯১১ চনত জন্মগ্ৰহণ কৰা বাবা ভাংগাই মৃত্যুৰ পূৰ্বে ৫০৭৯ চনলৈকে ভৱিষ্যদ্বাণী কৰি গৈছে। ইয়াৰে বহু ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত হৈছে। ছোভিয়েট ইউনিয়নৰ পতনৰ পৰা আৰম্ভ কৰি ৯/১১ৰ আক্ৰমণলৈকে তেওঁ সঠিকভাৱে ভৱিষ্যদ্বাণী কৰিছিল।