5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভ্ৰমণৰ পৰিকল্পনা কৰিছে নেকি? চাব পাৰে উত্তৰ ভাৰতৰ এই ৭টা বিশ্ব ঐতিহ্য ক্ষেত্ৰ

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হৈছে সাংস্কৃতিক, ঐতিহাসিক বা বৈজ্ঞানিক তাৎপৰ্য্য থকা কিছুমান প্ৰাকৃতিক বা মানৱসৃষ্ট স্থান বা গঠন। ইউনেস্ক’ৱে এনে স্থানক বিশেষ আন্তঃৰাষ্ট্ৰীয় সুৰক্ষাৰ যোগ্য হিচাপে মনোনীত কৰি বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে নিৰ্ধাৰণ কৰে। এইপৰ্যন্ত ইউনেস্ক’ৱে ভাৰতৰ এনে ৪৩টা স্থানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে। চাওঁ আহক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত উত্তৰ ভাৰতৰ এনে ৭টা স্থানৰ বিষয়ে।

monjit-dutta
Monjit Dutta | Published: 26 Aug 2024 11:56 AM
তাজমহলঃ বিশ্বৰ সাতটা আধুনিক আশ্চৰ্যৰ ভিতৰত অন্যতম প্ৰেম আৰু ঐতিহ্যৰ প্ৰতীক মোগল যুগৰ স্থাপত্য তাজমহল। মোগল সম্ৰাট ছাহজাহানে তেওঁৰ প্ৰিয়তমা পত্নী মমতাজৰ সমাধিস্থল হিচাপে ১৬৩১ চনৰ পৰা ১৬৫৩ চনৰ ভিতৰত তাজমহল নিৰ্মাণ কৰিছিল। ইয়াৰ নিৰ্মাণত ২০ হাজাৰৰো অধিক শ্ৰমিক জড়িত আছিল। তাজমহল মোগল যুগৰ কাৰিকৰী তথা স্থাপত্যৰ দক্ষতাৰ অনন্য প্ৰমাণ হিচাপে পৰিগণিত হৈ আহিছে।

1 / 7
হুমায়ুনৰ সমাধিঃ ১৫৭০ চনত নতুন দিল্লীত নিৰ্মাণ কৰা হৈছিল হুমায়ুনৰ সমাধি। এই সমাধি আছিল তাজমহলকে ধৰি অসংখ্য স্থাপত্যৰ আৰ্হি। ১৫০ জনতকৈ অধিক মোগলৰ সমাধিস্থল হিচাপে এই সমাধি কক্ষক ‘মোগলৰ বাসস্থান’ বুলিও কোৱা হয়।

2 / 7
গ্ৰেট হিমালয়ান ৰাষ্ট্ৰীয় উদ্যানঃ ১৯৮৪ চনত স্থাপিত এই উদ্যানখনত বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ লগতে ৩৭৫ টাতকৈও অধিক প্ৰজাতিৰ প্ৰাণী পোৱা যায়। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত অসাধাৰণ তাৎপৰ্য্যৰ বাবে এই উদ্যানখনক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছে।

3 / 7
কুতুব মিনাৰ আৰু ইয়াৰ স্মৃতিসৌধঃ টোমৰ ৰাজপুতসকলে স্থাপন কৰা দিল্লীৰ আটাইতকৈ পুৰণি চহৰ লাল কোটত ১১৯৯ ৰ পৰা ১২২০ চনৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল কুতুব মিনাৰ। দক্ষিণ দিল্লীৰ মেহৰৌলি অঞ্চলত থকা এই প্ৰাচীন স্থপতি সদায়ে পৰ্যটকসকলৰ আকৰ্ষণৰ আধাৰ হিচাপে বিবেচিত হৈ আহিছে।

4 / 7
লালকিল্লাঃ ২০০৭ চনত লালকিল্লাক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়া হয়। মোগল সম্ৰাটসকলৰ মুখ্য বাসস্থান হিচাপে পৰিচিত লালকিল্লা। সম্ৰাট ছাহজাহানে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ পিছত ১৬৩৯ চনৰ ১২ মে তাৰিখে লালকিল্লা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল।

5 / 7
নন্দ দেৱী আৰু ফুলৰ উপত্যকাঃ নন্দ দেৱী পৰ্বত আৰু ফুলৰ উপত্যকা পৰ্যটকৰ বাবে উত্তৰ ভাৰতৰ অন্যতম আকৰ্ষণীয় কেন্দ্ৰস্থল হিচাপে পৰিচিত। ইউনেস্ক’ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত এই ৰাষ্ট্ৰীয় উদ্যান উত্তৰাখণ্ডৰ চামনি জিলাত অৱস্থিত।

6 / 7
কলকা-ছিমলা ৰে’লপথঃ উত্তৰ ভাৰতৰ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত ভাৰতৰ তিনিটা পাহাৰীয়া ৰে’লপথৰ ভিতৰত অন্যতম কলকা-ছিমলা ৰে’লপথ। মুঠ ৯৬.৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰে’লপথটো ঊনবিংশ শতিকাৰ মাজভাগত ছিমলালৈ যাতায়ত ব্যৱস্থা বৃদ্ধিৰ বাবে নিৰ্মাণ কৰা হৈছিল।

7 / 7
Follow Us
Latest Stories