এছ আই টিৰ হাতত জুবিনৰ মৃত্যুৰ সময়ৰ অন্তিমটো ভিডিঅ’, পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ…
আজি ১৩ অক্টোবৰৰ দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। জুবিনৰ মৃত্যুৰ তদন্তৰ পৰা ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয়া টেষ্টলৈকে চাওক দিনটোৰ শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ
আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত অগ্ৰগতি লাভ কৰিছে এছ আই টিয়ে। জুবিনৰ মৃত্যুৰ সময়ৰ অন্তিমটো ভিডিঅ’ লাভ কৰিছে এছ আই টিয়ে। ইয়াৰ লগতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।
দিনটোৰ শীৰ্ষ খবৰ
- জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ অন্তিমটো ভিডিঅ’ লাভ কৰিছে এছ আই টিয়ে। সিদ্ধাৰ্থৰ নিৰ্দেশত ভিডিঅ’টো ডিলিট কৰিছিল অমৃতপ্ৰভাই। কিন্তু চি আই ডিৰ এক্সপাৰ্টে উদ্ধাৰ কৰে উক্ত ভিডিঅ’টো। এই ভিডিঅ’ই তদন্তকাৰী দলক বহু ক্লু দিয়াৰ সম্ভাৱনা আছে।
- আজি চি আই ডিৰ কাৰ্যালয়ত উপস্থিত হয় ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে য়ট পাৰ্টীত থকা তিনি প্ৰবাসী অসমীয়া। এছ আই টিয়ে জেৰা চলাই তিনিওকে। আন দুজন প্ৰবাসী অসমীয়াও শীঘ্ৰেই উপস্থিত হোৱাৰ সম্ভাৱনা।
- SITৰ সমুখত পুনৰ উপস্থিত জুবিনৰ সহযোগী শিল্পী শতাব্দী বৰা। আজি ন্যায়িক আয়োগৰ সন্মুখত ভাষ্য দিয়ে শতাব্দীয়ে। সকলো প্ৰৱাসী অসমীয়াক সহযোগ কৰিবলৈ আহ্বান শতাব্দীৰ।
- জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত আজি সংবাদ মাধ্যমৰ আগত কেতবোৰ তথ্য সদৰী কৰে এছ আই টিৰ মুৰব্বী মুন্নপ্ৰসাদ গুপ্তাই। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহয় বুলি জানিবলৈ দি তেওঁ কয় যে এই প্ৰতিবেদন আদালতত দাখিল কৰা হ’ব।
- অসমত দীপাৱলীৰ সময়ত ফটাকা বিক্ৰীত নিষেধাজ্ঞাৰ দাবী আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তিনিচুকীয়া জিলা সমিতি আৰু সদৌ অসম হিন্দু ছাত্ৰসন্থাৰ। অসম চৰকাৰ আৰু তিনিচুকীয়া জিলা প্ৰশাসনক এইক্ষেত্ৰত আবেদন দাখিল সংগঠন দুটাৰ।
- দীপাৱলী উদযাপনক কেন্দ্ৰ কৰি ৰাজ্যত তীব্ৰ বিতৰ্ক। একাংশই জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দেৱালী বৰ্জনৰ আহ্বান জনাইছে। কেইগৰাকীমান মোল্লায়ো দীপাৱলী উদযাপন নকৰিবলৈ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে ঈদ উদযাপন নকৰিবলৈও দাবী জনায়।
- আজি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় ২০২৫-২৬ বৰ্ষৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন। মুঠ ১৮ টা পদত প্ৰতিদ্বন্দ্বিতা কৰিছে ৪৫ গৰাকী প্ৰাৰ্থীয়ে। পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় ভোট গ্ৰহণ প্ৰক্ৰিয়া। কালিলৈ অনুষ্ঠিত হ’ব ভোটগণনা।
- যোৰহাট সদৰ থানাত অভিযুক্তৰ ৰহস্যজনক মৃত্যু। এই সন্দৰ্ভত গোচৰ পঞ্জীয়ন কৰা হৈছে ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে। চুৰিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা যুৱকজনে শৌচাগাৰত চৰমপন্থা লোৱাৰ অভিযোগ।
- দ্বিতীয় টেষ্টৰ দ্বিতীয় ইনিংছত কিছু উন্নত প্ৰদৰ্শন ৱেষ্ট ইণ্ডিজৰ। দুজনকৈ খেলুৱৈৰ শতকৰ সহায়ত ৩৯০ ৰাণ সংগ্ৰহ কৰে কেৰিবিয়ান দলটোৱে। অৱশ্যে ভাৰতক এতিয়া জয়ৰ বাবে মাত্ৰ ৫৮ ৰাণৰহে প্ৰয়োজন।