13 Nov 2025
TV9 ASSAM
আমলখি এক প্ৰকাৰৰ ফল। কিন্তু ইয়াৰ বহু উপকাৰী গুণ আছে। ইয়াক চুপাৰফুড বুলি কোৱা হয়। আয়ুৰ্বেদত ইয়াৰ বিশেষ উপকাৰিতাৰ বিষয়ে উল্লেখ আছে।
আমলখি আপুনি প্ৰতিদিনে এটাকৈ খাব পাৰে। মাত্ৰ কেইটামান দিনৰ ভিতৰতে ইয়াৰ পৰিণাম দেখিব। ই বিভিন্ন প্ৰকাৰৰ ৰোগৰ বাবে ফলপ্ৰসূ।
আমলখিত ভিটামিন চি থাকে। যাৰ বাবে ই শৰীৰৰ ইমিউন চিষ্টেম মজবুত কৰাৰ কাম কৰে। চৰ্দি-জ্বৰ আদি সংক্ৰমণৰ পৰা শৰীৰক ৰক্ষা কৰাত ই সহায় কৰে।
আমলখিয়ে হজম শক্তি ভাল কৰে। প্ৰতিদিনে এটা আমলখি খালে কৌষ্ঠকাঠিন্য, এছিডিটি আজি সমস্যাৰ পৰা সকাহ পোৱা যায়। গতিকে হজম ভাল কৰিবলৈ আমলখি খাব পাৰে।
আমলখিত এন্টিঅক্সিডেন্টছ আৰু পটেছিয়াম থাকে। ই বেয়া কলেষ্টেৰল কম কৰাত সহায় কৰে। লগতে হৃদযন্ত্ৰৰ বাবে ভাল। হাৰ্ট এটেকৰ আশংকা কম কৰিবলৈ আমলখি খাব পাৰে।
আমলখিত থকা ক্ৰোমিয়াম আৰু ছাল্যুবল ফাইবাৰ ইনচুলিনৰ বাবে সহায়ক হয়। ই ব্লাড চুগাৰ নিয়ন্ত্ৰণ ৰাখে। গতিকে ডায়েবেটিছৰ ক্ষেত্ৰত আমলখি ভাল।
ছাল আৰু চুলিৰ স্বাস্থ্যৰ বাবে আমলখি ভাল। আমলখিয়ে কলেজনৰ উৎপাদন বৃদ্ধি কৰে। ই ছাল ধুনীয়া আৰু চুলি মজবুত কৰাত সহায় কৰে। গতিকে আমলখি খাব পাৰে।
পঢ়িবলৈ ক্লিক কৰক