মৰিয়াই মাৰিলেও আমাক ন্যায় লাগিব, গুলিয়াই মাৰিলেও ন্যায় লাগিবঃ অনুৰাগী
অসমীয়া যুৱ মঞ্চই এক সংবাদ মেল সম্বোধন কৰি জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী কৰে। সংবাদ মেলত সংঠনটোৰ নেতৃত্বৰ স্পষ্ট মত, ‘মৰিয়াই মাৰিলেও আমাক ন্যায় লাগিব, গুলিয়াই মাৰিলেও ন্যায় লাগিব।’
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজ্যজুৰি গঢ়ি উঠিছে প্ৰতিবাদ। ছিংগাপুৰত অকাল মৃত্যুক সাবটি লোৱা হিয়াৰ আমঠু শিল্পীগৰাকীৰ ন্যায়ৰ দাবী তুলি সোচ্চাৰ হৈ পৰিছে সকলো। ক্ৰমাৎ ৰহস্যঘন হৈ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ সঠিক তদন্তৰ লগতে ন্যায়ৰ দাবীৰে দেওবাৰে নিশা শিল্পীগৰাকীৰ সোণাপুৰৰ অন্ত্যেষ্টিক্ৰিয়াস্থলীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ লোক সমবেত হয়। জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মৃত্যুক সাবটি ল’বলৈও সাজু বুলি মন্তব্য কৰে বহু প্ৰতিবাদকাৰী লোকে।
ৰাজ্যজুৰি চলি থকা এনে দাবী তথা প্ৰতিবাদৰ সময়তে অসমীয়া যুৱ মঞ্চই এক সংবাদ মেল সম্বোধন কৰি জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবী কৰে। সংবাদ মেলত সংঠনটোৰ নেতৃত্বৰ স্পষ্ট মত, ‘মৰিয়াই মাৰিলেও আমাক ন্যায় লাগিব, গুলিয়াই মাৰিলেও ন্যায় লাগিব।’
Latest Videos

ভিচেৰা পৰীক্ষা কি? জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত ই কিদৰে সহায় কৰিব?

মৰিয়াই মাৰিলেও আমাক ন্যায় লাগিব, গুলিয়াই মাৰিলেও ন্যায় লাগিব!

কেৰিয়াত অমিতাভে লাভ কৰা আটাইতকৈ দামী উপহাৰ কি?

ইছৰোৰ সৈতে হাত মিলাইছে ডাক বিভাগে, দেখা যাব এনে আমূল পৰিৱৰ্তন...
