ক্ৰয় কৰাৰ পাছতে ক’লা পৰি যায় নেকি? এই সহজ উপায়ৰ দ্বাৰা দীৰ্ঘদিনলৈ সতেজ ৰাখক শাক-পাচলি…
Vegetables: শীতকালত বিভিন্ন ধৰণৰ শাক-পাচলি ওলায়। শাক-পাচলি খোৱা স্বাস্থ্যৰ বাবে ভাল। কিন্তু সদায় বজাৰত গৈ শাক-পাচলি কৰা সহজ নহয়। তেনেস্থলত আপুনি শাক-পাচলি কেইটামান বিশেষ উপায়ে জমা কৰিব পাৰে।
শীতকাল পৰিছে। এই সময়চোৱাত বজাৰ বিভিন্ন ধৰণৰ শাক-পাচলিৰে ভৰি পৰে। স্বাস্থ্যৰ বাবেও ভাল শাক-পাচলি। বিভিন্ন শাক-পাচলিৰ ভিতৰত কচু, মেথি, সৰিয়হ, পালেং, ধনীয়া আদি অন্যতম। কিন্তু সদায় বজাৰলৈ গৈ শাক-পাচলি ক্ৰয় কৰা সম্ভৱ নহয়। তেনে ক্ষেত্ৰত কিছুমান সহজ উপায়ে শাক-পাচলি ঘৰত সংৰক্ষণ কৰি ৰাখিব পাৰে।
শাক-পাচলি ফ্ৰীজত বা বাহিৰত থ’লে কিছু সময়ৰ ভিতৰতে মৰহি ক’লা পৰিবলৈ আৰম্ভ কৰে। ইয়াৰ মূল কাৰণ সংৰক্ষণৰ ধৰণ। উচিত উপায়ৰ দ্বাৰা ২ দিন পৰ্যন্ত শাক-পাচলি সংৰক্ষণ কৰি ৰাখিব পাৰে।
প্ৰথম উপায়
বেছিভাগে শাক-পাচলি ক্ৰয় কৰাৰ পাছত ধুই সেইবোৰ ফ্ৰীজত ৰাখে। কিন্তু ইয়াৰ ফলত পাতবোৰত আৰ্দ্ৰতা থাকে, যাৰ বাবে পাতবোৰ সোনকালে মৰহি যায়। ইয়াৰ সলনি প্ৰথমে বাতৰি কাকত বা কপাহী কাপোৰত শাক-পাচলিবোৰ ৰাখিব, পাছত ১০-১৫ মিনিট শুকুৱাই ল’ব। পাছত সংৰক্ষণ কৰিব।
কাগজ বা কাপোৰ
শুকোৱাৰ পাছত শুকান কাপোৰ বা কাগজৰ দ্বাৰা মেৰিয়াই ল’ব। ইয়াৰ ফলত অতিৰিক্ত আৰ্দ্ৰতা আঁতৰ হ’ব। ধনীয়া, পদিনা, মেথিৰ বাবে এই পদ্ধতি বিশেষভাৱে ফলপ্ৰসূ।
পাত্ৰ
শাক-পাচলি প্লাষ্টিকৰ মোনাত ৰাখিলে তাত বায়ু চলাচল কৰিব নোৱাৰে। ইয়াৰ ফলত বেয়া হৈ যাব পাৰে। ইয়াৰ বাবে ফুটা থকা পাত্ৰত ৰাখিব লাগে। এনেকৈ ৰাখিলে ১-২ দিন শাক-পাচলি ভালে থাকে।
কচু আৰু সৰিয়হ
প্ৰতিটো পাতৰ শাক-পাচলিৰ টেক্সচাৰ আৰু আৰ্দ্ৰতাৰ মাত্ৰা বেলেগ বেলেগ। গতিকে কচু, সৰিয়হ, কচু আদি শাক-পাচলি একেলগে ৰাখিব নালাগে। বেলেগ বেলেগৰৈ ৰাখিব লাগে। ইয়াৰোপৰি ফ্ৰীজৰ তলত খকা বাকচোত শাক-পাচলি ৰাখিব পাৰে। ইয়াত ২-৩ দিন পৰ্যন্ত ভালে থাকে।
পানী
ধনীয়া বা পদিনা পাত সতেজ কৰি ৰখাৰ এটা উপায় হ’ল পানী। ইয়াৰ বাবে শিপা নকটাকৈ পানীৰে পৰা ভৰা গিলাচত তিয়াই থব। ইয়াৰ ফলত পাতবোৰ মৰহি নাযায় আৰু ভালে থাকে।
অন্য খবৰ পঢ়কঃ কৰ্কট ৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানক চিকিৎসকৰ পৰা…