মহ বা মাখিয়ে অধিক কামোৰে নেকি আপোনাক! পিছে ইয়াৰ আঁৰত থকা কাৰণসমূহ জানেনে?
কেতিয়াবা দেখা যায় বহু লোকৰ মাজতো কোনো এজন ব্যক্তিক ম’হ বা মাখিয়ে অধিক আমনি কৰে। মহ-মাখিৰ এই আক্ৰমণৰ আঁৰত কিছুমান বৈজ্ঞানিক কাৰণ থাকে। আমি অধিকাংশ লোকেই এনে কাৰণসমূহৰ বিষয়ে জ্ঞাত নহয়। গতিকে চাওঁ আহক মহ বা মাখিয়ে কিছুমান মানুহক কিয় বেছিকৈ আমনি কৰে।

ঘৰৰ সকলোৰে সৈতে একেলগে বহি থকাৰ সময়তেই হওক বা বন্ধুৰ সৈতে আড্ডাৰ সময়তেই হওক, কেতিয়াবা দেখা যায় বহু লোকৰ মাজতো কোনো এজন ব্যক্তিক ম’হ বা মাখিয়ে অধিক আমনি কৰে। হয়তো আপুনিও এনে অৱস্থাৰ সন্মুখীন হৈছে। স্বাভাৱিকতেই এয়া ব্যক্তি এজনৰ বাবে অত্যন্ত বিৰক্তিকৰ হৈ উঠিব পাৰে। পিছে মহ-মাখিৰ এই আক্ৰমণৰ আঁৰত কিছুমান বৈজ্ঞানিক কাৰণ থাকে। আমি অধিকাংশ লোকেই এনে কাৰণসমূহৰ বিষয়ে জ্ঞাত নহয়। গতিকে চাওঁ আহক মহ বা মাখিয়ে কিছুমান মানুহক কিয় বেছিকৈ আমনি কৰে।
জিনীয় কাৰণ
মহ বা মাখিয়ে অধিক আমনি কৰাৰ প্ৰায় ৮৫% কাৰণ জিনত নিহিত হৈ আছে। সেয়ে মহ মাখিৰ অসুবিধাৰ পৰা ৰক্ষা পাবলৈ বহু চেষ্টা কৰিলেও আপুনি এনে আমনিৰ পৰা ৰেহাই নাপাব পাৰে।
শৰীৰৰ ৰসায়ন আৰু ছালত থকা বেক্টেৰিয়া
মাখিয়ে কিছুমান বিশেষ গোন্ধ আৰু শৰীৰৰ পৰা ওলাই থকা ৰাসায়নিক পদাৰ্থৰ প্ৰতি আকৰ্ষিত হয়। যিসকল ব্যক্তিৰ ছালত ভিন্ন বেক্টেৰিয়াৰ প্ৰভাৱ অধিক, তেওঁলোকৰ দেহৰ গোন্ধ মহ, মাখিৰ বাবে অধিক আকৰ্ষণীয় হৈ উঠে। বিশেষকৈ লেক্টিক এচিড, এমোনিয়া আৰু ইউৰিক এচিড মহ, মাখিৰ প্ৰিয়। যিকোনো শাৰীৰিক ব্যায়াম কৰাৰ পিছত এই সমূহ অধিক সক্ৰিয় হৈ পৰে বাবে ঘাম ওলালে মহ, মাখিয়ে বেছিকৈ আমনি কৰে।
শৰীৰৰ উষ্ণতা আৰু কাৰ্বন ডাইঅক্সাইড (CO₂)
মাখিয়ে কাৰ্বন ডাইঅক্সাইড আৰু উষ্ণতাৰ সহায়ত লক্ষ্যৰ অনুসন্ধান কৰে। যদি আপোনাৰ নিঃশ্বাসত অধিক পৰিমাণে CO₂ বাহিৰ হয় (বিশেষকৈ আপোনাৰ দেহৰ আকাৰ যদি ডাঙৰ হয়, আপুনি গৰ্ভৱতী বা ব্যায়ামত ব্যস্ত হোৱাৰ সময়ত এনে হয়) আৰু আপোনাৰ শৰীৰৰ উষ্ণতা বেছি হয়, তেতিয়া মহ মাখিৰ আক্ৰমণ অধিক হয়।
ৰক্তৰ প্ৰকাৰ
গৱেষণাৰ পৰা দেখা গৈছে যে মহ তথা মাখি কিছুমান বিশেষ তেজৰ গ্ৰুপৰ মানুহৰ প্ৰতি অধিক আকৰ্ষিত হয়। প্ৰধানতঃ O গ্ৰুপৰ ৰক্ত থকা লোকক A গ্ৰুপৰ লোকতকৈ প্ৰায় দুগুণে মহ, মাখিয়ে কামোৰে। এইক্ষেত্ৰত B গ্ৰুপৰ তেজ থকা লোকক O গ্ৰুপতকৈ কিছু কম আৰু A গ্ৰুপৰ তেজ থকা লোকতকৈ কিছু বেছি মহ-মাখিয়ে আমনি কৰে।
মদ্যপান (বিয়েৰ)
সুৰা বিশেষকৈ বিয়েৰে মহ তথা মাখিৰ আকর্ষণ বঢ়াব পাৰে। বিয়েৰ খোৱা লোকৰ দেহৰ পৰা ঘামেৰে ইথানল ওলাই আহে আৰু শৰীৰৰ গোন্ধ বা উষ্ণতা অধিক হয়। ইয়াৰ ফলত মহ তথা মাখিয়ে অধিক আমনি কৰে।
ছালৰ যত্নৰ সামগ্ৰী
কিছুমান লোচন, পৰিফিউম বা আন প্ৰসাধন সামগ্রীৰ গোন্ধ শৰীৰৰ প্ৰাকৃতিক গোন্ধৰ সৈতে বিক্ৰিয়া কৰি মাখিৰ বাবে আপোনাক আকৰ্ষণীয় কৰি তোলে।