শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আজি শাওনৰ তৃতীয়টো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক? জানক পূজাৰ শুভ সময়, নিয়ম, মন্ত্ৰ সকলো…

হিন্দু কেলেণ্ডাৰ অনুসৰি ২০২৫ চনৰ ৯ আগষ্টত ভোলেনাথৰ প্ৰিয় মাহ শাওন শেষ হ'ব। এই মাহৰ চতুৰ্থ আৰু শেষ সোমবাৰ আজি অৰ্থাৎ ৪ আগষ্টত। । ইফালে অসমীয়া কেলেণ্ডাৰ অনুসৰি এইবাৰ শাওন মাহ ১৭ আগষ্টলৈকে চলিব। সেই অনুসৰি আজি শাওনৰ তৃতীয়টো সোমবাৰ।  এনে পৰিস্থিতিত আজিৰ দিনটোত কেতিয়া ,কেনেকৈ শিৱক পূজা কৰিব লাগে জানো আহক।

আজি শাওনৰ তৃতীয়টো সোমবাৰ, কিদৰে সন্তুষ্ট কৰিব শিৱক? জানক পূজাৰ শুভ সময়, নিয়ম, মন্ত্ৰ সকলো…
শাওনৰ সোমাবাৰ
trishna-kalita
Trishna Kalita | Published: 04 Aug 2025 07:22 AM

হিন্দু কেলেণ্ডাৰ মতে আজি অৰ্থাৎ ৪ আগষ্টত শাওন মাহৰ চতুৰ্থ আৰু শেষ সোমবাৰ । অহা ৯ আগষ্টতৰাখীবন্ধনৰ দিনা শ্ৰাৱণ মাহ শেষ হ’ব আৰু ভদ্ৰপদ মাহ আৰম্ভ হ’ব। আনফালে অসমীয়া কেলেণ্ডাৰ অনুসৰি আজি শাওনৰ তৃতীয়টো সোমবাৰ।  ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এই বিশেষ পবিত্ৰ মাহ হৈছে শাওন। স্কন্দ পুৰাণ, শিৱ পুৰাণ, লিংগ পুৰাণ আদি ধৰ্মীয় গ্ৰন্থত এই মাহৰ মহিমা বৰ্ণিত হৈছে।

ভগৱান শিৱক সন্তুষ্ট কৰিবলৈ শাওনৰ সোমবাৰক সৰ্বোত্তম দিন বুলি গণ্য কৰা হয়। অবিবাহিত লোকে এই দিনটোত ব্ৰত ৰাখি শিৱক পূজা কৰে। এই ব্ৰতৰ শুভ ফল হিচাপে ভক্তই আকাংক্ষিত আৰু উপযুক্ত জীৱন সংগী লাভ কৰে বুলি ধৰ্মীয় বিশ্বাস আছে। একে সময়তে বিবাহিতা মহিলাসকলেও নিজৰ পৰিয়ালৰ সুখ আৰু সমৃদ্ধিৰ বাবে আৰু স্বামীৰ দীৰ্ঘায়ুৰ বাবে উপবাস কৰে। শাওনৰ এই সোমবাৰৰ দিনটো মহাদেৱৰ আশীৰ্বাদ লাভ কৰাৰ সৰ্বোত্তম সুযোগ।

শাওনৰ তৃতীয় সোমবাৰৰ শুভ সময়

শাওন এই সোমাবাৰে সৰ্বৰ্থ সিদ্ধি যোগ, ব্ৰহ্ম যোগ আৰু ইন্দ্ৰ যোগ গঠন কৰা হৈছে। এনে পৰিস্থিতিত এই দিনটোত যিকোনো সময়তে মহাদেৱক পানী আগবঢ়াব পাৰে। কিন্তু ব্ৰহ্মমুহুৰ্তত পূজা আৰু জলাভিষেকৰ বাবে উত্তম বুলি গণ্য কৰা হয়।

শাওন সোমবাৰে শিৱক কেনেকৈ পূজা কৰিব?

১) গা ধোৱা আৰু পূজাৰ প্ৰস্তুতি

  • ব্ৰহ্মমুহুৰ্তত উঠি গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধক।
  • ঘৰৰ মন্দিৰ বা পূজাস্থলী পৰিষ্কাৰ কৰি গংগাজল ছটিয়াই দিব।
  • ভগৱান শিৱ আৰু মাতৃ পাৰ্বতীৰ মূৰ্তি বা ফটো স্থাপন কৰক।

২) সংকল্প

  • হাতত পানী লৈ ভগৱান শিৱৰ সন্মুখত উপবাস কৰিবলৈ ব্ৰত লওক।
  • “ওম নম শিৱায়” মন্ত্ৰ জপ কৰি ভগৱানক প্ৰাৰ্থনা কৰক।

৩) পঞ্চমৃতৰ অভিষেক

  • শিৱলিঙক পঞ্চমৃত (গাখীৰ, দৈ, ঘিউ, মৌ আৰু চেনি)ৰে অভিষেক কৰক।
  • ইয়াৰ পিছত ভগৱান শিৱক গংগাজলেৰে স্নান কৰক।

৪) শিৱলিঙত বস্তু আগবঢ়াওক

  • শিৱলিঙত বেলপাত, ধতুৰা, ভাং, আক ফুল, বগা ফুল, চন্দন, অক্ষত অৰ্পণ কৰক।
  • শিৱলিঙত ফলমূল, মিঠাই আৰু অন্যান্য প্ৰসাদ আগবঢ়াওক।

৫) মন্ত্ৰ জপ আৰু আৰতি

  • “ওম নম শিৱায়” মন্ত্ৰ ১০৮ বাৰ জপ কৰক।
  • তাৰ পিছত মহা মৃত্যুঞ্জয় মন্ত্ৰ জপ কৰক।
  • শিৱ চালিছা পাঠ কৰক।
  • ভগৱান শিৱ আৰু মা পাৰ্বতীৰ আৰতি কৰক।

৬) ব্ৰত কথা

  •  শাওনৰ সোমবাৰৰ ব্ৰত কথা শুনক বা পঢ়ক।

৭) প্ৰসাদ বিতৰণ কৰা

  • ঈশ্বৰক আগবঢ়োৱা প্ৰসাদ পৰিয়াল আৰু ভক্তৰ মাজত বিতৰণ কৰক।

৮) ফল আহাৰ

  • গোটেই দিনটো উপবাসে থাকিব আৰু সন্ধিয়া ফলমূল খাব।

৯) চন্দ্ৰলৈ অৰ্ঘ্য

  • সন্ধিয়া চন্দ্ৰক অৰ্ঘ্য আগবঢ়াওক।

১০) ব্ৰত সমাপ্তি

  • পিছদিনা ব্ৰাহ্মণ বা দৰিদ্ৰ লোককক খুৱাই ব্ৰত খোলক।

শাওন সোমবাৰে শিৱলিঙত কি আগবঢ়াব?

ভগৱান শিৱৰ পূজাৰ বাবে শাওনৰ সোমবাৰৰ দিনটো অতি গুৰুত্বপূৰ্ণ। আজিৰ দিনটোত শিৱলিঙত পানী, গাখীৰ, বেলপাত, ধতুৰা, ভাং, শমি পাত আৰু বগা ফুল আগবঢ়াব পাৰিব। ইয়াৰ উপৰিও শিৱলিঙত সুগন্ধিও আগবঢ়াব পাৰিব।

সোমবাৰে শিৱলিঙত কি আগবঢ়োৱা উচিত নহয়?

শাওনৰ সোমবাৰে শিৱলিঙত তুলসী, সেন্দূৰ, কেতেকী ফুল, আৰু হালধী দিব নালাগে। ইয়াৰ উপৰিও শংখৰ পানী, ভঙা চাউল আগবঢ়াব নালাগে।

শাওনৰ সোমবাৰৰ পূজাৰ বাবে কি কি সামগ্ৰীৰ প্ৰয়োজন?

শাওনৰ সোমবাৰৰ পূজাৰ বাবে গংগাজল, গাখীৰ, দৈ, ঘিউ, মৌ, চেনি, চন্দন, ভষ্ম, বেলপাত, ধতুৰা, বগা ফুল, ধূপ, চাকি, কৰ্পূৰ, ৰুদ্ৰাক্ষৰ মালা, ফল, মিঠাই, অক্ষত, শিৱলিংগ বা শিৱৰ পৰিয়ালৰ ফটো, ঘণ্টা, পানী, আৰু পূজাৰ আসনৰ প্ৰয়োজন হ’ব।

শাওনৰ সোমবাৰৰ ব্ৰত কেনেকৈ ভাঙিব?

শাওনৰ সোমবাৰৰ ব্ৰত ভংগ কৰিবলৈ সন্ধিয়া পূজা কৰি চন্দ্ৰক অৰ্ঘ্য অৰ্পণ কৰিব লাগে। ইয়াৰ পিছত ফল বা সাত্বিক খাদ্য গ্ৰহণ কৰিব লাগে। পিছদিনা সূৰ্যোদয়ৰ পিছত  শিৱক পূজা কৰি খাদ্য গ্ৰহণ কৰি উপবাস ভংগ কৰিব লাগে।

লগতে পঢ়ক: ৩ ৰাশিৰ লোকৰ উদয় হ’ব ভাগ্য! শাওন মাহ শেষ হোৱাৰ পূৰ্বে কৰক এই কাম…

(অস্বীকাৰ: ইয়াত দিয়া তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। টিভি৯ অসমে নিশ্চিত নকৰে।)