Moong Vs Masoor: মচুৰ নে মগু, কোন বিধ দাইল স্বাস্থ্যৰ বাবে বেছি উপকাৰী? জানক
এই দুয়োবিধ দাইলৰ ভিতৰত কোনবিধ দাইল স্বাস্থ্যৰ বাবে অধিক উপকাৰী। মচুৰ দাইল আৰু মগু দাইলৰ পুষ্টিকৰ উপাদানৰ পাৰ্থক্য জানোঁ আহক।

অসমীয়া পাকঘৰত দাইলৰ বিশেষ স্থান আছে। দাইলত পুষ্টিকৰ উপাদানেৰে ভৰপূৰ। মচুৰ দাইলৰ আঞ্জা ৰন্ধাটো সহজ আৰু ইয়াৰ সোৱাদ আচৰিত ধৰণৰ। দাইলৰ ভিতৰত মগু আৰু মচুৰ দাইল স্বাস্থ্যৰ বাবে অতি উপকাৰী। এই দুয়োবিধ দাইলতে প্ৰটিনকে ধৰি বহুতো পুষ্টিকৰ উপাদান থাকে। এই দাইলত থকা উপাদানে হজম শক্তি বৃদ্ধি, পেশী শক্তিশালী আৰু হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে।
কিন্তু প্ৰায়ে কিছুমান মানুহে বিভ্ৰান্ত হৈ পৰে যে, এই দুয়োবিধ দাইলৰ ভিতৰত কোনবিধ দাইল স্বাস্থ্যৰ বাবে অধিক উপকাৰী। মচুৰ দাইল আৰু মগু দাইলৰ পুষ্টিকৰ উপাদানৰ পাৰ্থক্য জানোঁ আহক।
প্ৰটিন সমৃদ্ধ মগু দাইল
মগু দাইলত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। ইয়াৰ উপৰিও ই চৰ্বি, আঁহ, ভিটামিন, আইৰণ আৰু কেলচিয়ামৰ এক উত্তম উৎস। মগু দালি হৈছে সহজে হজম হোৱা দাইল, যিয়ে হজম শক্তিও সুস্থ কৰি ৰাখে আৰু পেটৰ বহু সমস্যা দূৰ কৰে। ইয়াৰ উপৰিও হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখা, ওজন হ্ৰাস, তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ আৰু শক্তি বৃদ্ধিৰ ক্ষেত্ৰতো সহায়ক।
মচুৰ দাইল হৈছে পুষ্টিকৰ উপাদানৰ ভঁৰাল
মচুৰ দাইলও পুষ্টিকৰ উপাদানৰ ভঁৰাল। ইয়াত প্ৰটিন, ফাইবাৰ আৰু আইৰণ, ফলেট, পটাছিয়াম আৰু এন্টিঅক্সিডেন্ট আদি উপাদান থাকে। হাড় মজবুত কৰা আৰু ওজন কমোৱাৰ বাবে ইয়াক অতি উত্তম বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও তেজৰ চুগাৰ নিয়ন্ত্ৰণ আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাৰ বাবেও মচুৰ দাইল উপকাৰী।
মচুৰ দাইল বনাম মগু দাইল
মচুৰ দাইলত প্ৰটিন ২৪গ্ৰাম, আঁহ ১১গ্ৰাম, চৰ্বি ১গ্ৰাম, কাৰ্বহাইড্ৰেট ৬০ গ্ৰাম আৰু ৩৫০ কিলো কেলৰি। একেদৰে মগু দাইলত প্ৰটিন-২৪গ্ৰাম,আঁহ-১৬গ্ৰাম, চৰ্বি-১গ্ৰাম, কাৰ্বহাইড্ৰেট-৬০গ্ৰাম আৰু ৩৪৭ কিলো কেলৰি।
কোনটো বেছি উপকাৰী, মচুৰ নে মগু?
যদি উপকাৰৰ কথা কওঁ, তেন্তে মচুৰ আৰু মগু দাইল দুয়োটাৰে নিজস্ব উপকাৰী গুণ আছে। দুয়োটাৰ ভিতৰত কোনটো বেছি উপকাৰী সেইটো কোৱাটো অলপ টান। যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বাবে মচুৰ দাইল ভাল। ইয়াৰ উপৰিও ই শক্তি বৃদ্ধি কৰে। আনহাতে মগু দাইলত ভাল পৰিমাণৰ আঁহ থাকে, যাৰ বাবে ইয়াক পেটৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত আপুনি প্ৰয়োজন অনুসৰি ইয়াৰে এবিধ দাইল বাছি ল’ব পাৰে।