শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Daily Horoscope: মাহৰ অন্তিমটো শনিবাৰ আজি কিদৰে পাৰ হ’ব আপোনাৰ? চাওক ৰাশিফলে কি সংকেত দিছে…

শনিবাৰে জ্যোতিষে কিদৰে দিনটোৰ ভৱিষ্যদ্বাণী কৰে, সেই বিষয়ে জানিবলৈ সকলো উৎসুক হৈ থাকে। গতিকে চাওঁ আহক, অক্টোবৰ মাহৰ অন্তিমটো শনিবাৰৰ বাবে আজি জ্যোতিষৰ আধাৰত প্ৰকাশিত ৰাশিফলে ভিন্ন ৰাশি সন্দৰ্ভত কি কি আগজাননী কৰিছে।

Daily Horoscope: মাহৰ অন্তিমটো শনিবাৰ আজি কিদৰে পাৰ হ’ব আপোনাৰ? চাওক ৰাশিফলে কি সংকেত দিছে…
আজিৰ ৰাশিফলImage Credit source: Getty Images
monjit-dutta
Monjit Dutta | Published: 25 Oct 2025 06:00 AM

আজি ২৫ অক্টোবৰ, মাহৰ আজি অন্তিমটো শনিবাৰ। সাধাৰণতে শনিবাৰৰ দিনটোক জ্যোতিষত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়। সেয়ে শনিবাৰে জ্যোতিষে কিদৰে দিনটোৰ ভৱিষ্যদ্বাণী কৰে, সেই বিষয়ে জানিবলৈ সকলো উৎসুক হৈ থাকে। গতিকে চাওঁ আহক, অক্টোবৰ মাহৰ অন্তিমটো শনিবাৰৰ বাবে আজি জ্যোতিষৰ আধাৰত প্ৰকাশিত ৰাশিফলে ভিন্ন ৰাশি সন্দৰ্ভত কি কি আগজাননী কৰিছে-

মেষ ৰাশিৰ ৰাশিফল

পাৰিবাৰিক ব্যৱসায়ৰ ক্ষেত্ৰত কিছু লোকচানৰ সন্মুখীন হ’ব পাৰে। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱাসকলে নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰিব। আপুনি হয়তো নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে, লগতে পদোন্নতিও হ’ব পাৰে। নিজৰ অধ্যৱসায়ৰ বাবে সকলো কাম সহজে সম্পূৰ্ণ হোৱাটো নিশ্চিত হ’ব। সন্তানৰ সংগৰ প্ৰতি মনোযোগ দিব লাগিব।

বৃষ ৰাশিৰ ৰাশিফল

ভাল কামৰ বাবেও হয়তো সন্মান লাভ কৰিব পাৰে। নতুন কোনো ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰিব পাৰে। আজি ভাল খাদ্য উপভোগ কৰিব, কিন্তু পেটৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ’ব পাৰে। জীৱনৰ মানদণ্ডৰ উন্নতি হ’ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ জুনিয়ৰৰ পৰা সহায়ৰ প্ৰয়োজন হ’ব পাৰে।

মিথুন ৰাশিৰ ৰাশিফল

আৰ্থিক দিশত শুভ, ব্যৱসায়িক ক্ষেত্ৰত লাভৰ পথ মুকলি হ’ব। নতুন পৰিকল্পনা গ্ৰহণ কৰিব পাৰে। অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থকা উচিত হ’ব। পাৰিবাৰিক জীৱন সুখকৰ হ’ব। পত্নীয়ে সৈতে কোনো গুৰুত্বপূৰ্ণ কাম কৰিব। অৱশ্যে কিছু মতানৈক্য হোৱাৰো সম্ভাৱনা আছে। এইক্ষেত্ৰত সাৱধান হ’ব লাগিব।

কৰ্কট ৰাশিৰ ৰাশিফল

খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। কামত যিকোনো পৰিৱৰ্তন কৰিলে লাভৰ পৰিৱৰ্তে সমস্যাৰহে সন্মুখীন হ’ব পাৰে। আপোনাৰ বন্ধু-বান্ধৱী বৃদ্ধি পাব পাৰে। বন্ধু-বান্ধৱীৰ সৈতে মানসম্পন্ন সময় কটাব, তেওঁলোকৰ পৰা কিছুমান ব্যৱসায়িক টিপছ লাভ কৰিব পাৰে। পত্নীগৃহৰ যিকোনো লোকৰ সৈতে আৰ্থিক লেনদেনৰ পৰা বিৰত থাকক।

সিংহ ৰাশিৰ ৰাশিফল

কামত মনোনিৱেশ কৰিব লাগিব। চৰকাৰী কোনো আঁচনিতো বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মস্থলীত হয়তো কোনো লোকে কোৱা কথাৰ বাবে কাম কৰাৰ প্ৰতি অলপ ইচ্ছা হ্ৰাস পাব পাৰে। কিছুমান ঘনিষ্ঠ লোকৰ সৈতে সাক্ষাৎ হ’ব পাৰে, কিন্তু কথা-বতৰাত সংযম ৰাখক। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব।

কন্যা ৰাশিৰ ৰাশিফল
আপোনাৰ ব্যৱসায়িক সিদ্ধান্তসমূহ ভালদৰে বিবেচনা কৰিব লাগিব। কিছুমান কাম সম্পূৰ্ণ কৰাত খৰখেদা কৰিব, যাৰ ফলত পৰিয়ালৰ কোনো সদস্যৰ সৈতে তৰ্ক হ’ব পাৰে। কৰ্ম ব্যস্ততা বাঢ়িব পাৰে। একেলগে বহু কাম থকাৰ বাবে আপোনাৰ উদ্বেগ বৃদ্ধি পাব পাৰে। বন্ধু-বান্ধৱীৰ সৈতে কোনো মনোৰঞ্জনমূলক কাৰ্যসূচীৰ পৰিকল্পনা কৰিব পাৰে।

তুলা ৰাশিৰ ৰাশিফল
আপোনাৰ সিদ্ধান্ত গ্ৰহণৰ দক্ষতা উন্নত হ’ব। আপোনাৰ উপাৰ্জনৰ উৎস বৃদ্ধি পাব। পাৰিবাৰিক কোনো অনুষ্ঠানৰ আয়োজন কৰিব পাৰে, সেয়ে ব্যস্ততা বৃদ্ধি পাব। আপোনাৰ অহিত চিন্তকে আজি আপোনাক অশান্তি দিবলৈ চেষ্টা কৰিব। আপোনাৰ কিছুমান কামত ব্যাঘাত জন্মিব পাৰে, গতিকে আপোনাৰ নিজৰ কামত ভালদৰ মনোনিৱেশ কৰাটো ভাল হ’ব।

বৃশ্চিক ৰাশিৰ ৰাশিফল

ব্যৱসায়িক পৰিকল্পনাৰ ক্ষেত্ৰত সাৱধান হ’ব লাগিব। পুৰণি যিকোনো সমস্যাৰ পৰা সকাহ লাভ কৰিব। প্ৰগতিৰ পথত আগবাঢ়ি যোৱাৰ দিন হ’ব, এটাৰ পিছত এটাকৈ বহুকেইটা ভাল খবৰ শুনিব। নতুন কাপোৰ আৰু গেজেট ক্ৰয় কৰাটো আপোনাৰ বাবে উপকাৰী বিবেচিত হ’ব। আপোনাৰ সন্তানক মূল্যবোধ আৰু পৰম্পৰাৰ বিষয়ে শিক্ষা দিব লাগিব।

ধনু ৰাশিৰ ৰাশিফল

যথেষ্ট ধন খৰচ হ’ব। কাৰোবাৰ পৰা যদি ধন পাবলৈ আছিল, সেই ধন আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ পৰিকল্পনা কৰিছে যদি পিতৃ-মাতৃৰ অনুমতি লোৱাটো উত্তম হ’ব। ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। পিতৃ-মাতৃৰ সৈতে পাৰিবাৰিক বিষয় এটাৰ ওপৰত আলোচনা কৰিব লাগিব। প্ৰেমৰ সম্পৰ্ক সুদৃঢ় হ’ব।

মকৰ ৰাশিৰ ৰাশিফল

ব্যৱসায়ত জড়িতসকলৰ বাবে দিনটো শুভ বিবেচিত হ’ব। কোনো ধৰ্মীয় স্থানলৈ তীৰ্থযাত্ৰা কৰিব পাৰে। ভালদৰে বিবেচনা কৰি ব্যক্তিগত বিষয়বোৰ সমাধান কৰিব লাগিব। দূৰৈত বাস কৰা পৰিয়ালৰ কোনো সদস্যৰ পৰা কিছু ভাল খবৰ লাভ কৰিব। আন লোকৰ আগত গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশৰ কৰাৰ পৰা বিৰত থাকক। শিক্ষাৰ্থীসকলৰ বাবে শুভ।

কুম্ভ ৰাশিৰ ৰাশিফল

ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব। পৰিয়ালৰ কোনো সদস্যক দিয়া প্ৰতিশ্ৰুতি পূৰণৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব। গুৰুত্বপূৰ্ণ কামত বিলম্ব কৰাৰ পৰা বিৰত থাকক। বহুদিনৰ পৰা অসম্পূৰ্ণ হৈ থকা কোনো কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰিব যদিও অসুবিধাৰ সন্মুখীন হ’ব লাগিব। কৰ্মক্ষেত্ৰতো কিছুমান সমস্যাৰ সৃষ্টি হ’ব পাৰে।

মীন ৰাশিৰ ৰাশিফল

চখ পূৰণৰ বাবে কিছুমান সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত ভালেখিনি টকা খৰচ কৰিব। আপোনাৰ চৌপাশৰ শত্ৰুক চিনাক্ত কৰিব লাগিব। জীৱন সংগীয়ে আপোনাৰ সৈতে উন্নতিৰ দিশত আগবাঢ়ি যাব, তেওঁলোকৰ অনুভৱক আপুনি সন্মান কৰিব লাগিব। আধ্যাত্মিক কাম-কাজত জড়িত হৈ খ্যাতি অৰ্জন কৰিব। কাৰোবাৰ প্ৰতি ঈৰ্ষা বা ঘৃণাৰ ভাৱ প্ৰকাশৰ পৰা বিৰত থাকক।