শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
দিল্লী বিস্ফোৰণৰ পূৰ্বে কেনেকৈ বাহন ক্ৰয় কৰিছিল ডাঃ ওমৰে?

দিল্লী বিস্ফোৰণৰ পূৰ্বে কেনেকৈ বাহন ক্ৰয় কৰিছিল ডাঃ ওমৰে?

raj-saikia
Raj Saikia | Published: 12 Nov 2025 20:14 PM

অনন্তনাগত থকা সময়ছোৱাতে ডাঃ ওমৰ নবীৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিছিল ডাঃ আদিলে। আদিল গ্ৰেপ্তাৰ হোৱাৰ পিছত ডাঃ ওমৰৰ সন্ধান আৰম্ভ হ’ল। কিন্তু তেতিয়ালৈকে ওমৰে আত্মগোপন কৰে। বিস্ফোৰণ সংঘটিত হোৱা বাহনখন বদৰপুৰ সীমান্তৰে দিল্লীত প্ৰৱেশ কৰা বুলিও জানিব পাৰিছে তদন্তকাৰীয়ে।

দিল্লী বিস্ফোৰণৰ অভিশপ্ত মুহূৰ্তটোৰ কেইঘণ্টামান পূৰ্বে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ফৰিদাবাদৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী। ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে এই ঘটনা সন্দৰ্ভত। তেওঁলোকৰ ভিতৰত অধিক সংখ্যক আছিল ডাক্তৰ। ইফালে ‘আত্মঘাতী বোমাৰু’ বুলি সন্দেহ কৰা ওমৰ নবীও আছিল পেছাত চিকিৎসক। ইয়াৰ মাজতেই তদন্তকাৰীৰ হাতলৈ আহিছে চাঞ্চল্যকৰ তথ্য। চাহাৰাণপুৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ডাক্তৰ আদিলে বাস কৰিছিল অনন্তনাগত।

অনন্তনাগত থকা সময়ছোৱাতে ডাঃ ওমৰ নবীৰ সৈতে সুসম্পৰ্ক গঢ়ি তুলিছিল ডাঃ আদিলে। আদিল গ্ৰেপ্তাৰ হোৱাৰ পিছত ডাঃ ওমৰৰ সন্ধান আৰম্ভ হ’ল। কিন্তু তেতিয়ালৈকে ওমৰে আত্মগোপন কৰে। বিস্ফোৰণ সংঘটিত হোৱা বাহনখন বদৰপুৰ সীমান্তৰে দিল্লীত প্ৰৱেশ কৰা বুলিও জানিব পাৰিছে তদন্তকাৰীয়ে।

কেইবাজনো মানুহৰ হাত বাগৰি ওমৰৰ হাতলৈ আহিছিল ৰহস্য হৈ পৰা গাড়ীখন। তাৰিক নামৰ এজন লোকে গাড়ীখন কিনি বিক্ৰী কৰে ওমৰক। গাড়ী ব্যৱসায়ী হিচাপে কাম কৰিছিল তাৰিকে। তেওঁৰ মূল কাম আছিল পুৰণি গাড়ী কিনি নতুন মডেল বনাই বিক্ৰী কৰা।

তাৰিকে পুলৱামাত আমিৰ ৰছিদৰ লগত বন্ধুত্ব গঢ়ি তুলিছিল। তদন্তকাৰীয়ে জানিব পাৰিছে যে আমিৰ ৰছিদে প্লাম্বাৰ হিচাপে কাম কৰিছিল যদিও আগতে তাৰিকক তেওঁৰ কামত সহায় কৰিছিল।