শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
দিল্লী বিস্ফোৰণৰ পৰা ধৰ্মেন্দ্ৰৰ আৰোগ্যলৈ দিনটোৰ শীৰ্ষ খবৰ...

দিল্লী বিস্ফোৰণৰ পৰা ধৰ্মেন্দ্ৰৰ আৰোগ্যলৈ দিনটোৰ শীৰ্ষ খবৰ…

barasha-sarma
Barasha Sarma | Published: 12 Nov 2025 22:26 PM

Top9 News: আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বহু ঘটনা সংঘটিত হয়। দিল্লী বিস্ফোৰণৰ ঘটনাৰ পাছতে আজি ভূটানৰ পৰা উভতি আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পাছত পোনে পোনে যায় হাস্পাতাললৈ।

আজি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা উভতি আহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তাৰ পাছত তেওঁ পোনে পোনে হাস্পাতাললৈ গৈ দিল্লী বোমা বিস্ফোৰণত আহতসকলক দেখা কৰে। উল্লেখ্য যে, সোমবাৰে সন্ধিয়া দিল্লীৰ বোমা বিস্ফোৰণৰ ঘটনাত ৯ জন লোক নিহত আৰু কেইবাজনো আহত হয়।

ইফালে দিল্লীৰ বিস্ফোৰণৰ ঘটনা সংক্ৰান্তত অসমত কেইবাজনো লোক গ্ৰেপ্তাৰ হৈছে। এই লোককেইজনে দিল্লীৰ ঘটনাক সমৰ্থন কৰি সামাজিক মাধ্যমত পোষ্ট কৰিছিল। ইয়াৰোপৰি মহিলা উদ্যমিতা আঁচনি সন্দৰ্ভত কংগ্ৰেছে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আজি শিলসাঁকোত পুনৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উচ্ছেেদিতসকলে গৃহ নিৰ্মাণ কৰে। যাৰ পাছত আৰক্ষী-প্ৰশাসনৰ লোকে সেই স্থানত উপস্থিত হৈ কেইবাজনক আটক কৰি লৈ যায়। উল্লেখ্য যে, এই লোকসকলে বছৰ বছৰ ধৰি পুনৰ সংস্থাপনৰ দাবী জনাই আহিছে।

 

সবিশেষৰ বাবে চাওক ভিডিঅ’…