অসমত ১৪ ছেপ্তেম্বৰত পালন কৰিব জন্মাষ্টমী, এই দিনটোত কিদৰে সন্তুষ্ট কৰিব গোপালক?
সমগ্ৰ দেশতে জন্মাষ্টমী অতি ধুমধামেৰে পালন কৰাৰ পৰম্পৰা আছে। ইতিমধ্যে অসমৰ বাহিৰত এই দিনটো উদযাপন কৰিলে কিন্তু অসমীয়া কেলেণ্ডাৰ অনুসৰি ১৪ ছেপ্তেম্বৰত অসমত জন্মাষ্টমী পালন হ'ব।

প্ৰতি বছৰে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তাৰিখত ভগৱান শ্ৰীকৃষ্ণৰ জন্মবাৰ্ষিকী পালন কৰা হয়। বিশ্বাস কৰা হয় যে ভগৱান শ্ৰীকৃষ্ণৰ জন্ম এই দিনটোত হয়, সেয়েহে প্ৰতি বছৰে এই দিনটো ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী হিচাপে পালন কৰা হয়। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ দিনা লাড্ডু গোপালৰ বিশেষ পূজা, অনুষ্ঠানৰ লগতে ভগৱান শ্ৰীকৃষ্ণৰ শিশু ৰূপটো উপাসনা কৰা হয়
সমগ্ৰ দেশতে এই দিনটো অতি ধুমধামেৰে পালন কৰাৰ পৰম্পৰা আছে। ইতিমধ্যে অসমৰ বাহিৰত এই দিনটো উদযাপন কৰিলে কিন্তু অসমীয়া কেলেণ্ডাৰ অনুসৰি ১৪ ছেপ্তেম্বৰত অসমত জন্মাষ্টমী পালন হ’ব। এই দিনটো ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মদিন হিচাপে পালন কৰা হয়। শ্ৰী কৃষ্ণ জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণক নৈবদ্য অৰ্পণ কৰাটোও বিশেষ তাৎপৰ্য থকা বুলি বিবেচিত হয়।
কি কি বস্তু লাড্ডু গোপালক আগবঢ়াব
- মাখন ভগৱান শ্ৰীকৃষ্ণৰ বাবে অতি প্ৰিয় বুলি গণ্য কৰা হয়। সেয়ে জন্মাষ্টমীৰ দিনা ভগৱান শ্ৰীকৃষ্ণৰ বিশেষ আশীৰ্বাদ পাবলৈ নিশ্চিতভাৱে তেওঁক মাখন আগবঢ়াওক।
- মাখানা আৰু শুকান ফলৰ ভোগ আগবঢ়োৱাও ভগৱান শ্ৰীকৃষ্ণৰ প্ৰিয়। গতিকে শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পাবলৈ নিশ্চয় শুকান ফলৰ সৈতে তেওঁক খীৰ অৰ্পণ কৰিব।
- প্ৰসাদ আগবঢ়োৱাৰ সময়ত এই মন্ত্ৰ জপ কৰক (ভোগ মন্ত্ৰ)
জন্মাষ্টমীৰ দিনা লাড্ডু গোপালক নৈবদ্য অৰ্পণ কৰাৰ সময়ত এই মন্ত্ৰ জপ কৰিব লাগে। মন্ত্ৰ: त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये। गृहाण सम्मुखो भूत्वा प्रसीद परमेश्वर ।। এই মন্ত্ৰৰ অৰ্থ হৈছে, হে প্ৰভু, মোৰ যি আছে, সেই সকলোবোৰ তোমাৰ দ্বাৰা দিয়া। আমি তোমাৰটো কোমাকেই আগবঢ়াইছোঁ। অনুগ্ৰহ কৰি এই প্ৰসাদ গ্ৰহণ কৰক।