শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Daily Horoscope: আজি কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল

আজি ২২ মে, সোমবাৰ। আপোনাৰ দিনটো কেনে যাব? ৰাশিফলত ইয়াৰ সবিশেষ বৰ্ণনা কৰা হয়। চাও আহক আজিৰ ৰাশিফলত কি কি আছে…

Daily Horoscope: আজি কেনে যাব আপোনাৰ দিনটো? জানক দৈনিক ৰাশিফল
আজিৰ দিনটোৰ ৰাশিফল
barasha-misra
Barasha Misra | Published: 22 May 2025 06:00 AM

কেনে যাব আজি আপোনাৰ দিনটো? আৰ্থিক দিশত, ব্যৱসায়, শিক্ষা, প্ৰেমৰ ক্ষেত্ৰত কেনে ফল লাভ কৰিব সকলো ৰাশিৰ জাতক-জাতিকাই? জানিবলৈ পঢ়ক দিনটোৰ ৰাশিফল…

মেষ ৰাশি

আনৰ সফলতাক প্ৰশংসা কৰি আপুনি মানসিক তৃপ্তি লাভ কৰিব পাৰে। বন্ধু-বান্ধৱীৰ সৈতে সন্ধিয়াৰ সময়ত পৰিকল্পনা বনাই নিজক সুখী কৰি তুলিব পাৰে। আজি আপোনাৰ প্ৰেমত উত্তৰ প্ৰেম আৰু ৰোমাঞ্চকৰ হৈ থাকিব। অফিচত কোনোবাাই আপোনাৰ কামৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে ,সেইবাবে চকু খুলি ৰাখক আৰু সাৱধানে থাকক। আপোনাৰ কথনশৈলী আৰু কাম কৰাৰ ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয়। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন।

বৃষ ৰাশি

কৰ্ম ক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ’ব পাৰে যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ’ব। আজি ব্যৱসায়ত আপোনাৰ এটা সৰু অৱহেলাই আপোনাৰ আৰ্থিক লোকচান কৰাব পাৰে। নতুন বস্তু সমূহত ধ্যান মনোযোগ দিয়ক। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোব ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ ব্যৱহাৰ কৰিব পাৰে। আপুনি আৰু আপোনাৰ জীৱনলগৰী একেলগে মিলি বৈবাহিক জীৱন অধিক শুৱনি কৰি তুলিব।

মিথুন ৰাশি

আজি সাৱধানে থাকক ! কোনোবাই আপোনাক বুৰ্বক বনাব বিচাৰি থাকিব। মানসিক অশান্তি আৰু হতাশা বৃদ্ধি পাব পাৰে। আপোনাৰ আৰ্থিক লাভ হব পাৰে। আত্মীয়ৰ পৰা সহযোগ লাভ কৰক আৰু মানসিক অশান্তিৰ পৰা পৰিত্ৰাণ লাভ কৰিব। আজিৰ প্ৰেমত অশুভ। খেলি থাকোতে দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে।

কৰ্কট ৰাশি

ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হ’ব পাৰে। কৰ্মক্ষেত্ৰত প্ৰেম কৰাৰ পৰা বিৰত থাকক নহ’লে আপোনাৰ বদনাম হ’ব পাৰে। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হ’ব।

সিংহ ৰাশি

আজি আপোনাৰ বাবে আৰামৰ দিন হ’ব। আপোনাৰ ভাষণেৰে মানুহৰ হৃদয় জয় কৰাত সফল হ’ব । সম্পত্তিৰ সন্দৰ্ভত আপোনাৰ ভাইটিৰ লগত কোনো বিবাদত লিপ্ত হ’ব নালাগে। নতুন বাহন পাব পাৰে। কামৰ সম্পৰ্কে নতুন নতুন ধাৰণা আপোনাৰ মনলৈ আহিব, যিয়ে আপোনাৰ ব্যৱসায়ক আগুৱাই নিব। ভ্ৰমণৰ সময়ত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব।

কন্যা ৰাশি

আজি আপোনাৰ কথা-বতৰা আৰু আচৰণৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰখাৰ দিন হ’ব। নিজৰ কামত খৰখেদা দেখুৱাব নালাগে। আজি দিনটো শিক্ষাৰ ক্ষেত্ৰত উপযোগী হ’ব। ভগৱান ভক্তিত আপুনি অতিশয় নিয়োজিত হব। আপুনি হয়তো কিছু নতুন কৃতিত্ব লাভ কৰিব পাৰে। সামাজিক কাৰ্যসূচীত আপুনি ভাল উদ্যোগ ল’ব। অফিচতো প্ৰমোচন আদি পাব পাৰে। আজি নতুন ঘৰ ইত্যাদি কিনাৰ চুক্তি চূড়ান্ত হ’ব।

তুলা ৰাশি

আজি আপোনালোকৰ বাবে দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ দিন হ’ব। আপোনাৰ ঘনিষ্ঠ কোনোবাই হয়তো আপোনাক লগ কৰিবলৈ আহিব। কাৰ্যালয়ত থকা আপোনাৰ সহকৰ্মীসকলে আপোনাৰ কাম সম্পূৰ্ণ কৰাত সহায় কৰিব। আপোনাৰ কোনো এটা ইচ্ছা পূৰণ হ’লে আপোনাৰ সুখৰ কোনো সীমা নাথাকিব। আপুনি আপোনাৰ পৰিয়ালৰ কোনো বিষয় ঘৰৰ বাহিৰলৈ যাবলৈ নিদিব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাত একেবাৰেই শিথিলতা নিদিব, নহ’লে সমস্যা বাঢ়িব।

বৃশ্চিক ৰাশি

আজি আপোনালোকৰ বাবে ফলাফলৰ মিশ্ৰিত দিন হ’বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত পোৱা অভিজ্ঞতাৰ পৰা আপুনি লাভৱান হ’ব। নতুন কিবা এটা কৰিবলৈ আপোনাৰ প্ৰচেষ্টাই ফল দিব। আপোনাৰ ল’ৰা-ছোৱালীৰ ফালৰ পৰা হয়তো কিছু ভাল খবৰ শুনিব। আপুনি আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ চেষ্টাত ব্যস্ত থাকিব। নতুন বাহন ক্ৰয় কৰিব পাৰিব। যদি আপুনি কোনো ঋণ লৈছিল, তেন্তে সেইটোও পৰিশোধ কৰিবলৈ আপুনি যৎপৰোনাস্তি চেষ্টা কৰিব।

ধনু ৰাশি

আজি আপোনাৰ বাবে উপকাৰী হ’বলৈ গৈ আছে। আপুনি আপোনাৰ ব্যৱসায়ক অধিক উচ্চতালৈ লৈ যাবলৈ চেষ্টা কৰিব, যাৰ বাবে আপুনি কিছুমান নতুন পৰিকল্পনাও কৰিব। আপোনাৰ যিকোনো পুৰণি বিনিয়োগৰ পৰা ভাল লাভ পাব। দেউতাকৰ লগত কিবা প্ৰতিশ্ৰুতি দিলে সময়মতে পূৰণ কৰিব লাগিব। ৰাজনীতিত কাম কৰা মানুহে হয়তো নতুন পদ পাব।

মকৰ ৰাশি

আজি আপোনাৰ বাবে ব্যস্ততাৰ দিন হ’বলৈ গৈ আছে। আপুনি আপোনাৰ ব্যৱসায়ৰ বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাত ব্যস্ত থাকিব। পৰিয়ালত ল’ৰা-ছোৱালীৰ সৈতে কিছু আনন্দৰ মুহূৰ্ত কটাব। কাৰোবাক সহায় কৰিবলৈও কিছু টকাৰ ব্যৱস্থা কৰিব পাৰে। ক’ৰবালৈ যাওঁতে সাৱধান হ’ব লাগিব, কাৰণ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা থাকে।

কুম্ভ ৰাশি

আজি আপোনাৰ বাবে এটা ভাল দিন হ’বলৈ গৈ আছে। নিজৰ কামত মনোনিৱেশ কৰি আগবাঢ়িব লাগিব। আপোনাক ভাল অগ্ৰগতি লাভ কৰা দেখি আপোনাৰ কিছুমান বন্ধু আপোনাৰ শত্ৰু হৈ পৰিব পাৰে। বাকী থকা ধন বহু পৰিমাণে আদায় কৰা হ’ব। ঘৰৰ বাবে বস্তু ক্ৰয় কৰা আৰু চখৰ বাবেও ভাল পৰিমাণৰ ধন খৰচ কৰিব। আন কাৰোবাৰ কথাত অপ্ৰয়োজনীয়ভাৱে কথা কোৱা উচিত নহয়।

মীন ৰাশি

আজি দিনটোৱে আপোনাৰ বাবে প্ৰভাৱ আৰু গৌৰৱ বৃদ্ধি কৰিব। কৰ্মক্ষেত্ৰত কোনো ডাঙৰ দায়িত্ব পাবলৈ ভয় নকৰিব। আপোনাৰ কনিষ্ঠসকলে আপোনাৰ কামত সম্পূৰ্ণৰূপে সহায় কৰিব। ঈশ্বৰৰ আশীৰ্বাদ আপোনাৰ লগত থাকিব। মাতৃৰ স্বাস্থ্যক লৈ প্ৰতি অলপ চিন্তা থাকিব পাৰে। আয়ৰ উৎস বৃদ্ধিৰ বাবে আপুনি আপোনাৰ প্ৰচেষ্টা ক্ষিপ্ৰ কৰিব লাগিব।