শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

খোজ কঢ়াৰ উপকাৰিতা কি কি ? ভাল ফলাফলৰ বাবে দৈনিক কিমান খোজ কাঢ়িব লাগে ?

আপুনি দৈনিক কিমান খোজ কাঢ়িব লাগে? সাধাৰণতে কোৱা হয় দৈনিক ১০ হাজাৰ খোজ কাঢ়িলে আপোনাৰ স্বাস্থ্য়ৰ বাবে উপকাৰী। কিন্তু এই কথা সঁচানে?

খোজ কঢ়াৰ উপকাৰিতা কি কি ? ভাল ফলাফলৰ বাবে দৈনিক কিমান খোজ কাঢ়িব লাগে ?
manas-borah
Manas Borah | Published: 13 Oct 2025 19:01 PM

দৈনিক ব্যায়াম, যোগাসন, প্ৰাণায়ম কৰিবলৈ সময় নাপালেও খোজ কঢ়া অভ্যাস কৰিব লাগে। ই সামগ্ৰিক স্বাস্থ্যৰ বাবে অতি উপকাৰী। প্ৰশ্ন হয়, আপুনি দৈনিক কিমান খোজ কাঢ়িব লাগে? সাধাৰণতে কোৱা হয় দৈনিক ১০ হাজাৰ খোজ কাঢ়িলে আপোনাৰ স্বাস্থ্য়ৰ বাবে উপকাৰী। কিন্তু এই কথা সঁচানে?

প্ৰায়ে সংখ্যক লোকে বিশ্বাস কৰে যে, দিনটোত ১০ হাজাৰ খোজ কাঢ়িব লাগে। টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি, দ্য লেন্সেট পাব্লিক হেল্থত প্ৰকাশিত এই অধ্যয়নত দেখা গৈছে যে, আমি বিশ্বাস কৰা ধৰণে ১০ হাজাৰ খোজ স্বাস্থ্যৰ বাবে প্ৰয়োজন নহ’বও পাৰে। গৱেষকসকলে লক্ষ্য কৰিছে যে, ৭০০০ খোজ কাঢ়িলেই হয়তো বেছিভাগ উপকাৰিতা লাভ কৰিব পাৰি।

অধ্যয়নটোত দেখা গৈছে যে, দিনটোত ৭ হাজাৰ খোজ কাঢ়িলে অকাল মৃত্যুৰ সম্ভাৱনা ৪৭ শতাংশ পৰ্যন্ত হ্ৰাস পায়। ৭,০০০ খোজে ১০,০০০ খোজ কঢ়াৰ দৰেই স্বাস্থ্যৰ ফলাফল প্ৰদান কৰে। আচলতে সেই অতিৰিক্ত ৩০০০ খোজে আপোনাক অধিক ভাগৰুৱা কৰি তুলিব পাৰে।

প্ৰতিদিনে ১০ মিনিট খোজ কাঢ়িলেও ভাল ফলাফল লাভ কৰিব। ই ৰক্ত সঞ্চালন বৃদ্ধি কৰে, মেজাজ উন্নত কৰে। নিয়মিতভাৱে খোজ কাঢ়িলে হৃদযন্ত্ৰৰ স্বাস্থ্যও উন্নত হয়, হজম শক্তি বৃদ্ধি কৰিব পাৰে আৰু সুস্থ ওজন বজাই ৰখাত সহায় কৰিব পাৰে।

খোজ কঢ়াৰ উপকাৰিতা

  • কেলৰি জ্বলাই দিয়ে ওজন নিয়ন্ত্ৰণত সহায় কৰে
  • হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে আৰু ৰক্তচাপকে ধৰি বিপদজনক কাৰকসমূহ হ্ৰাস কৰে।
  • তেজৰ চুগাৰৰ পৰিমাণ হ্ৰাস কৰাত সহায় কৰে।
  • মগজুক সুস্থ কৰি তোলে।
  • গাঁঠিৰ বিষ কম কৰে, মেজাজ উন্নত কৰে।
  • ই আপোনাৰ মনটোক অধিক সৃষ্টিশীল কৰি তুলিব পাৰে।
  • শৰীৰৰ শক্তি বৃদ্ধি কৰে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

স্পষ্টীকৰণ : এই প্ৰতিবেদন কেৱল তথ্যৰ বাবেহে আৰু ই পেছাদাৰী চিকিৎসা পৰামৰ্শৰ বিকল্প নহয়। গতিকে স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ বিশেষজ্ঞৰ পৰা গ্ৰহণ কৰক।