শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কুকুৰে চেলেকিলে জলাতংকৰ সংক্ৰমণ হ’ব পাৰে নেকি? চিকিৎসকৰ পৰা জানক…

কুকুৰে কামোৰাৰ ফলত ৰেবিজ হয় বুলি সকলোৱে জানে, কিন্তু আপুনি জানেনে যে কেৱল কামোৰাই নহয় কুকুৰে চেলেকিলেই আপুনি জলাতংক ৰোগত আক্ৰান্ত হ’ব পাৰে? ৰেবিজৰ পৰা হাত সাৰিবলৈ কি উপায় আছে আৰু কুকুৰে কামোৰ দিলে কি কথা মনত ৰাখিব লাগে।

কুকুৰে চেলেকিলে জলাতংকৰ সংক্ৰমণ হ’ব পাৰে নেকি? চিকিৎসকৰ পৰা জানক…
কুকুৰে চেলেকিলে জলাতংকৰ সংক্ৰমণ হ’ব পাৰে নেকি?Image Credit source: JGI/Jamie Grill/Tetra Images/Getty Images
trishna-kalita
Trishna Kalita | Published: 23 Aug 2025 16:23 PM

কুকুৰৰ আক্ৰমণ আৰু মানুহৰ ওপৰত আক্ৰমণৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। কুকুৰে কামোৰাৰ ফলত জলাতংক ৰোগ হয়। ইয়াৰ ফলত ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাইছে। কিন্তু কুকুৰক মৰম কৰা আৰু একেলগে বসবাস কৰাটোও একাংশ লোকৰ অভ্যাস। সেইবাবে সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত প্ৰয়োজনীয়। মানুহে কুকুৰৰ লগত খেলি ভাল পায়, কিন্তু এই সময়ত কুকুৰে চেলেকিলে জলাতংক ৰোগত আক্ৰান্ত হ’ব পাৰেনে?

ৰেবিজ হৈছে এক মাৰাত্মক ৰোগ যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক আক্ৰমণ কৰে। এই ৰোগে এবাৰ ধৰিলে জীয়াই থকাটো অসম্ভৱ হৈ পৰে। ডাক্তৰেও জলাতংক ৰোগক আটাইতকৈ বিপজ্জনক ৰোগৰ ভিতৰত অন্যতম বুলি গণ্য কৰে। ৰেবিজৰ সংক্ৰমণ বেছিভাগেই কুকুৰ, মেকুৰী বা যিকোনো আক্ৰান্ত জন্তুৰ কামোৰৰ জৰিয়তে বিয়পে।

কুকুৰে চেলেকাটো কিমান নিৰাপদ?

ৰাজস্থানৰ পশু বিজ্ঞান বিশ্ববিদ্যালয়ৰ ডাঃ এন আৰ ৰাৱাটে কয় যে যদি কোনো টিকাকৰণ কৰা কুকুৰে আপোনাক চেলেকি দিয়ে তেন্তে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই, কিন্তু যদি কুকুৰটো সংক্ৰমিত হয় বা কোনো ধৰণৰ জলাতংক প্ৰতিৰোধী ভেকচিন দিয়া হোৱা নাই, তেন্তে কুকুৰটোৰ লালটিৰ পৰা জলাতংক ৰোগ হ’ব পাৰে। কুকুৰটোৰ লালটিত জলাতংক ৰোগৰ বীজাণু থাকে। কিন্তু এনেকুৱা তেতিয়াহে হয় যেতিয়া আপোনাৰ শৰীৰত ঘাঁ বা সতেজ কটা ঠাইত সংক্ৰমিত কুকুৰে চেলেকি দিয়ে। তেতিয়া জলাতংক ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। অৰ্থাৎ কেৱল পোনপটীয়াকৈ চেলেকিলেই নহয়, ঘাঁ কুকুৰৰ লালটিৰ সংস্পৰ্শলৈ আহিলেই এই বিপদ বৃদ্ধি পায়।

বিশেষজ্ঞসকলে কি কয়?

  • এইমছ আৰু WHOৰ গাইডলাইন অনুসৰি যদি কোনো লোকৰ খোলা ঘা, আঁচোৰ বা মুখৰ ভিতৰৰ পৃষ্ঠত আক্ৰান্ত কুকুৰৰ লালটি লাগে তেন্তে ৰেবিজ সংক্ৰমণৰ আশংকা হ’ব পাৰে।
  • বিশেষজ্ঞসকলৰ মতে ৰেবিজ ভাইৰাছ তেজত প্ৰৱেশৰ বাবে এটা পথৰ প্ৰয়োজন আৰু এই পথ কটা ঘাঁ, আঁচোৰ হ’ব পাৰে।
  • আক্ৰান্ত জন্তুৱে কামোৰাৰ পিছত ৰেবিজ ভাইৰাছ প্ৰথমে তেজ বা কলাত প্ৰৱেশ কৰে আৰু তাৰ পিছত লাহে লাহে স্নায়ুৰ যোগেদি স্নায়ুতন্ত্ৰ আৰু মগজুত আক্ৰমণ কৰে। ভাইৰাছটো স্নায়ুতন্ত্ৰত প্ৰৱেশ কৰিলে ৫ৰ পৰা ১৫ দিনৰ ভিতৰত মৃত্যু হয়।

কোনবোৰ পৰিস্থিতিত বিপদ বেছি হয়?

  • যদি কুকুৰটো জলাতংক ৰোগত আক্ৰান্ত হয় আৰু আপোনাক চেলেকি থকাৰ সময়ত আপোনাৰ শৰীৰত কটা বা ঘাঁ হয়।
  • যদি কুকুৰটোৱে আপোনাৰ ওঁঠ, চকু বা মুখৰ ওচৰত চেলেকিলে।
  • যদি আপোনাৰ শৰীৰত কোনো পুৰণি ঘাঁ থাকে যাৰ ওপৰত লালটি লাগে।

আক্ৰান্ত কুকুৰৰ সংস্পৰ্শলৈ আহিলে কি কৰিব লাগে?

  • যদি আপোনাৰ কাটি যোৱা বা ঘাঁত সন্দেহযুক্ত কুকুৰৰ লালটি লাগিছে, তেন্তে লগে লগে চিকিৎসা আৰম্ভ কৰক।
  • আক্ৰান্ত অংশটো বৈ যোৱা পানী আৰু চাবোনেৰে কমেও ১৫ মিনিট ধুব লাগে।
  • এন্টিচেপ্টিক (যেনে আয়’ডিন বা স্পিৰিট) প্ৰয়োগ কৰিব লাগে।
  • পলম নকৰাকৈ ওচৰৰ চিকিৎসালয়লৈ গৈ ডাক্তৰক সকলো সবিশেষ জনাব।
  • চিকিৎসকৰ পৰামৰ্শ মতে ৰেবিজৰ ভেকচিন লওক।

লগতে পঢ়ক: খজুৱতি, জ্বলা-পোৰা…বাৰিষাৰ বতৰত কিয় বেছি হয় ছালৰ সমস্যা? প্ৰতিকাৰৰ সহজ উপায়…